ETV Bharat / state

ভাৰতবর্ষৰ অৰ্থনীতিৰ বিকাশৰ আকাৰ ইংৰাজী K আখৰটোৰ দৰে : প্ৰশান্ত ৰাজগুৰু

author img

By

Published : May 1, 2022, 10:53 PM IST

ভাৰতবর্ষৰ অৰ্থনীতিৰ বিকাশৰ আকাৰ ইংৰাজী K আখৰটোৰ দৰে (The size of the growth of the Economy of India is similar to the english K letter)৷ ফলত এচাম লোক ধনৱান হৈ যোৱাৰ বিপৰীতে এচাম লোক দৰিদ্ৰৰ পৰা দৰিদ্ৰতৰ হ’ব । শ্ৰমিক দিৱসৰ দিনাই এই মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে ৷

শ্ৰমিক দিৱস উদযাপন
শ্ৰমিক দিৱস উদযাপন

গুৱাহাটী, ১ মে’ : আজি অৰ্থাৎ দেওবাৰে ৰাজ্যজুৰি পালন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস (International Labour Day 2022) । গুৱাহাটী শোধনাগাৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নেও দ্বাবিংশতম বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি দেওবাৰে উদযাপন কৰা হয় শ্ৰমিক দিৱসৰ কাৰ্যসূচী (International Labour Day 2022 celebrate in Guwahati)৷ সেই অনুসৰি পুৱা ৯:৩০ বজাত ইউনিয়নৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পন কাৰ্যসূচী সমাপন কৰা হয় ৷

তাৰ পাচতে দিনৰ ১১ বজাত আয়োজন কৰা হয় বঁটা বিতৰণি সভা । বিশিষ্ট শ্ৰমিক নেতা বীৰেন কলিতাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা এই সভাত বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী ৰত্নেশ্বৰ বসুমতাৰীক শ্ৰমিক ইউনিয়নটোৰ তৰফৰ পৰা ২০২২ বর্ষৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়ন বঁটা (United workmen union award 2022) প্ৰদান কৰা হয় ।

ভাৰতবর্ষৰ অৰ্থনীতিৰ বিকাশৰ আকাৰ ইংৰাজী K আখৰটোৰ দৰে : প্ৰশান্ত ৰাজগুৰু

এই বঁটাত আছে এখন গামোচা, এখন শৰাই, এটি জাপি, এখন প্ৰশস্তি পত্ৰ আৰু নগদ ৫ হাজাৰ টকাৰ এটা টোপোলা ।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু ৷ তেওঁ নিজৰ ভাষণত কয় যে, ক’ভিডকালীন পৰিস্থিতি তথা যুদ্ধৰ প্ৰভাৱৰ বাবে হ’লেও সমগ্ৰ বিশ্বতে শ্ৰমিক সকল নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হৈছে । ক’ভিড পৰিস্থিতিৰ বাবে দুৰাতিৰ ভিতৰতে দেশে ২৫ কোটি শ্ৰমিকে চাকৰি হেৰুৱাইছে ।

২ কোটি ৫০ লাখ শ্ৰমিক নিবনুৱা হৈ ৰৈছে । বৰ্তমানৰ বিজেপি নেতৃতধীন চৰকাৰখনে আঁচনি আৰু হিতাধিকাৰী সৃষ্টি কৰি শ্ৰমিকৰ সংখ্যা কমাই আনিছে । চৰকাৰৰ এনে নীতিৰ বাবে ভৱিষ্যতে যে, ভাৰতবৰ্ষৰ অৱস্থা বৰ্তমানৰ শ্ৰীলংকা আৰু পাকিস্তানৰ দৰে যে নহ’ব, তাত কোনো সন্দেহ নাই বুলি ব্যক্ত কৰে সাংবাদিক গৰাকীয়ে ।

লগতে পঢ়ক : International Labour Day 2022 : শ্ৰমিকসকললৈ বিশেষ আহ্বান মন্ত্ৰী যোগেন মহনৰ

তেওঁ লগতে কয় যে, দেশত অৰ্থনৈতিক মন্দাৱস্থাৰ ফলৰ নিৰ্মাণ খণ্ডত শ্ৰমিকৰ প্ৰয়োগ কমি গৈছে কাৰণ সামগ্ৰীৰ বৰ্ধিত মূল্যবৃদ্ধিয়ে মানুহক নিৰ্মাণ খণ্ডৰ পৰা আঁতৰি থাকিবলৈ বাধ্য কৰাইছে ৷ অথচ দেশত অধিক শ্ৰমিক কিন্তু এই নিৰ্মাণ খণ্ডৰ লগতেই জড়িত হৈ থাকে ।

সাংবাদিক গৰাকীয়ে লগতে কয় যে, ২০২২ চনৰ আৰম্ভনিতে বিশ্বৰ বিখ্যাত অৰ্থনীতিবিদ সকলে আশংকা কৰিছে যে, ভাৰতবর্ষৰ অৰ্থনীতিৰ যি বিকাশ হ’ব, বিকাশৰ যিটো আকাৰ হ’ব সেই আখৰটো ইংৰাজী K আখৰটোৰ দৰে হ’ব (The size of the growth of the Economy of India is similar to the english K letter)। যাৰ ফলত এচাম লোক ধনবান হৈ যোৱাৰ বিপৰীতে এচাম লোক দৰিদ্ৰৰ পৰা দৰিদ্ৰতৰ হ’ব । ইয়াত মধ্যবিত্ত বুলি কোনো শ্ৰেণী নাথাকিব । এইক্ষেত্ৰত শ্ৰমিক সকল ঐক্যবদ্ধ হোৱা আৰু সংহতিৰ প্ৰয়োজন আছে বুলি দোহাৰে ।

এই অনুষ্ঠানত আন এগৰাকী জ্যেষ্ঠ সাংবাদিক মুনীন বায়নে কয় যে, পুঁজিপতিক বৰপিৰা পাৰি দিয়াৰ স্বাৰ্থত চৰকাৰে কিছুমান শ্ৰম আইন আওপুৰণি বুলি কৈ ইয়াক সংশোধন কৰিছে ৷ ফলত ভাৰতবর্ষৰ শ্ৰমিক সকলক দুৰ্বল হৈ পৰিছে ৷ আনকি বৰ্তমান শ্ৰমৰ বজাৰখনৰ শ্ৰমিক সকলৰ দৰ দামৰ কোনো মূল্য নাই বুলি তেওঁ ব্যক্ত কৰে ।

দেওবাৰৰ এই অনুষ্ঠানত লোকশিল্পী লোকনাথ গোস্বামী, বৃন্দাবন থিয়েটাৰৰ প্ৰয়োজক বংকিম ৰায় মেধি, শ্ৰমিক নেতা ৰাজেশ শৰ্মা, দেৱজিত ভাগৱতী, বিষু সেন আদিকে কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই অনুষ্ঠানতে হীৰা ওৰাং নামৰ এগৰাকী ব্যক্তিক ইউনিয়নৰ তৰফৰ পৰা চিকিৎসাৰ বাবে কিছু এক কালীন সাহাৰ্য প্ৰদান কৰা হয় ।

লগতে পঢ়ক : ৰঙাপৰাত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.