ETV Bharat / state

বৰপেটাৰোডৰ লোকনাথ হলমাৰ্ক চেণ্টাৰত প্ৰশাসনৰ তলা

author img

By

Published : Jul 31, 2021, 4:49 PM IST

sealed a gold shop at  barpeta road
প্ৰশাসনৰ তলা ওলমিল বৰপেটাৰোডৰ লোকনাথ হোল মাৰ্ক চেণ্টাৰত

সোণৰ গহণাত হলমাৰ্ক লিখি দিয়াৰ অনুজ্ঞাপত্ৰ নথকা একাংশ জুৱেলাৰী তথা সোণৰ বিপণীৰ বিৰুদ্ধে সৰৱ হৈছে আৰক্ষী প্ৰশাসন ৷ এইবাৰ তলা লাগিল বৰপেটাৰোডৰ “লোকনাথ হলমাৰ্ক চেণ্টাৰ’’ নামৰ অলংকাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত ৷ কিয়নো ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ “হলমাৰ্ক” লিখি দিয়াৰ অনুজ্ঞাপত্ৰ নথকা স্বত্বেও গ্ৰাহকক ভুৱা “হলমাৰ্ক”ৰ প্ৰমাণ পত্ৰ দি আহিছে ৷

বৰপেটাৰোড, 31 জুলাই : ৰাজ্যত অব্যাহত আছে দুৰ্নীতি তথা অনিয়ম ৷ প্ৰতিদিনে পোহৰলৈ আহিছে দুৰ্নীতিৰ বিভিন্ন তথ্য ৷ স্কুল-কলেজকে ধৰি চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল পোহৰলৈ আহিছে দুৰ্নীতি তথা অনিয়মৰ ঘটনা ৷

এইবাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে এখন সোণৰ গহণাৰ বিপণীৰ বিৰুদ্ধে ৷ সোণৰ গহনাত “হলমাৰ্ক” লিখি দিয়াৰ অনুজ্ঞাপত্ৰ নথকা একাংশ জুৱেলাৰী তথা সোণৰ বিপণীৰ বিৰুদ্ধে সৰৱ হৈছে আৰক্ষী প্ৰশাসন ৷ শুকুৰবাৰে বৰপেটাৰোডত এখন অলংকাৰৰ বিপণীত অভিযান চলাই Bureau of Indian Standards চমুকৈ BIS য়ে ৷

লোকনাথ হলমাৰ্ক চেণ্টাৰত প্ৰশাসনৰ তলা

অভিযানকাৰী দলটোৱে উল্লেখ কৰা অনুসৰি, “লোকনাথ হলমাৰ্ক চেণ্টাৰ’’ নামৰ অলংকাৰৰ প্ৰতিষ্ঠানখনৰ নাই সোণৰ গহণাত হলমাৰ্ক লিখি দিয়াৰ কোনো ধৰণৰ অনুজ্ঞাপত্ৰ ৷ অনুজ্ঞাপত্ৰ অবিহনে অবৈধভাৱে সোণৰ গহণাত হলমাৰ্ক লিখি গ্ৰাহকক দিয়ে ব্যৱসায়িক প্ৰতিষ্ঠানখনে ৷ যাৰ ফলত বিভিন্ন সময়ত এই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হৈছিল ৷

শুকুৰবাৰে এনে অভিযোগৰ ভিত্তিত গুৱাহাটীৰ পৰা আহে এক অভিযানকাৰী দল ৷ গুৱাহাটীৰ পৰা অহা অভিযানকাৰী দলটোৱে বৰপেটাৰোড আৰক্ষীৰ সহযোগত প্ৰতিষ্ঠানখনত চলাই এক অভিযান ৷ চহৰখনৰ লোকনাথ হলমাৰ্ক চেণ্টাৰত অভিযান চলাই দলটোৱে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷

তদুপৰি অলংকাৰৰ বিপণীখন ছীল কৰি দিয়ে অভিযানকাৰী দলটোৱে ৷ অভিযানকাৰী দলটোৰ আগমনৰ উমান পাই লোকনাথ হলমাৰ্ক চেণ্টাৰৰ চাৰি গৰাকীকৈ স্বত্বাধিকাৰী ক্ৰমে উত্তম ঘোষ, পৰিমল ঘোষ, জাকিৰ হুছেইন আৰু গৌৰ বসাকে পলায়ন কৰে ৷ সম্প্ৰতিও পলাতক অৱস্থাত আছে বিপণীখনৰ স্বত্বাধিকাৰী ৷

লগতে পঢ়ক: ডেপুটি ৰেঞ্জাৰ বুলি পৰিচয় দি ধনদাবী কৰি থাকোতে আৰক্ষীৰ জালত পৰিল বনকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.