ETV Bharat / state

Abhiruchi Krira Divas: শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

author img

By

Published : Sep 3, 2022, 10:04 AM IST

Updated : Sep 3, 2022, 12:12 PM IST

আজি শিৱসাগৰৰ বিভিন্ন ক্ৰীড়া সংস্থাৰ উদ্যোগত শিৱসাগৰ নগৰৰ স্থানীয় ৰংপুৰজ্যোতি ক্লাবত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উদযাপন কৰা হয় (Abhiruchi Krira Divas observed in Sivasagar) । পুৱা পতাকা উত্তোলনৰ লগতে অভিৰুচি ক্ৰীড়া শিখা প্ৰজ্জ্বালনৰ পিছত এক সামূহিক দৌৰৰ আয়োজন কৰা হয় । শিৱসাগৰ ক্ৰীড়া সংস্থাকে ধৰি বিভিন্ন ক্ৰীড়া অনুষ্ঠানে অংশগ্ৰহণ কৰা আজিৰ অভিৰুচি ক্ৰীড়া দিৱসত উপস্থিত থাকে অসম গৌৰৱ অৰ্জুন ভোগেশ্বৰ বৰুৱা ।

Abhiruchi
Abhiruchi

শিৱসাগৰ, ৩ ছেপ্টেম্বৰ : আজি ৩ ছেপ্টেম্বৰ । অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন (Abhiruchi Krira Divas observed in Assam) । এসময়ৰ অসমৰ আগশাৰীৰ ক্ৰীড়া আলোচনী 'অভিৰুচি'য়ে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈগৰাকীৰ জন্মদিনটো 'অভিৰুচি ক্ৰীড়া' দিৱসৰূপে পোন প্ৰথমে পালন কৰিছিল । তাৰ পিছৰে পৰাই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো সৰ্বস্তৰতে অভিৰুচি ক্ৰীড়া দিৱস হিচাবে পালন কৰি অহা হৈছে ।

সমগ্ৰ অসমৰ লগতে আজি শিৱসাগৰৰ বিভিন্ন ক্ৰীড়া সংস্থাৰ উদ্যোগত শিৱসাগৰ নগৰৰ স্থানীয় ৰংপুৰজ্যোতি ক্লাবত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উদযাপন কৰা হয় (Abhiruchi Krira Divas Divas observed in Sivasagar) । পুৱা পতাকা উত্তোলনৰ লগতে অভিৰুচি ক্ৰীড়া শিখা প্ৰজ্জ্বালনৰ পিছত এক সামূহিক দৌৰৰ আয়োজন কৰা হয় । শিৱসাগৰ ক্ৰীড়া সংস্থাকে ধৰি বিভিন্ন ক্ৰীড়া অনুষ্ঠানে অংশগ্ৰহণ কৰা আজিৰ অভিৰুচি ক্ৰীড়া দিৱসত উপস্থিত থাকে অসম গৌৰৱ অৰ্জুন ভোগেশ্বৰ বৰুৱা ।

শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

উল্লেখ্য, ভোগেশ্বৰ বৰুৱাৰ জন্ম ৩ ছেপ্টেম্বৰ, ১৯৪০ চনত (Indian former athlete and coach Bhogeswar Baruah) । ১৯৬৬ চনৰ এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী অসমীয়া হিচাবে ইতিহাসৰ পৃষ্ঠাত নাম খোদিত কৰায় । তেওঁ ১৯৭০ চনৰ এছিয়ান গেমছত ৪x৪০০ মিটাৰ ৰিলেত ৰূপৰ পদকো জয় কৰিছিল । ভোগেশ্বৰ বৰুৱা হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া (First Assamese Arjuna awardee Bhogeswar Baruah) ।

ভোগেশ্বৰ বৰুৱা এজন কৃষক পৰিয়ালৰ সন্তান । শিৱসাগৰত ডাঙৰ-দীঘল হোৱা ভোগেশ্বৰ বৰুৱাৰ পৰিয়ালটো অতি দৰিদ্ৰ আছিল । ভোগেশ্বৰ বৰুৱাৰ সৰুৰে পৰা ক্ৰীড়াৰ প্ৰতি বিশেষ অনুৰাগ আছিল । বিশেষকৈ তেওঁ ফুটবল খেল অতি ভাল পাইছিল । তেওঁ 1960 চনত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীত যোগদান কৰে (Bhogeswar Baruah joined Indian Defence Force in 1960) । তাতেই তেওঁ ফুটবলৰ সলনি দৌৰত মনোনিবেশ কৰে ।

সেনাবাহিনীত যোগদান কৰাৰ কিছুদিন পিছতে ভোগেশ্বৰ বৰুৱাই তেওঁৰ দৌৰৰ প্ৰাৰম্ভিক কেৰিয়াৰ আৰম্ভ কৰে । তেওঁ কেইবাটাও দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসংখ্য ইভেণ্টত স্বৰ্ণ জয় কৰিছিল । 1965 চনত বাংগালোৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত (National Athletics Competition) তেওঁ 1 মিনিট 49.9 ছেকেণ্ডত 800 মিটাৰ দৌৰ সমাপ্ত কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে । ১৯৬৬ চনৰ এছিয়ান গেমছত তেওঁ ১ মিনিট ৪৯.৪ ছেকেণ্ডত ৮০০ মিটাৰ দৌৰি স্বৰ্ণ জয় কৰে । যিটো আছিল এছিয়াৰ এক নতুন অভিলেখ (Bhogeswar Baruah set new Asian record in 1966) । আনহাতে, 1970 চনৰ এছিয়ান গেমছত তেওঁ 4x400 মিটাৰ ৰিলেত ৰূপৰ পদক জয় কৰিছিল ।

ভোগেশ্বৰ বৰুৱাৰ দৃষ্টিত ১৯৮৬ চনত মিলখা সিঙে তেওঁৰ সন্দৰ্ভত কৰা প্ৰশংসা সৰ্বশ্ৰেষ্ঠ প্ৰশংসা বুলি বিবেচনা কৰে (Milkha Singh compliment to Bhogeswar Baruah) । মিলখা সিঙে কৈছিল, "আপুনি বহু ভাগ্যৱান । মোক উৰন্ত শিখ বুলি কোৱা হয়, কিন্তু মোৰ সন্দেহ যে মোৰ চুবুৰীয়াসকলেও হয়তো নাজানে মোৰ জন্মদিন কেতিয়া । আৰু ইয়াত অসমত, আপোনাৰ জন্মদিন ইমান জাকজমকতাৰে উদযাপন কৰা হয় । মই আপোনাক সঁচাকৈয়ে ঈৰ্ষা কৰোঁ ।"

২০২১ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Chief Minister Himanta Biswa Sarma) চৰকাৰে ঘোষণা কৰে যে ভোগেশ্বৰ বৰুৱাৰ জন্মদিন অসমত ক্ৰীড়া দিৱস হিচাপে পালন কৰা হ'ব (Bhogeswar Baruah Birthday celebrated as sports day)। 3 ছেপ্টেম্বৰ, 2021 তাৰিখে ক্ৰীড়া পেঞ্চন বঁটা প্ৰদান অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে পেঞ্চন অনুমোদন-পত্ৰ প্ৰদান কৰা 13 জন ব্যক্তিৰ ভিতৰত ভোগেশ্বৰ বৰুৱা আছিল অন্যতম । মুখ্যমন্ত্ৰীৰ ভাষাত, ভোগেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতিত্বই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব ।

ভোগেশ্বৰ বৰুৱাই নিজৰ কেৰিয়াৰত লাভ কৰিছে অসংখ্য বঁটা তথা সন্মান । ইয়াৰে ভিতৰত ১৯৬৬ চনত অৰ্জুন বঁটা, ২০১৫ চনত লাচিত বঁটা আৰু২০১৯ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰা বীৰ চিলাৰায় বঁটা উল্লেখনীয় ।

অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে আজি ৰংপুৰজ্যোতি ক্লাবত কেক কাটি অসম গৌৰৱ অৰ্জুনগৰাকীয়ে নিজৰ মনৰ ভাব প্ৰকাশ কৰে ।

লগতে পঢ়ক :Azadi ka Amrit Mahotsav: অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জীৱন আৰু কীৰ্তি

Last Updated : Sep 3, 2022, 12:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.