Scam in PMAY: ঘিলাগুৰি গাঁও পঞ্চায়তত ৰাইজে আৱদ্ধ কৰিলে সভানেত্ৰী-সচিবক

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:35 PM IST

thumbnail

বঙাইগাঁও, ৪ অক্টোবৰ: বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ঘিলাগুৰি গাঁও পঞ্চায়তত প্ৰধামন্ত্ৰী গৃহ আবণ্টন আঁচনিৰ নামত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপিত হৈছে । ইয়াকে লৈ বুধবাৰে ঘিলাগুৰি গাঁও পঞ্চায়তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । স্থানীয় ৰাইজে পঞ্চায়ত কাৰ্যালয়তে আৱদ্ধ কৰি ৰাখিলে পঞ্চায়ত সভানেত্ৰী জয়ন্তী বালা মণ্ডল আৰু সচিব সুৰেন্দ্ৰ মোহন দাসক ।

স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে পঞ্চায়ত সভানেত্ৰী আৰু সচিবক টকা নিদিলে ঘৰৰ তালিকাত নাম অন্তৰ্ভুক্ত নকৰে । জিলাখনৰ ঘিলাগুৰি গাঁও পঞ্চায়ত কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিলে একাংশ ক্ষুব্ধ লোকে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনত হিতাধিকাৰীৰ পৰা ২০০০/৩০০০ টকা পঞ্চায়ত সভানেত্ৰী আৰু সচিবে আদায় কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভগীসকলে । উপায়ন্তৰ হৈ ৰাইজে পঞ্চায়ত কাৰ্যালয়তে আৱদ্ধ কৰি ৰাখিলে পঞ্চায়ত সভানেত্ৰী আৰু পঞ্চায়ত সচিবক । পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক:Lahimpur freedom fighter: শতবর্ষ গৰকা লখিমপুৰৰ মুক্তিযোদ্ধা স্নেহলতা মজুমদাৰৰ বিয়োগ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.