24 ঘণ্টাত ৰাজ্যত 283 গৰাকী ক’ভিড 19 ত আক্ৰান্ত, মৃত্যু 4

author img

By

Published : Oct 31, 2021, 8:37 AM IST

Assam reports 283 new covid cases in the last 24 hours
24 ঘন্টাত ৰাজ্যত 283 গৰাকী ক’ভিডত আক্ৰান্ত, মৃত্যু 4 ()

অসমত বিগত কিছুদিনত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ বিগত 24 ঘণ্টাত ৰাজ্যত 283 গৰাকী লোক নতুনকৈ ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে ৷

নিউজ ডেস্ক, 31 অক্টোবৰ : যোৱা 24 ঘণ্টাত ৰাজ্যত 283 টা নতুন ক’ভিড 19 ৰ ঘটনা পোহৰলৈ আহিছে ৷ ইয়াৰ বিপৰীতে 371 গৰাকী লোকে আৰোগ্য লাভ কৰিছে মহামাৰী ক’ভিডৰ পৰা ৷ ইয়াৰ বিপৰীতে মৃত্যু হৈছে 4 গৰাকী লোকৰ ৷

শনিবাৰে যোৰহাট, ডিব্ৰুগড়, কামৰূপ, তিনিচুকীয়াত এজনকৈ লোকে এই মহামাৰীত প্ৰাণ হেৰুৱায় ৷ ৰাজ্যত মৃত্যুৰ হাৰ 0.98 শতাংশ ৷

ৰাজ্যৰ স্বাস্থ্য বুলেটিনত প্ৰকাশ কৰা অনুসৰি, শনিবাৰৰ দিনটোলৈ ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা 6,10,433 লৈ বৃদ্ধি হয় ৷ বৰ্তমানলৈকে ৰাজ্যত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা 2,352 ৷

আনহাতে, অসমত বৰ্তমানলৈকে 5,996 গৰাকী লোকে ক’ভিডত প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু ইয়াৰ পৰা আৰোগ্য লাভ কৰিছে 6,00,738 গৰাকী লোকে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত বৰ্তমানলৈকে 106 কোটি লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : ভোটগ্ৰহণ অন্ত : ভোটদানৰ হাৰে নুচুলে 80 শতাংশৰ ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.