ETV Bharat / state

Manipur crisis update: মণিপুৰৰ ঠায়ে ঠায়ে সান্ধ্য আইন শিথিল; সেনাৰ উদ্ধাৰ অভিযান অব্যাহত

author img

By

Published : May 8, 2023, 3:41 PM IST

Manipur crisis update
Manipur crisis update

মণিপুৰলৈ বৰ্তমানেও ঘূৰি অহা নাই স্বাভাৱিক অৱস্থা ৷ সোমবাৰে ৰাজ্যখনৰ কেইবাটাও স্থানত শিথিল কৰা হয় সান্ধ্য আইন ৷ বৰ্তমানেও মণিপুৰত ব্যাহত ইণ্টাৰনেট সংযোগ (Internet shutdown in Manipur) ৷

তেজপুৰ, 8 মে’: মণিপুৰৰ গোষ্ঠী সংঘৰ্ষই অতিক্ৰম কৰিলে 6 টা দিন ৷ বৰ্তমানেও মণিপুৰত ব্যাহত হৈ আছে ইণ্টাৰনেট সেৱা, লগতে বলবৎ হৈ আছে সান্ধ্য আইন (Manipur violence update) ৷ ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ 100 টাতকৈয়ো অধিক গোটে মণিপুৰলৈ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ বিগত 96 ঘণ্টা ধৰি অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷ সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহ সম্পূৰ্ণৰূপে নিৰীক্ষণ কৰি আছে (Rescue operation in Manipur) ৷

Manipur crisis update
মণিপুৰত সেনাৰ উদ্ধাৰ অভিযান অব্যাহত

ইয়াৰ সমান্তৰালভাৱে কোনো উগ্ৰপন্থীগোটে মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থান কৰি যাতে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সীমান্তৱৰ্তী অঞ্চলসমূহ হেলিকপ্টাৰেৰে নিৰীক্ষণ কৰাৰ লগতে নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছে UAV ৷ পুনৰ যাতে মণিপুৰত কোনো অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু কোনো ৰাষ্ট্ৰ বিৰোধী গোটে ইয়াৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে প্ৰতিপল সষ্টম হৈ আছে নিৰাপত্তা বাহিনী (Communal conflict in Manipur) ৷

হেলিকপ্টাৰ আৰু UAV নিৰীক্ষণৰ জৰিয়তে কেৱল মণিপুৰৰ আভ্যন্তৰীণ ক্ষেত্ৰতেই নহয়, বৰঞ্চ মণিপুৰৰ ভিত্তিক উগ্ৰপন্থী গোটসমূহৰ যিকোনো দুঃসাহসিক প্ৰচেষ্টা প্ৰতিহত কৰাত যথেষ্ট পৰিমাণে সফল হৈছে ভাৰতীয় সেনা ৷ উল্লেখ্য যে, ম্যানমাৰৰ ঘন বনাঞ্চলত বৰ্তমানেও সক্ৰিয় হৈ আছে উত্তৰ-পূবৰ বিভিন্ন বিদ্ৰোহী গোট (Aerial surveillance in Manipur) ৷

মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বুজ ল’বলৈ ইটিভি ভাৰতে মণিপুৰ চৰকাৰৰ গৃহ সচিব ৰেহানুদিন চুধুৰীৰ (Home secretary of Manipur government Rehanudin chudhury ) সৈতে যোগাযোগ স্থাপন কৰিছিল যদিও প্ৰট’কলৰ অংশ হিচাবে কোনো তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ৷ ইফালে, মণিপুৰৰ তথ্য আৰু জনসম্পৰ্কৰ সঞ্চালক হেইছনাম বালাকৃষ্ণনে (Heisnam Balakrishnan) ইটিভি ভাৰতক সদৰী কৰা অনুসৰি পশ্চিম ইম্ফলত কাৰ্ফিউ শিথিল কৰা হৈছে ৷ লগতে সোমবাৰেও ৰাজ্যখনৰ কিছু কিছু স্থানত কাৰ্ফিউ শিথিল কৰা হয় (Curfew relaxed in Imphal) ৷

জনসম্পৰ্ক বিষয়াগৰাকীয়ে লগতে কয় যে বেশেষকৈ মণিপুৰত আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰি তেওঁলোকৰ নিজ নিজ ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে ৷ মিজোৰামৰ বহু শিক্ষাৰ্থীকো বিমানযোগে স্বগৃহলৈ প্ৰেৰণ কা হয় বুলি তেওঁ জানিবলৈ দিয়ে ৷ লগতে উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত থকাৰ কথা তেওঁ সদৰী কৰে (Tense situation in Manipur) ৷

দেওবাৰে মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকীয়ে মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিং আৰু অপাৰেশ্যনেল কমাণ্ডাৰ এডিজিপি আশুতোষ সিনহাৰ সৈতে এখন বৈঠক আহ্বান কৰি ৰাজ্যখনত উদ্ভৱ হোৱা বৰ্তমানৰ অস্থিৰতাৰ সামগ্ৰিক বিষয়টো গভীৰভাৱে আলোচনা কৰে ৷ এই বৈঠকত পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ প্ৰয়োনীয় পৰামৰ্শ বিষয়াসকলে প্ৰদান কৰে বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে (Manipur latest news) ৷

উল্লেখ্য যে, মণিপুৰী আৰু মেইটেই সম্প্ৰদায়ৰ লোকসকলৰ মাজত হিংসাত্মক সংঘৰ্ষ সংঘটিত হোৱাৰ পিচত 3 মে’ত ৰাজ্যখনত সান্ধ্য আইন জাৰি কৰা হৈছিল ৷ প্ৰাপ্ত তথ্য অনুসৰি এই সংঘৰ্ষত হাজাৰ হাজাৰ লোক গৃহহীন হোৱাৰ লগতে অতি কমেও 54 জন লোক নিহত হৈছে (Death toll in Manipur) ৷

লগতে পঢ়ক: Manipur crisis update: মণিপুৰত আবদ্ধ অসমৰ লোকক উদ্ধাৰৰ বাবে ৰাওনা অসম আৰক্ষীৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.