ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 2, 2022, 1:00 PM IST

TOP 10 AT 1 PM
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

PM Modi departs for Germany : তিনিদিনীয়া ভ্ৰমণসূচীৰে জাৰ্মানীলৈ প্ৰধানমন্ত্ৰী মোডী

তিনিদিনীয়া ভ্ৰমণসূচী(PM Modi's three day Europe visit) ৰে জাৰ্মানী অভিমুখে ৰাওনা(PM Modi departs for Germany) হৈছে দেশৰ প্ৰধানমন্ত্ৰী ৷ কাৰ্যসূচী অনুসৰি, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে উপস্থিত হ’ব জাৰ্মানীৰ বাৰ্লিনত ৷ তাত মোডীয়ে ভাৰত-জাৰ্মানীৰ মাজত অনুষ্ঠিত হ’বলগীয়া 6th Inter-Governmental Consultations (IGC) ত জাৰ্মানীৰ চেঞ্চেলৰ ওলাফ শ্চ’লজৰ সৈতে অংশগ্ৰহণ কৰিব ৷

National level yoga programme: শিৱসাগৰত যোগ কাৰ্যসূচীত অংশগ্ৰহণ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰত বৃহৎ যোগাভ্যাস কাৰ্যসূচী(National level yoga programme in Sivsagar) ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ উৎসৱৰ কাৰ্যসূচীত উপস্থিত আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Sarbananda Sonowal participates in national level yoga programme) আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

Dharmendra latest news: হাস্পতালৰ পৰা ঘৰলৈ উভতিল ধৰ্মেন্দ্ৰ

বিগত সপ্তাহৰ আৰম্ভণিতে শ্বুটিঙৰ সময়ত পিঠিৰ মাংসপেশীত চাপ অনুভৱ কৰি হাস্পতালত ভৰ্তি হয় অভিনেতা ধৰ্মেন্দ্ৰ ৷ মুম্বাইৰ ব্ৰীচ্ছ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল অভিনেতাজনক (Dharmendra latest news) ৷

ভূ-মাফিয়াৰ আক্ৰমণৰ বলি কংগ্ৰেছৰ সেৱাদলৰ মুখ্য আহ্বায়ক চন্দন বৰুৱা

ভূ-মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ তথা আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ সময়তে মঙলদৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মঙলদৈত ভূ-মাফিয়াৰ আক্ৰমণৰ বলি প্ৰদেশ কংগ্ৰেছৰ সেৱাদলৰ মুখ্য আহ্বায়ক চন্দন বৰুৱা(Land mafia attack Congress leader) । সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা চন্দন বৰুৱাৰ ৷

Eid-al-Fitr 2022 : তিনি মে’ত উদযাপন কৰা হ’ব পবিত্ৰ ঈদ-উল-ফিতৰ

দেওবাৰে দেখা পোৱা নগ’ল ঈদৰ জোন ৷ কেন্দ্ৰীয় হিলাল কমিটীৰ সিদ্ধান্ত অনুসৰি সমগ্ৰ ভাৰতত অহা মঙলবাৰে অৰ্থাৎ 3 মে’ত উদযাপন কৰা হ’ব পবিত্ৰ ঈদ-উল-ফিতৰ ৷

Janhvi Kapoor instagram: ৰেখাৰ বিখ্যাত ইন আখো কি মস্তি গানত নৃত্য কৰিলে জাহ্নৱী কাপুৰে

জাহ্নৱী কাপুৰে ৰেখা অভিনীত উমৰাও জান ছবিখনৰ জনপ্ৰিয় গীত ইন আখো কি মস্তিত নৃত্য কৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে (Janhvi Kapoor instagram) ৷ অভিনেত্ৰী গৰাকীয়ে বৰ্তমান বিভিন্ন প্ৰকাৰৰ নৃত্য শিকি আছে ৷ কৰণ জোহৰৰ নতুন ছবি Takht ৰ বাবে জাহ্নৱীয়ে কথক নৃত্যৰো প্ৰশিক্ষণো গ্ৰহণ কৰি আছে ৷

Spy in Ulfa-I : মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে গুপ্তচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

শেহতীয়াকৈ আলফা স্বাধীনত বহু যুৱক-যুৱতী যোগদান কৰাৰ এক তথ্য পোহৰলৈ আহিছে ৷ এই সন্দৰ্ভত দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Bishwa Sarma reaction regarding ULFA I)।

ভাৰতবর্ষৰ অৰ্থনীতিৰ বিকাশৰ আকাৰ ইংৰাজী K আখৰটোৰ দৰে : প্ৰশান্ত ৰাজগুৰু

ভাৰতবর্ষৰ অৰ্থনীতিৰ বিকাশৰ আকাৰ ইংৰাজী K আখৰটোৰ দৰে (The size of the growth of the Economy of India is similar to the english K letter)৷ ফলত এচাম লোক ধনৱান হৈ যোৱাৰ বিপৰীতে এচাম লোক দৰিদ্ৰৰ পৰা দৰিদ্ৰতৰ হ’ব । শ্ৰমিক দিৱসৰ দিনাই এই মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে ৷

বন্ধনৰ পৰা ঋণ লৈ মহিলাই আৰম্ভ কৰিলে ড্ৰাগছৰ ব্যৱসায়

এটা প্ৰজন্মক শেষ কৰাৰ বাবে যেন বদ্ধপৰিকৰ হৈছে ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক ৷ আৰক্ষীৰ যুদ্ধসৃশ ড্ৰাগছ বিৰোধী অভিযান আৰু এনকাউণ্টাৰেও ৰোধিব পৰা নাই ড্ৰাগছ ব্যৱসায়ীৰ দৌৰাত্ম (Illegal drugs peddling in Assam)৷ নানা কৌশলেৰে ভিন্নজন জড়িত হৈ পৰিছে ড্ৰাগৰ ব্যৱসায়ত, ড্ৰাগছৰ সৰবৰাহত ৷ ক’ৰবাত যদি ঋণ লৈ আৰম্ভ কৰিছে ড্ৰাগছৰ ব্যৱসায় আন কৰ’বাত আকৌ পিতৃ-মাতৃয়ে নিজৰ শিশু সন্তানকো জড়িত কৰাইছে ড্ৰাগছৰ ব্যৱসায়ত ৷ দুটাকৈ ঘটনাই পোহৰলৈ আনিছে ড্ৰাগছ ব্যৱসায়ৰ এখন ভয়ংকৰ ছবি ৷

খুঁটা পোতোতেই মেলিছে ফাঁট; সুকলমে নিৰ্মাণ হ’বনে যোৰহাট-মাজুলী দলং !

মাজুলীত আকৌ অঘটন ৷ নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই যোৰহাট মাজুলী সংযোগী দলঙত মেলিছে চিৰাল ফাঁট (Jorhat Majuli Bridge has cracked) ৷ চিন্তিত এতিয়া মাজুলীবাসী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.