ETV Bharat / state

2017-19ত আলফাত যোগদান কৰা কিমানজন উভতি আহিল মূল সুঁতিলৈ ?

author img

By

Published : Apr 30, 2022, 6:49 PM IST

শেহতীয়াভাৱে আলফা স্বাধীনত ন ন যুৱকৰ যোগদানে গৃহ বিভাগক উদ্বিগ্ন কৰি তুলিছে । শনিবাৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন নাথে(ADGP of Special Branch Hiren Nath) এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ৷ ২০১৭ চনৰ পৰা ১০১৯লৈ আলফাত যোগদান কৰা যুৱক-যুৱতীৰো তথ্য দাঙি ধৰিলে অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে ৷

ADGP of Special Branch Hiren Nath
2017-19ত আলফাত যোগদান কৰা কিমানজন মূল সুঁতিলৈ উভতি আহিল ?

গুৱাহাটী, ৩০ এপ্ৰিল: যুদ্ধবিৰতি ঘোষণাৰে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা(স্বা:)য়ে শান্তি আলোচনাৰ প্ৰতি সদিচ্ছা প্ৰকাশ কৰাৰ সময়তে সশস্ত্ৰ সংগঠনটোৰ শিবিৰত ধৰা পৰিছে আৰক্ষী-সেনাৰ চোৰাংচোৱা । শেহতীয়াভাৱে আলফা স্বাধীনত ন ন যুৱকৰ যোগদানে গৃহ বিভাগক উদ্বিগ্ন কৰিছে । তেনে সময়তে আলফা (স্বাধীন)য়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বাইহাটাৰ সঞ্জীৱ শৰ্মা নামৰ আৰক্ষীৰ চোৰাংচোৱাগৰাকীৰ দুটাকৈ ভিডিঅ’ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Police spy in ULFA I)।

2017-19ত আলফাত যোগদান কৰা কিমানজন উভতি আহিল মূল সুঁতিলৈ ?

ভিডিঅ’ত যুৱকজনে আৰক্ষী আৰু সেনা বিষয়াই আলফাত যোগদান কৰোৱাইছিল বুলি মন্তব্য কৰিছিল । তদুপৰি আৰক্ষী-অসম ৰাইফলছে শিৱিৰ ধ্বংসৰ লগতে নয়ন অসমক হত্যাৰ নিৰ্দেশ দিছিল বুলি দ্বিতীয়টো ভিডিঅ’ত প্ৰকাশ কৰিছিল গুপ্তচৰ সঞ্জীৱ শৰ্মাই । মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত আৰু ধুনুমণি শইকীয়াৰ নাম লোৱাৰ উপৰিও কেইবাগৰাকী আৰক্ষী বিষয়া, সেনা বিষয়াৰ নাম লৈছে সঞ্জীৱ শৰ্মাই । ইয়াৰ পাছতে সমগ্ৰ ঘটনাটোৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

এই সন্দৰ্ভৰ্ত মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে সকলোৱেই মন্তব্য দিয়াৰ পৰা বিৰত আছে । শনিবাৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেন নাথে(ADGP of Special Branch Hiren Nath) সংবাদ মাধ্যমৰ আগত কয় যে, এই কথাসমূহ একপক্ষীয়ভাৱে চলি আছে ।

পৰ্যালোচনা নোহোৱাকৈ কিছু কথা কোৱা টান বুলি মন্তব্য কৰাৰ লগতে কয় যে চোৰাংচোৱা ব্যৰ্থ নাই হোৱা, যাৰ বাবে আমি খবৰবোৰ পাই আছোঁ । আলফাত যোগদানৰ সম্পৰ্কত তেও কয় যে ২০১৭, ২০১৮ আৰু ১০১৯ বৰ্ষত প্ৰায় ৮০ জনে আলফাত যোগাদান কৰিছিল আৰু প্ৰায় ৪৯ জন আলফাৰ পৰা ঘূৰি আহে (Numbers of youth joining in ULFA I)।

কৰ’ণাৰ বাবে আলফালৈ যোৱাটো কিছু কমিছিল বুলি মন্তব্য কৰি হীৰেন নাথে কয় যে, এইখিনি সময়ত অলপ বেছি গৈছে (Youth joining in ULFA I)। লগতে তেও কয়, আলফাত যোগদান কৰাৰ কিছু খবৰ আগতে আমি গম পোৱা নাছিলোঁ । কিন্তু এতিয়া পৰিয়ালসমূহ সচেতন হৈছে, যাৰ বাবে আমি গম পাইছো । অসমত এতিয়া আলফা আৰু kLO ই (Kamtapur Liberation Organisation) সক্ৰিয়ভাৱে কাম কৰি আছে বুলিও মন্তব্য কৰে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান গৰাকীয়ে ।

লগতে পঢ়ক: ধুবুৰী আৰক্ষীৰ জালত সন্দেহজনক তিনি কেএলঅ’ৰ সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.