ETV Bharat / state

Manipur crisis update: মণিপুৰত আবদ্ধ অসমৰ লোকক উদ্ধাৰৰ বাবে ৰাওনা অসম আৰক্ষীৰ দল

author img

By

Published : May 7, 2023, 5:12 PM IST

Manipur crisis update
Manipur crisis update

গোষ্ঠী সংঘৰ্ষত জৰ্জৰ মণিপুৰত আবদ্ধ হৈ থকা অসমৰ লোকক উদ্ধাৰ বাবে তৎপৰ অসম আৰক্ষী ৷ মণিপুৰৰ স্পৰ্শকাতৰ অঞ্চলসমূহত আবদ্ধ হৈ থকা অসমৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ লোকক সকলক অসমলৈ উভতাই আনিবলৈ মণিপুৰলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ এটা দল (Tense situation in Manipur) ৷

গৃহহীন লোকৰ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ

তেজপুৰ, 7 মে’: অসম আৰক্ষীৰ আইজিপি (প্ৰশিক্ষণ) অখিলেখ সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দল দেওবাৰে মণিপুৰলৈ ৰাওনা হৈছে ৷ পাহাৰীয়া ৰাজ্যখনত অন্যান্য ৰাজ্যৰ লগতে অসমৰ প্ৰায় 1000 লোক আবদ্ধ হৈ আছে বিগত 6 দিন ধৰি (People of Assam in Manipur) ৷ বুধবাৰে নিশা অৰ্থাৎ 4 মে’ৰ পৰা মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাচত মণিপুৰৰ বিভিন্ন স্থানত আৱদ্ধ হৈ আছে অসমৰ লোকসকল ৷ যাৰ বাবে তেওঁলোকক উদ্ধাৰৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী (Manipur latest update) ৷

জানিব পৰা মতে, হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিটত ৰাজধানী ইম্ফলত অধ্যয়নৰ বাবে যোৱা অসমৰ বহু ছাত্ৰ-ছাত্ৰীও গৃহবন্দী হৈ আছে ৷ ইফালে, ইতিমধ্যেই মণিপুৰৰ পৰা অসমৰ কাছাৰ জিলাত প্ৰায় হাজাৰৰো অধিক লোকে অসমত শৰণাৰ্থী হিচাবে আশ্ৰয় লৈছে (Manipur violence update) ৷

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই সদৰী কৰা অনুসৰি দেওবাৰে নাগালেণ্ডৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ লগতে বহুতো লোকক সেনা আৰু অসম ৰাইফলছৰ লোকে মণিপুৰৰ উত্তেজনা পূৰ্ণ এলেকাৰ পৰা নিৰাপদে উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছে ৷ তেওঁ কয়, ‘‘নাগালেণ্ড চৰকাৰ আৰু অসম ৰাইফলছে ইম্ফলৰ পৰা নগা ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকক উলিয়াই নিয়ে (Manipur situation update) ৷’’

উল্লেখ্য যে, ইম্ফলৰ পৰা স্থল পথৰে সৈতে জড়িত কোহিমাস্থিত অসম ৰাইফলছ IGAR মুখ্য কাৰ্যালয়ৰ এজন ব্ৰিগেডিয়াৰৰ নেতৃত্বত শনিবাৰৰ পৰা বহু লোকক উদ্ধাৰ কৰি সেই ঠাইসমূহ খালী কৰাৰ প্ৰক্ৰিয়া আজি সম্পূৰ্ণ কৰা হৈছে ৷ দেওবাৰে বিয়লি মুঠ 676 জন নগা নাগৰিকক নিজৰ আপোন ঘৰখনলৈ নিৰাপদে অনা হয় বুলি প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ ৰাৱটে জানিবলৈ দিছে (Rescue operation in Manipur) ৷

ইফালে, সেনাই 24 ঘণ্টাই কাৰ্যকৰী হোৱাকৈ এটা হেল্প লাইনৰ মুকলি কৰিছে ৷ যিসকল লোকে অসুবিধাৰ সন্মুখীন হৈছে তেওঁলোকক ‘‘03862249122, 8798959247’’ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷

আনহাতে, সেনা আৰু ভাৰতীয় বায়ুসেনাৰ দ্বাৰা সীমান্তত আজিও এৰিয়েল ছাৰ্ভে চলাই থকা হৈছে ৷ সেনাৰ হেলিকপ্তাৰ আৰু ভাৰত ম্যানমাৰৰ সীমান্তত মানৱ বিহীন আকাশী জাহাজৰ (UAV) জৰিয়তে অভিযান সঘনাই চলি আছে (Indo Mayanmar border) ৷ কোনো বিদ্ৰোহী গোটে যাতে মণিপুৰ-ম্যানমাৰ সীমান্তত অৱস্থাত কৰি হিংসাত্মক কাৰ্যত সাৰ-পানী যোগাব নোৱাৰে তাৰ এই অভিযান অব্যাহত ৰখা হৈছে ৷ বৰ্তমানলৈকে সেনা আৰু অসম ৰাইফলছে 23,000 লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানত ৰাখিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: Manipur crisis : ভাৰত-ম্যানমাৰ সীমান্তত নিৰাপত্তা বৃদ্ধি; মণিপুৰৰ আকাশত মানৱ বিহীন বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.