ETV Bharat / state

মন্ত্ৰী ৰণজিৎ দাসক উভতি ধৰিলে জনীয়াৰ বিধায়কে

author img

By

Published : Oct 11, 2021, 2:15 PM IST

৫৬ নং বনগুগী গাঁও পঞ্চায়তৰ নৱনিৰ্মিত কাৰ্যালয় ভৱন উদ্বোধন কৰিবলৈ গৈ মন্ত্ৰী ৰণজিৎ দাসক প্ৰত্যুত্তৰ দিয়ে বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে । কিয়নো কিছুদিন পূৰ্বে মন্ত্ৰী ৰণজিৎ দাসে AIUDF সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য ৷

Panchayat Inaugurtion
পঞ্চায়ত ভৱন উদ্বোধন

জনীয়া, 11 অক্টোবৰ : ‘পাকিস্তানৰ প্ৰতি ইমান মৰম আছে, তেন্তে তেখেত পাকিস্তানলৈ গুচি যাওঁক ৷ আমি ভাৰতীয়, সেয়ে ইয়াতে আছো আমি’- এই মন্তব্য জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ ৷ দেওবাৰে ৰূপসী উন্নয়ন খণ্ডৰ অধীনষ্ঠ ৫৬ নং বনগুগী গাঁও পঞ্চায়তৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰিবলৈ গৈ মন্ত্ৰী ৰণজিৎ দাসক উভতি ধৰে AIUDF ৰ বিধায়কগৰাকীয়ে ৷

পঞ্চায়ত ভৱন উদ্বোধন

কিছুদিন পূৰ্বে মন্ত্ৰী ৰণজিৎ দাসে AIUDF সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য ৷ যাৰ প্ৰত্যুত্তৰস্বৰূপে এই মন্তব্য প্ৰকাশ কৰিছে AIUDF ৰ বিধায়ক ইছলামে ৷ আনকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মিঞা ভোট নালাগে বুলি কৰা মন্তব্যৰো তীব্ৰ সমালোচনা কৰে বিধায়কগৰাকীয়ে ৷

উল্লেখ্য যে, দেওবাৰে উদ্বোধন কৰা হয় বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৰূপসী উন্নয়ন খণ্ডৰ অধীনষ্ঠ ৫৬ নং বনগুগী গাঁও পঞ্চায়তৰ নৱনিৰ্মিত ভৱনটো । প্ৰায় ১৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই ভৱনটো ৷

লগতে পঢ়ক : ৰামেশ্বৰ তেলীৰ অদ্ভুত মন্তব্যৰ পাছতে দল-সংগঠনৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.