ETV Bharat / bharat

বাইছুং ভূটীয়াক পৰাস্ত কৰি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতিৰ আসনত কল্যাণ চৌবে

author img

By

Published : Sep 2, 2022, 4:12 PM IST

বাইছুং ভুটীয়াক পৰাস্ত কৰি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ(All India Football Federation) সভাপতিৰ পদত অধিস্থিত হ’ল প্ৰাক্তন ফুটবলাৰ তথা বিজপি নেতা কল্যান চৌবে ৷ ৪৫ বছৰীয়া চৌবেই প্ৰাক্তন অধিনায়ক ভুটীয়াক 31-1 ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷

All India Football Federation
সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ সভাপতিৰ আসনত কল্যাণ চৌবে

নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ: সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শুকুৰবাৰে ঘোষণা কৰা হ’ল সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ(All India Football Federation) সভাপতি পদৰ ফলাফল(AIFF elects new president) ৷ ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইছুং ভুটীয়াক পৰাস্ত কৰি সভাপতিৰ পদত অধিস্থিত হ’ল প্ৰাক্তন ফুটবলাৰ তথা বিজপি নেতা কল্যান চৌবে (Kalyan Chaubey new AIFF President)৷

ভাৰতীয় ফুটবল ফেডাৰেচনৰ 85 বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এজন প্ৰাক্তন খেলুৱৈক সভাপতি হিচাবে নিৰ্বাচিত হ’ল ৷ প্ৰাক্তন গ'লকীপাৰ ৪৫ বছৰীয়া চৌবেই প্ৰাক্তন অধিনায়ক ভুটীয়াক(Bhaichung Bhutia) 31-1 ভোটৰ ব্যৱধানত পৰাস্ত কৰে ৷

উল্লেখ্য যে, শেহতীয়া লোকসভা নিৰ্বাচনত পশ্চিম বংগৰ কৃষ্ণনগৰ আসনৰ বাবে কল্যান চৌবে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও পৰাস্ত হৈছিল ৷ ইয়াৰ পাছৰে পৰা ভাৰতীয় ফু়টবল দলৰ জ্যেষ্ঠ দলৰ সৈতে চৌবে জড়িত নাছিল যদিও বয়স-গোটৰ আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল ৷

লগতে পঢ়ক: অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত আমনিৰ হকী ষ্টেডিয়াম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.