ETV Bharat / state

বৰপেটাত দক্ষতা বিকাশৰ এক কৰ্মশালা

author img

By

Published : Dec 23, 2020, 7:21 PM IST

বৰপেটা জিলাত বুধবাৰে অনুষ্ঠিত কৰা হয় দক্ষতা বিকাশৰ এক কৰ্মশালা ৷ কৰ্মশালা খনত শতাধিক নিৱনুৱা যুৱক-যুৱতীক চাকৰি লাভ কৰাৰ লগতে স্ব-নিৰ্ভৰশীল হোৱাৰ বহু কৌশলৰ ওপৰত আলোকপাত কৰা হয় ৷

skill_development_awarnes_programme_at_barpeta
বৰপেটাত দক্ষতা বিকাশৰ কৰ্মশালা

বৰপেটা, ২৩ ডিচেম্বৰ: দেশৰ নিবনুৱা যুৱক-যুৱতী সকলৰ সংস্থাপন আৰু স্ব-নিৰ্ভৰশীল হোৱাৰ লক্ষ্যৰে দেশৰ প্ৰধান মন্ত্ৰীয়ে দক্ষতা বিকাশৰ ওপৰত প্ৰদান কৰি আহিছে বিশেষ গুৰুত্ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগ্ৰহ আৰু বিশেষ তৎপৰতাত অসমতো দক্ষতা বিকাশৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি অহা হৈছে ৷

skill_development_awarnes_programme_at_barpeta
বৰপেটাত দক্ষতা বিকাশৰ কৰ্মশালা

বুধবাৰে অসম দক্ষতা বিকাশ মিছনৰ উদ্যোগত বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন কৰ্মশালা ৷ জিলাখনৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, দক্ষতা বিকাশ মিছনৰ ৰাজ্যিক মিছন সমন্বয়ক এম বিৰ' সিং, জিলা সমন্বয়ক মহিবুল ইছলামৰ উপস্থিতিত অনুষ্ঠিত হোৱা কৰ্মশালাখনত বহু যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে ৷

মূলত: নিবনুৱা যুৱক-যুৱতী সকলে নিজৰ দক্ষতা বিকাশৰ জৰিয়তে চাকৰি লাভ কৰা অথবা নিজকে আত্মনিৰ্ভৰশীল কৰি তোলাৰ সকলো কৌশলৰ বিষয়ে এই কৰ্মশালাত আলোচনা কৰা হয় ৷

উল্লেখ্য যে, যুৱক-যুৱতী সকলক চাকৰিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ বাবে ৰাজ্যখনত বৰ্তমান প্ৰায় ৮৫০ টা প্ৰশিক্ষণ কেন্দ্ৰ থকাৰ লগতে এই কেন্দ্ৰ সমূহত নিবনুৱা যুৱক যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে ৷

অন্য এক খবৰৰ বাবে: চাকৰিৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰা প্ৰৱঞ্চকক কৰায়ত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.