অচিৰে লখিমপুৰ-গুৱাহাটীক আকাশীপথেৰে সংযোগ কৰিব ফ্লাইবিগে

author img

By

Published : Oct 31, 2021, 12:39 PM IST

অচিৰে লখিমপুৰ-গুৱাহাটীক আকাশীপথেৰে সংযোগ কৰিব ফ্লাইবিগে
অচিৰে লখিমপুৰ-গুৱাহাটীক আকাশীপথেৰে সংযোগ কৰিব ফ্লাইবিগে ()

লখিমপুৰৰ বাবে আন এক ভাল খবৰ ৷ লখিমপুৰৰ পৰা গুৱাহাটীলৈ চলিব ফ্লাইবিগৰ যাত্ৰীবাহী বিমান ৷

লখিমপুৰ, ৩১ অক্টোবৰ : সৰ্বদিশতে অনুন্নত বুলি একপ্ৰকাৰ সততে গণ্য কৰি অহা লখিমপুৰ জিলাৰ বাবে শেহতীয়াকৈ কেইবাটাও ভাল খবৰ প্ৰকাশ পাইছে ৷ পুনৰায় যাতায়াতৰ ক্ষেত্ৰত জিলাবাসীলৈ আহিছে এক সুখবৰ ৷ সেই অনুসৰি, ৪ নৱেম্বৰৰ পৰা লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰৰ পৰা মহানগৰ গুৱাহাটীক আকাশী পথেৰে পোনপটীয়াকৈ সংযোগ কৰিব পৰা যাব ৷ অৰ্থাৎ উক্ত দিনটোৰ পৰা যাত্ৰাৰম্ভ কৰিব ফ্লাইবিগৰ ৭২ খন আসনযুক্ত এখন যাত্ৰীবাহী বিমানে ৷

অচিৰে লখিমপুৰ-গুৱাহাটীক আকাশীপথেৰে সংযোগ কৰিব ফ্লাইবিগে

বিমানখনৰ সূচী অনুসৰি, সপ্তাহৰ মঙল, বৃহস্পতি, শনি আৰু দেওবাৰে চলিবলগীয়া এই বিমানখনত সকলো কৰ সামৰি মাথো ৯৯৯ টকাত যাত্ৰীয়ে ভ্ৰমণ কৰিব পাৰিব ৷ উল্লেখ্য যে, সম্প্ৰতি এলায়েন্স এয়াৰৰ এখন বিমান নিতৌ পুৱা কলকাতা আৰু লখিমপুৰৰ মাজত চলাচল কৰি আছে ৷ কিন্তু ইয়াৰ পূৰ্বে লখিমপুৰৰ পৰা গুৱাহাটী সংযোগী কোনো বিমান নাছিল ৷ যাৰ বাবে লখিমপুৰৰ ৰাইজে জৰুৰীভাৱে গুৱাহাটীলৈ যোৱাতো এক সমস্যাত পৰিণত হৈছিল ৷

দীর্ঘদিনীয়া এই সমস্যা অব্যাহত থকাৰ বাবে লখিমপুৰৰ পৰা গুৱাহাটী সংযোগী এখন বিমান চলাচল কৰাৰ বাবে ৰাইজে দাবী জনাই আহিছিল ৷ শেহতীয়াকৈ ফ্লাইবিগে গুৱাহাটী-লখিমপুৰৰ মাজত বিমান চলোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে লখিমপুৰবাসী ৰাইজ আনন্দিত হৈ পৰিছে ৷

লগতে চাওক: 24 ঘণ্টাত ৰাজ্যত 283 গৰাকী ক’ভিড 19 ত আক্ৰান্ত, মৃত্যু 4

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.