ETV Bharat / state

Spy in Ulfa-I : মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে গুপ্তচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া

author img

By

Published : May 1, 2022, 9:59 PM IST

আলফা স্বাধীনলৈ যুৱক-যুৱতী যোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
আলফা স্বাধীনলৈ যুৱক-যুৱতী যোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

শেহতীয়াকৈ আলফা স্বাধীনত বহু যুৱক-যুৱতী যোগদান কৰাৰ এক তথ্য পোহৰলৈ আহিছে ৷ এই সন্দৰ্ভত দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Bishwa Sarma reaction regarding ULFA I)।

গুৱাহাটী, 1 মে' : শেহতীয়াকৈ আলফা স্বাধীনত যুৱক-যুৱতীৰ যোগদান (Numbers of youth joining in ULFA I) সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ (Himanta Bishwa Sarma reaction regarding ULFA I) কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আলফালৈ কোনোবা যোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিচাপে তেওঁ সমৰ্থন কৰিব নোৱাৰে ।

যিবিলাক ল’ৰা-ছোৱালী যোৱাৰ নাম ওলাইছে তেওঁলোকৰ কোনোবাই নিজৰ কণমানি সন্তানক, কোনোবাই নিজৰ পত্নী নাইবা কোনোবাই নিজৰ বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ গৈছে । সেইটো কেতিয়াও সমৰ্থন কৰিব নোৱাৰো বুলি উল্লেখ কৰি তেওঁ আৰু কয় য়ে, ‘‘মই ভাৱো পৰেশ বৰুৱাই এই কথা গম পালে এটা সিদ্ধান্ত ল'ব’’ ।

লগতে পঢ়ক : New Video of Sanjiv Sarma: গুপ্তচৰ সঞ্জীৱ শৰ্মাৰ নতুন ভিডিঅ' প্ৰকাশ আলফা স্বাধীনৰ

তেওঁ কয় যে. ‘‘এনেদৰে যোৱাসকলৰ ক্ষেত্ৰত পৰিয়ালটোক অন্ধকাৰ ভৱিষ্যতৰ দিশে ঠেলি যোৱা হ'ব । মই ভাৱো আলফাই নিজৰ ফালৰ পৰাই ঘোষণা কৰিব লাগে যে, ঘৰত পত্নী-সন্ত‍ান নাইবা বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ এনেকে যাব নালাগে’’ । আলফাৰ গুপ্তচৰ নাইবা পুলিচৰ গুপ্তচৰ (Police spy in ULFA I) সন্দৰ্ভত মুখ্যমন্ত্ৰী হিচাপে মন্তব্য দিয়াটো উচিত নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে, গুপ্তচৰৰ ব্যৱস্থা এটা থাকে ।

কিন্তু এই ব্যৱস্থাটোৰ লগত মুখ্যমন্ত্ৰীৰ সম্পৰ্ক নাথাকে । আলাপ-আলোচনাৰ পৰিৱেশ এটা আৰম্ভ কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ ব'হাগতে পুনৰ আলফা স্বাধীনক আলোচনালৈ আহি আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান কৰাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক : 2017-19ত আলফাত যোগদান কৰা কিমানজন উভতি আহিল মূল সুঁতিলৈ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.