ETV Bharat / state

বৰমাত অভিৰুচি ক্ৰীড়া দিৱস পালন

author img

By

Published : Sep 3, 2022, 7:58 PM IST

Sports day
বাক্সাত অভিৰুচি ক্ৰীড়া দিৱস পালন

অসমৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় । বৰমাৰ এম্পায়াৰ একাডেমীতো এই দিৱসৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷

বাক্সা,৩ ছেপ্টেম্বৰ : প্ৰতিবছৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো ৰাজ্যজুৰি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় (Abhiruchi sports day in Assam)। সেই অনুসৰি আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হৈছে । বাকী জিলাসমূহৰ দৰে বাক্সা জিলাৰো ভিন্ন প্ৰান্তত এই দিৱস পালন কৰা হৈছে ।

বাক্সাত অভিৰুচি ক্ৰীড়া দিৱস পালন

বৰমাৰ এম্পায়াৰ একাডেমীতো এই দিৱসৰ লগত সংগতি ৰাখি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে (Abhiruchi sports day observed in Baksa)। স্বপন কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বড়োলেণ্ড বাৰ্তালোচনীৰ মুখ্য সম্পাদক ৰজনী ৰবজৌৱাৰী, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বি এইচ বি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ ফনীধৰ তালুকদাৰ আৰু এম্পায়াৰ একাডেমীৰ অধ্যক্ষ বিদ্যাসাগৰ ৰামছিয়াৰী ।

লগতে বিশিষ্ট সাংবাদিক দিলীপ কুমাৰ হালৈ, বি কে ভাণ্ডাৰী এম ই স্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বসন্ত বৰ্মন আৰু শিক্ষয়িত্ৰী ৰীমা শৰ্মা এই কাৰ্যসূচীত উপস্থিত থাকে ৷ এই অনুষ্ঠানতে বৃহত্তৰ বৰমা অঞ্চলৰ ক্ৰীড়া সংগঠক, ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰা খেলুৱৈ আৰু ৰাজ্যিক পৰ্যায়ত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই অনা খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :Abhiruchi Krira Divas: শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.