ETV Bharat / state

দুদিনীয়া কাৰ্যসূচীৰে বিহালীত আয়োজন অভিৰুচি ক্ৰীড়া দিৱস

author img

By

Published : Sep 3, 2022, 10:31 PM IST

Abhiruchi Sports Day organized at behali
দুদিনীয়া কাৰ্যসূচীৰে বিহালীত আয়োজন অভিৰুচি ক্ৰীড়া দিৱস

শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বিহালী সমষ্টিৰ অন্যতম সামাজিক অনুষ্ঠান উদ্দীপ্ত চ’ৰাৰ উদ্যোগত আয়োজন কৰ হয় অভিৰুচি ক্ৰীড়া দিৱস (Abhiruchi Sports Day organized at behali)৷ অভিৰুচি ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি বহু প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷

বিহালী, ৩ ছেপ্টেম্বৰ : আজি অভিৰুচি ক্ৰীড়া দিৱস (Abhiruchi Sports Day 2022) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিহালী সমষ্টিৰ অন্যতম সামাজিক অনুষ্ঠান উদ্দীপ্ত চ’ৰাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয় (Abhiruchi Sports Day organized at behali) ৷

দুদিনীয়া কাৰ্যসূচীৰে বিহালীত আয়োজন অভিৰুচি ক্ৰীড়া দিৱস

২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই দিৱসৰ শনিবাৰে সফল সামৰণি পৰে ৷ উল্লেখ্য যে, শুকুৰবাৰে পুৱা প্ৰায় ৬ বজাত আৰম্ভ কৰা হয় ধৰ্মেশ্বৰ বৰা সোঁৱৰণী হাফ মাৰাথান দৌৰ প্ৰতিযোগিতা ৷ এই প্ৰতিযোগিতাত প্ৰায় তিনিশ প্ৰতিযোগিতা অংশ গ্ৰহণ কৰে ৷ ইয়াৰ পাচতে ভাৰোত্তোলন আৰু ডিচকাচ থ্ৰ' প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

শনিবাৰে পুৱা উদ্দীপ্ত চ’ৰাৰ সভাপতি জয়ন্ত বৰাই উদ্দীপ্ত চ’ৰাৰ পতাকা উত্তোলন কৰাৰ পাচতে মিনি, ছাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত জিলাখনৰ প্ৰায় পাঁচ শতাধিক প্ৰতিযোগীৰ অংশ গ্ৰহণৰে এথলেটিকছ প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিযোগিতাৰ অন্তত বেদেতী চাহ বাগিচা খেল পথাৰত বঁটা বিতৰণ তথা সম্বৰ্দ্ধনা সভাও অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক : বাইছুং ভূটীয়াক পৰাস্ত কৰি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতিৰ আসনত কল্যাণ চৌবে

উক্ত সভাত ক্ৰীড়াৰ ক্ষেত্ৰখনলৈ বিশেষ আৱদান আগবঢ়োৱা তেজপুৰৰ বিশিষ্ট ভলীবল খেলুৱৈ ৰাজেন ভূঞা আৰু বিহালী বৰাজুলীৰ বিশিষ্ট সমাজকৰ্মী গনেশ বৰাক সম্বৰ্দ্ধনা জনোৱা হয় । দীপক শৰ্মা আৰু জয়ন্ত বৰাই আঁত ধৰা আনুষ্ঠাত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই ।

আমন্ত্ৰিত আতিথি হিচাপে সভাত উপস্থিত থাকে ঘাঁহিগাঁও ক্ৰীড়া সন্থাৰ সভাপতি সিদ্ধেশ্বৰ হাজৰিকা, কৃতি গোস্বামী, দত্তদেৱ শৰ্মা । এই ক্ৰীড়া দিৱসটি সফল কৰাৰ ক্ষেত্ৰত বিজয় কুমাৰ লিম্বু, উমা বৰা, জ্যোতি বৰা, কৰ্নেশ্বৰ লাহন, নিপেন কটকী, দিলীপ বৰা, পল বৰা, প্ৰবীণ আগৰৱালা প্ৰমুখ্যে কৰি বহুজন ব্যক্তিয়ে সহযোগ আগবঢ়ায় ।

লগতে পঢ়ক : বৰমাত অভিৰুচি ক্ৰীড়া দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.