ETV Bharat / state

কলগাছিয়াত জলপথেৰে সৰবৰাহ চোৰাং চাউল

author img

By

Published : Oct 31, 2021, 3:24 PM IST

rice-illegally-smuggled-through-waterways-at-kalgachiya
কলগাছিয়াত জলপথেৰে সৰৱৰাহ হৈছে চোৰাং চাউল

বৰপেটা জিলাৰ কলগাছিয়াত জলপথৰে চলিছে চৰকাৰী চাউলৰ চোৰাং ব্যৱসায় ৷ শনিবাৰে নিশা ৰাইজে জব্দ কৰে চাউলভৰ্তি ম’হৰ গাড়ী ৷

জনিয়া, 31 অক্টোবৰ : ৰাজ্যত অব্যাহত আছে বগা চাউলৰ ক’লা বেহা ৷ এইবাৰ স্থলপথেৰে নহয় জলপথেৰে সৰৱৰাহ হৈছে চোৰাং চাউল ৷ মইনবৰী পাৰঘাটত ম’হৰ গাড়ীত উদ্ধাৰ বস্তাই বস্তাই চোৰাং চৰকাৰী চাউল ৷

শনিবাৰে নিশা বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মইনবৰী বেঁকী নৈৰ পাৰঘাটত ৰাইজে জব্দ কৰে চোৰাং চাউল ৷ তিনিখনকৈ ম’হৰ গাড়ীৰে লৈ গৈ থকা অৱস্থাত ৰাইজে জব্দ কৰে চাউলখিনি ৷ ম’হৰ গাড়ীৰ চালককেইজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও ৰাইজে জব্দকৃত চাউলখিনি কলগাছিয়া আৰক্ষীক গটাই দিয়ে ৷

কলগাছিয়াত জলপথেৰে সৰৱৰাহ হৈছে চোৰাং চাউল

এনেদৰে নিশাৰ আন্ধাৰত ম’হৰ গাড়ীৰে কঢ়িয়াই অনা চাউলখিনিৰ প্ৰকৃত গৰাকী কোন সেয়া জানিবলৈ পৰা হোৱা নাই ৷ ৰাইজৰ সন্দেহ এয়া দৰিদ্ৰ হিতাধিকাৰীৰ নামত অহা চৰকাৰী সুলভ মূল্যৰ চাউল ৷

উল্লেখ্য যে, এচাম দুষ্ট চক্ৰই জিলাখনৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা চলাই গৈছে চোৰাং চাউলৰ ৰমৰমীয়া ব্যৱসায় । এনেক্ষেত্ৰত জলপথেৰে এনেদৰে চাউল সৰৱৰাহৰ ঘটনাৰ তদন্ত কিমান ক্ষীপ্ৰতাৰে গ্ৰহণ কৰে সংশ্লিষ্ট বিভাগে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : অচিৰে লখিমপুৰ-গুৱাহাটীক আকাশীপথেৰে সংযোগ কৰিব ফ্লাইবিগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.