ETV Bharat / state

Tensed situation at Kalgasia : কলগাছিয়াত মাটি পেলোৱাক কেন্দ্ৰ কৰি তীব্র উত্তেজনা; দুটা পক্ষৰ মাজত হতাহতি

author img

By

Published : Apr 10, 2023, 11:26 AM IST

মাটি পেলোৱাক কেন্দ্ৰ কৰি বৰপেটা জিলাৰ কলগাছিয়াত দুটা পক্ষৰ মাজত হতাহতিৰ ঘটনা ৷ ঘটনাস্থলীত উপস্থিত কলগাছিয়া আৰক্ষী (Tension over dumping of soil at Kalgasia) ।

Tensed situation at Kalgasia
মাটি পেলোৱাক কেন্দ্ৰ কৰি তীব্র উত্তেজনা

মাটি পেলোৱাক কেন্দ্ৰ কৰি তীব্র উত্তেজনা

জনীয়া, 10 এপ্ৰিল : বৰপেটা জিলাৰ কলগাছিয়াত মাটি পেলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্র উত্তেজনা । বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়াত দেওবাৰে মাজনিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ডাম্পাৰ আগুচি ধৰি মাটি পেলোৱাত বাধা প্ৰদান কৰে একাংশই । উল্লেখ্য যে কলগাছিয়াৰ আমগুৰি গাঁৱৰ আলী আকবৰ আৰু শ্বাহ আলমে ঘৰ প্ৰস্তুত কৰাৰ বাবে ডাম্পাৰেৰে দ ঠাইত মাটি পেলাই আছিল । কিন্তু উক্ত গাঁৱৰে নুৰুল হক, নুৰুল হকৰ পুত্ৰ কদ্দুছ, ইদৃছ আলী আৰু ইৰফানে ডাম্পাৰ ৰখাই মাটি পেলোৱাত বাধা প্ৰদান কৰে বুলি অভিযোগ উত্থাপন কৰে আলী আকবৰ আৰু শ্বাহ আলমে (Tension over dumping of soil at Kalgasia)।

আলী আকবৰে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে যেতিয়াই মাটি পেলাবলৈ আৰম্ভ কৰে তেতিয়াই উল্লেখিত লোককেইজনে মাটি পেলোৱাত বাধা প্ৰদান কৰে । লগতে চৰকাৰী ৰাস্তা তেওঁলোকৰ নিজা মাটি বুলি দাবী কৰি প্ৰতি ডাম্পাৰৰ পৰা ৫০০ টকাকৈ লয় বুলিও কয় আলী আকবৰ আৰু শ্বাহ আলমে ৷ ইয়াৰ পূৰ্বেও ৩০ হাজাৰ টকা লোৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে আলী আকবৰ আৰু শ্বাহ আলমে । পূৰ্বতে এনেকৈ কেইবাবাৰো বাধা প্ৰদান কৰিছিল আৰু আক্ৰমণ কৰিবলৈ যোৱাৰ লগতে হত্যাৰ ভাবুকি দিয়ে বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে আলী আকবৰৰ লগতে শ্বাহ আলমে (Tensed situation over dumping of soil at Kalgasia।

উল্লেখ্য যে দেওবাৰে নিশা মাটি পেলোৱাত বাধা প্ৰদান কৰাৰ লগতে ডাম্পাৰ আৱদ্ধ কৰাৰ পিচত আলী আকবৰ আৰু শ্বাহ আলমে আগুৱাই যোৱাত ইৰফান নামৰ ব্যক্তিজনে আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰে । ইফালে ডাম্পাৰ আৱদ্ধ কৰা লোকসকলে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে । পিছমুহূৰ্তত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় । ভুক্তভোগী পৰিয়ালটোৱে ন্যায় দাবী কৰিছে প্ৰশাসনৰ তৰফৰ পৰা (Kalgasia police station) ৷

লগতে পঢ়ক : KMSS Leader detained: আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.