ETV Bharat / state

ডেপুটি ৰেঞ্জাৰ বুলি পৰিচয় দি ধনদাবী কৰি থাকোতে আৰক্ষীৰ জালত পৰিল বনকৰ্মী

author img

By

Published : Jul 31, 2021, 8:49 AM IST

মঙল চিং ক্ৰ'নামৰ ফৰেষ্ট গাৰ্ড গৰাকীয়ে নিজকে বন বিভাগৰ ডেপুটি ৰেঞ্জাৰ বুলি পৰিচয় দি ডিফুৰ আমোলাপট্টিত বাহন তালাচী চলাই ধনদাবী কৰি থকা অৱস্থাতে শুকুৰবাৰে আৰক্ষীয়ে হাতে-লোটে ধৰিবলৈ সক্ষম হয় ৷

ডেপুটি ৰেঞ্জাৰ বুলি পৰিচয় দি ধনদাবী কৰি থাকোতে আৰক্ষীৰ জালত পৰিল বনকৰ্মী
ডেপুটি ৰেঞ্জাৰ বুলি পৰিচয় দি ধনদাবী কৰি থাকোতে আৰক্ষীৰ জালত পৰিল বনকৰ্মী

ডিফু, 31 জুলাই : কাৰ্বি আংলং( karbanglong district) জিলাৰ বন বিভাগৰ (forest department ) পশ্চিম বন সংমণ্ডলৰ ফৰেষ্ট গাৰ্ড হিচাপে কৰ্মৰত এগৰাকী কৰ্মচাৰীৰ কৰ্মকাণ্ডই শুকুৰবাৰে ডিফু চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বিভাগটোৰ মঙল চিং ক্ৰ'নামৰ ফৰেষ্ট গাৰ্ড গৰাকীয়ে নিজকে বন বিভাগৰ ডেপুটি ৰেঞ্জাৰ বুলি পৰিচয় দি ডিফুৰ আমোলাপট্টিত বাহনত তালাচী চলাই ধনদাবী কৰি আছিল ৷ ধনদাবী কৰি থকা অৱস্থাতে শুকুৰবাৰে আৰক্ষীয়ে হাতে-লোটে ধৰিবলৈ সক্ষম হয় ফৰেষ্ট গাৰ্ডগৰাকীক ৷

প্ৰাপ্ত তথ্য অনুসৰি, মঙল চিং ক্ৰ' নামৰ ফৰেষ্ট গাৰ্ডজনে শুকুৰবাৰে কাৰ্বি ছিকিউৰিটি ছাৰ্ভিছৰ দুগৰাকী কৰ্মচাৰী ক্ৰমে গৌতম ৰংপি আৰু ছিং ফাংচ'ক সম্পূৰ্ণ ৰূপে ইউনিফৰ্ম পিন্ধোৱাই লগত লৈ ডিফুৰ আমোলাপট্টিৰ বিভিন্ন বাহনত তালাচী চলাই আছিল ৷ কেৱল সিমানেই নহয় এই দলটোৱে বিভিন্ন বাহনত প্ৰয়োজনীয় নথি-পত্ৰ নথকাৰ অভাৱত ধনো সংগ্ৰহ কৰিছিল ৷ ইফালে এই কাৰ্যই এলেকাটোত প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সময়তে ডিফু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তিনিওকে আটক কৰি ডিফু থানালৈ আনি সোধ-পোছ আৰম্ভ কৰে ৷

আৰক্ষীৰ জেৰাত ডেপুটি ৰেঞ্জাৰৰ ৰূপ লৈ ধনদাবী কৰা মঙলচিং ক্ৰ' এগৰাকী ফৰেষ্ট গাৰ্ড বুলি আৰক্ষী নিশ্চিত হয় ৷

সম্প্ৰতি ডিফু (DIPHU POLICE) আৰক্ষীয়ে ২০৫/২০২১ নম্বৰত ডিফু থানাত এক গোছৰ ৰুজু কৰিছে ৷ লগতে তিনি ভুৱা বন বিষয়াক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ যি সময়ত মুখ্যমন্ত্ৰীয়ে বন বিভাগক কঠোৰ হ’বলৈ আহ্বান জনাইছে সেই সময়তে খোদ এগৰাকী বন বিভাগৰ কৰ্মচাৰীয়ে নিজকে ৰেঞ্জাৰ বুলি পৰিচয় দি ধন সংগ্ৰহ কৰা কাৰ্যই ৰাজ্যৰ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়কঃ অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা এটা দুপৰীয়া এটা কথা কয়: লুৰীণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.