ETV Bharat / state

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 11, 2021, 3:00 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি
তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

নতুন পাঁচগৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱালে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে 11 নৱেম্বৰৰ দিনৰ 11 বজাত বিধানসভাৰ মজিয়াত নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কক পাঠ কৰায় শপত বাক্য । পাঁচটা বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ক্ৰমে গোসাঁইগাঁৱৰ জিৰণ বসুমতাৰী (ইউ পি পি এল), ভৱানীপুৰৰ ফণীধৰ তালুকদাৰ (বিজেপি), তামুলপুৰৰ জনেল দৈমাৰী (ইউ পি পি এল), মৰিয়নিৰ ৰূপজ্যোতি কুর্মী (বিজেপি) আৰু থাওৰাৰ সুশান্ত বৰগোঁহায়ে (বিজেপি) আজি বিধায়ক হিচাপে শপত গ্ৰহণ কৰে ।

উপ নিৰ্বাচনৰ ফলাফলে ঘূৰাইছে ৰাজনীতিৰ চকৰি...

ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফলৰ পাছতে দলৰ প্ৰতি আস্থা হেৰুৱাই অগপ দললৈ ঢাপলি মেলিলে বোকাখাত বিধানসভা সমষ্টিৰ ৰজাবাৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী মামনি গাজলুৱে । ৰাজ্যিক মন্ত্ৰী তথা অগপ নেতা অতুল বৰাৰ বাসগৃহত উপস্থিত হৈ অগপ দলত যোগদান কৰে সভানেত্ৰী গাজলুৱে ৷

অৱশেষত আৰম্ভ হৈছে ধুবুৰী-ফুলবাৰী দলঙৰ কাম

অৱশেষত আৰম্ভ হৈছে ধুবুৰী-ফুলবাৰী দলঙৰ কাম । পূৰ্ণগতিত চলিছে soil testing ৰ কামো ৷

এইবাৰ অসমীয়াৰ পৰম্পৰাগত সাজ-পাৰত চকু আদানি গ্ৰুপৰ

বৰঝাৰৰ বিমানবন্দৰ লীজত লৈয়ে আদানি গ্ৰুপে আৰম্ভ কৰিছে মইমতালি ৷ বিমানবন্দৰটোৰ নামক লৈ চলি থকা বিতৰ্কৰ পাছতে এইবাৰ অসমীয়া জীয়ৰী-মহিলাক অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে আদানি গ্ৰুপে । আদানি গ্ৰুপে ড্ৰেছ ক’ডৰ নামত জাৰি কৰিছে কিছুমান অদ্ভূত নিৰ্দেশ ।

শীঘ্ৰে মুকলি হ’ব RBI ৰ নতুন সেৱা

প্ৰধানমন্ত্ৰী মোডীয়ে শুভাৰম্ভ কৰিব RBI ৰ দুখনকৈ নতুন আঁচনিৰ ৷

18 বাৰকৈ প্ৰেমিকাক চুৰিকাঘাত হায়দৰাবাদৰ যুৱকৰ

আন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব খোজাতো সহ্য কৰিব নোৱাৰি প্ৰেমিকাক হত্যাৰ চেষ্টা যুৱকৰ । যুৱকজনে চুৰিৰে 18 বাৰকৈ আক্ৰমণ কৰে প্ৰেমিকাক ৷ সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি ।

ত্ৰিপুৰাত অচিৰে স্থাপন হ’ব সীমান্তৱৰ্তী বজাৰ

ভাৰত আৰু বাংলাদেশৰ মাজত দ্বি-পাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে পুনৰ ত্ৰিপুৰাত স্থাপন হ'ব সীমান্ত বজাৰ । ত্ৰিপুৰাৰ শ্ৰীনগৰ আৰু কমলা সাগৰৰ পাছত এয়া তৃতীয়খন সীমান্ত বজাৰ । প্ৰতি মঙলবাৰে ১১ বজাৰ পৰা দুপৰীয়া ২.৩০ বজালৈ খোলা থাকিব এই বজাৰ ।

COP 26 সন্মিলনত ই-অমৃত প’ৰ্টেল মুকলি ভাৰতৰ

গ্লাছগ’ চহৰত অনুষ্ঠিত হৈ থকা COP 26 সন্মিলনত ই-অমৃত(E-Amrit) ৱেব প’ৰ্টেল মুকলি কৰিলে ভাৰত চৰকাৰে । বৈদ্যুতিক বাহন সম্পৰ্কীয় সকলো তথ্য উপলব্ধ হ'ব প’ৰ্টেলটোত । ইংলেণ্ড-ভাৰতৰ যুটীয়া ৰোডমেপ ২০৩০ ৰ অংশ হিচাপে মুকলি কৰা হৈছে নীতি আয়োগে এই পৰ্টেলটোৰ শুভাৰম্ভণি কৰিছে ।

পাঠশালা নগৰৰ উন্নয়নৰ পৰ্যালোচনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

পাঠশালা পৌৰসভা(Pathsala Municipality)ত উপস্থিত হৈ বহু সমস্যা সন্দৰ্ভত পৌৰসভা বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় বিধায়ক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে(Minister Ranjeet Kumar Das) ৷ বৈঠকত পাঠশালা বাছ আস্থানৰ বাবে সংৰক্ষিত ভূমিত কেনেদৰে স্থায়ী বাছ আস্থান নিৰ্মাণ কৰা হ’ব, নিৰ্মাণৰত পাঠশালা বজাৰ বিল্ডিং আদি সন্দৰ্ভত আলোচনা কৰা হয় ৷

নলবাৰীত নতুনকৈ দিয়া নহয় সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ : জয়ন্ত মল্ল বৰুৱা

নলবাৰীত নতুনকৈ সুৰা বিপণী(Wine Shop)ৰ অনুজ্ঞাপত্ৰ(Licence) দিয়া নহয় । চৰকাৰে যধে-মধে দিয়া সুৰাৰ লাইচেন্সৰ বিৰোধিতা কৰিছে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা(Jayanta Malla Baruah)ই ৷ আনহাতে, বুধবাৰে জিলাখনত ক’ভিড 19(Covid)ত আক্ৰান্ত হৈ মৃত্যু হোৱা কেইবাগৰাকীও লোকৰ পৰিয়ালক সাহায্য হিচাপে এক লাখ টকাৰ চেক প্ৰদান কৰে বিধায়কগৰাকীয়ে । প্ৰাৰ্থনা আঁচনিৰ জৰিয়তে প্ৰথম পৰ্যায়ত 16 টা পৰিয়াললৈ ক’ভিড সাহায্য হিচাপে প্ৰদান কৰা হয় এই চেক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.