ETV Bharat / state

ভূ-মাফিয়াৰ আক্ৰমণৰ বলি কংগ্ৰেছৰ সেৱাদলৰ মুখ্য আহ্বায়ক চন্দন বৰুৱা

author img

By

Published : May 2, 2022, 9:00 AM IST

ভূ-মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ তথা আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই থকাৰ সময়তে মঙলদৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ মঙলদৈত ভূ-মাফিয়াৰ আক্ৰমণৰ বলি প্ৰদেশ কংগ্ৰেছৰ সেৱাদলৰ মুখ্য আহ্বায়ক চন্দন বৰুৱা(Land mafia attack Congress leader) । সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা চন্দন বৰুৱাৰ ৷

State Congress leader Chandan Baruah was attack by the land mafia
ভূ-মাফিয়াৰ আক্ৰমণৰ বলি কংগ্ৰেছৰ সেৱাদলৰ মুখ্য আহ্বায়ক চন্দন বৰুৱা

মঙলদৈ, 2 মে’ : মঙলদৈত দেওবাৰে ভূ-মাফিয়াৰ আক্ৰমণৰ বলি হয় প্ৰদেশ কংগ্ৰেছৰ সেৱাদলৰ মুখ্য আহ্বায়ক চন্দন বৰুৱা(Congress leader attack by Land Mafia) । ভূ-মাফিয়াৰ দলে কংগ্ৰেছৰ নেতাগৰাকীক হাবিৰ মাজত বান্ধি হত্যাৰ অপচেষ্টাও কৰিছিল ৷ কিন্তু চুবুৰীয়াই এই ঘটনা দেখা পোৱাত সৌভাগ্যক্ৰমে ৰক্ষা পৰে চন্দন বৰুৱা ৷

জানিব পৰা মতে, ভূ-মাফিয়া পুতু দাস আৰু ৰমাকান্ত দাসে হত্যাৰ পৰিকল্পনা কৰিছিল চন্দন বৰুৱাক ৷ চন্দন বৰুৱাই চৰকাৰী মাটি দখল কৰাত বাধা দিয়াত ভূ-মাফিয়াৰ আক্ৰমণৰ বলি হয় ৷ উল্লেখ্য যে, মঙলদৈ চহৰৰ দাঁতিকাষৰীয়া চৰকাৰী ভূমিসমূহ অবৈধভাৱে বিভিন্নজনে দখল কৰি ৰাখিছে ৷ যাৰ ফলত চহৰখনত কোনো চৰকাৰী আঁচনি ৰূপায়ণ কৰিবলৈ মাটিৰ অভাৱ ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান পূৰ্বে দৰং জিলাত ভূমিৰ অভাৱত চিকিৎসা মহাবিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ প্ৰতিষ্ঠা কৰিব পৰা নাই বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল ৷ তেনে সময়তে জিলাখনত কিছুমান ভূ-মাফিয়াই বলেৰে চৰকাৰী ভূমি হস্তগত কৰাৰ চেষ্টা তথ্য পোহৰলৈ আহিছে ৷

চন্দন বৰুৱাই পুতু দাস আৰু ৰমাকান্ত দাসক চৰকাৰী মাটিত কিয় বেৰ দিছে বুলি সোধাৰ পিচতে তেওঁলোকৰ উপৰ্যুপৰি আক্ৰমণৰ বলি হয়(Congress leader opposing land mafia assaulted in Darrang) ৷ পুতু দাস আৰু ৰমাকান্ত দাসে বৰুৱাক ৰচিৰে বান্ধি হাবিৰ মাজত পেলাই হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ৷ কিন্তু ওচৰ চুবুৰীয়াই এই ঘটনা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷

কংগ্ৰেছৰ সেৱাদলৰ মুখ্য আহ্বায়ক চন্দন বৰুৱা

ঘটনাক খবৰ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ চন্দন বৰুৱাক উদ্ধাৰ কৰে ৷ বৰ্তমান চন্দন বৰুৱা মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ আনহাতে বৰ্তমান পলাতক অৱস্থাত আছে ভূ-মাফিয়া পুতু দাস আৰু ৰমাকান্ত দাস ৷ আৰক্ষীয়ে দুয়োজনৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান ৷

লগতে পঢ়ক : খুঁটা পোতোতেই মেলিছে ফাঁট; সুকলমে নিৰ্মাণ হ’বনে যোৰহাট-মাজুলী দলং !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.