ETV Bharat / state

Overlapping in ADR: কলগাছিয়াত চৰকাৰী নিযুক্তিত অভাৰ লেপিঙৰ অভিযোগত প্ৰতিবাদ

author img

By

Published : May 8, 2023, 7:00 PM IST

SFI and DYFI against overlapping in ADR
কলগাছিয়াত SFI আৰু DYFI ৰ প্ৰতিবাদ

কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত SFI আৰু DYFI ৰ যৌথ উদ্যোগত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী (SFI and DYFI protest in Kalgachia) । পাঁচ দফীয়া দাবীৰে চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ । শীঘ্ৰে অ'ভাৰ লেপিঙৰ সমস্যা দূৰ কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

কলগাছিয়াত SFI আৰু DYFI ৰ প্ৰতিবাদ

জনীয়া,৮ মে': সোমবাৰে বৰপেটা জিলাৰ কলগাছিয়াত SFI আৰু DYFI ৰ যৌথ উদ্যোগত সাব্যস্ত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷ পাঁচ দফীয়া দাবীৰে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে সংগঠন দুটাই (SFI and DYFI protest in Kalgachia) । সদ্য প্ৰকাশিত তৃতীয় বৰ্গৰ বিভাগ বিতৰণ আৰু স্নাতক- স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ চূড়ান্ত প্ৰাৰ্থী তালিকাত ভয়াৱহ অ'ভাৰ লেপিঙৰ সমস্যাই দেখা দিয়াৰ অভিযোগ (Protest against overlapping in ADR) ।

তৃতীয় বৰ্গৰ পদৰ বিভাগসমূহ নিৰ্দিষ্ট কৰাৰ পাছত একেজন প্ৰাৰ্থীয়ে দুটাৰ পৰা চাৰিটা পদলৈ নিৰ্বাচিত হৈছে । একেদৰে হাইস্কুলৰ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ ক্ষেত্ৰত দেখা গৈছে অ'ভাৰ লেপিং (Demand to resolve overlaping issue) । একেজন প্ৰাৰ্থীয়ে চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়, চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে বাচনি হোৱা পৰিলক্ষিত হৈছে ।

এই দুয়োটা বিভাগৰ ফলাফলে প্ৰমাণ কৰিছে চৰকাৰে গণি গণি ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ঘোষণা ফুটুকাৰ ফেনত পৰিণত হ'ব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে (Assam govt recruitment) । লগতে কয় ৫১ হাজাৰৰ ঠাইত প্ৰকৃততে ২০/২৫ হাজাৰ প্ৰাৰ্থীৰহে নিযুক্তি হ'ব বুলি উল্লেখ কৰে । DYFI য়ে যোৱা এপ্ৰিল মাহৰ ফলাফল ঘোষণাৰ আগৰে পৰাই বিষয়টো চৰকাৰক দৃষ্টি আকৰ্ষণ কৰি সমাধানৰ পথ মুকলি কৰিবলৈ দাবী জনাইছিল ।

কিন্তু চৰকাৰে বিষয়টো উৰাই দি অ'ভাৰ লেপিঙৰ কোনো সমস্যা নহয় বুলি ঘোষণা কৰিছিল । আজিৰ তাৰিখত হাজাৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে চৰকাৰৰ এই আন্তৰিকতাহীন আৰু চমক সৃষ্টিকাৰী নীতিৰ বাবে আশাহত হৈ পৰিছে । যাৰ বাবে SFI আৰু DYFI ৰ যৌথ উদ্যোগত পাঁচ দফীয়া দাবী পূৰণ কৰাৰ বাবে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: Manipur crisis update: মণিপুৰৰ ঠায়ে ঠায়ে সান্ধ্য আইন শিথিল; সেনাৰ উদ্ধাৰ অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.