ETV Bharat / state

Murder in Kalgachia: পাষাণ পিতৃৰ প্ৰহাৰত গুৰুতৰভাৱে আহত পুত্ৰৰ মৃত্যু

author img

By

Published : Oct 26, 2022, 10:43 AM IST

পাষাণ পিতৃৰ প্ৰহাৰত গুৰুতৰভাৱে আহত পুত্ৰৰ মৃত্যু
পাষাণ পিতৃৰ প্ৰহাৰত গুৰুতৰভাৱে আহত পুত্ৰৰ মৃত্যু

নিৰ্দয় পিতৃৰ প্ৰহাৰত গুৰুতৰভাৱে আহত পুত্ৰৰ মৃত্যু(Son murdered by father) । ৰফিকুল ইছলাম নামৰ ব্যক্তিজনে যোৱা ২৩ অক্টোবৰত পত্নীসহ নিজ সন্তানক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল । মঙলবাৰে নিশা চিকিৎসাধীন অৱস্থাতে পুত্ৰ স্বফিকুল ইছলামৰ মৃত্যু হয় ।

জনীয়া,২৬ অক্টোবৰ: নিৰ্দয় পিতৃৰ প্ৰহাৰত গুৰুতৰভাৱে আহত পুত্ৰৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু(Son murdered by father) । এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ । বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱত সংঘটিত হৈছে এই ঘটনা । ২৩ অক্টোবৰৰ মাজনিশা বালিকুৰি এন চি গাঁৱৰ ৰফিকুল ইছলাম নামৰ ব্যক্তিজনৰ বাসগৃহত সংঘটিত হৈছিল এক মাৰপিটৰ ঘটনা(Jania beating case) ।

ৰফিকুল ইছলামৰ কাঠৰ বাটামৰ কোবত পত্নী গুৰুতৰভাৱে আহত হোৱাৰ লগতে দুই পুত্ৰ আৰু কন্যাও গুৰুতৰভাৱে আহত হয় । পিছ মুহূৰ্তত স্থানীয় ৰাইজে ততাতৈয়াকৈ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও তিনিজন ক্ৰমে স্বফিকুল ইছলাম, শফিউৰ ৰহমান আৰু সূৰ্য ভানুৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ(Gauhati Medical College Hospital) প্ৰেৰণ কৰে । কিন্তু দুদিন পিছত পুত্ৰ স্বফিকুল ইছলামে মৃত্যুক আঁকোৱালি লয় ।

পাষাণ পিতৃৰ প্ৰহাৰত গুৰুতৰভাৱে আহত পুত্ৰৰ মৃত্যু

আনহাতে আন দুজনৰ অৱস্থা বৰ্তমানেও অতি সংকটজনক বুলি জানিবলৈ দিয়ে শিশুটিৰ আত্মীয়ই(Son killed in father attack in Kalgachia) । ইতিমধ্যে মৃত স্বফিকুল ইছলামৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি মঙলবাৰে নিশা নিজ বাসভৱনলৈ আনি ধৰ্মীয় ৰীতি নীতিৰে কৱৰস্থ কৰে । ইফালে ঘটনা সংঘটিত কৰাৰ পিছৰে পৰা দানৱৰূপী পিতৃ ৰফিকুল ইছলাম পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে ।

স্থানীয় ৰাইজো ক্ষোভিত হৈ পৰিছে ৰফিকুল ইছলামৰ বিৰুদ্ধে । আনহাতে ৰফিকুল ইছলাম বালিকুৰি এন চি গাঁৱৰ স্থায়ী বাসিন্দা নহয় বুলিও উল্লেখ কৰে অঞ্চলটোৰ ৰাইজে । গতিকে গাঁৱত থাকিলে পুনৰ এনে কাণ্ড সংঘটিত কৰিব পাৰে বুলি উল্লেখ কৰি ৰফিকুলক গাঁৱৰ পৰা বহিস্কাৰৰ দাবী উত্থাপন কৰিছে । এতিয়া আৰক্ষীয়ে দানৱৰূপী পিতৃৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক: Miya museum controversy: মিঞা মিউজিয়াম মুকলি কৰি আটক তনু ধাদুমীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.