ETV Bharat / state

কলগাছিয়াত বজ্ৰপাতত নিহত এজন যুৱক

author img

By

Published : May 19, 2022, 9:59 PM IST

one-person-died-in-lightning-strike-at-kalgachia
কলগাছিয়াত বজ্ৰপাতত নিহত এজন যুৱক

বৰপেটা জিলাৰ কলগাছিয়াৰ লাংলাত বজ্ৰপাতৰ ফলত এজন যুৱকে মৃত্যুক সাৱটি লয় (One person died in lightning strike at Kalgachia)। অঞ্চলজুৰি শোকৰ ছাঁ ৷

কলগাছিয়া, 19 মে' : কলগাছিয়াৰ লাংলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বৰপেটা জিলাৰ কলগাছিয়াৰ লাংলাত বজ্ৰপাতৰ ফলত এজন যুৱকে মৃত্যুক সাৱটি লয় (One person died in lightning strike at Kalgachia) । মৃত যুৱকজনৰ বয়স 30 বছৰ বুলি জানিব পৰা গৈছে ।

কলগাছিয়াত বজ্ৰপাতত নিহত এজন যুৱক

জানিব পৰা মতে লাংলা গাঁৱৰ নিজাম উদ্দিনৰ পুত্ৰ পুত্ৰ মহিদুল ইছলামে ঘাঁহ কাটিবলৈ গৈছিল পথাৰত । হঠাৎ যুৱকজনৰ ওপৰত বজ্ৰপাত পৰে । পথাৰত পৰি থকা যুৱকজনক প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে ততাতৈয়াকৈ চেনীমাৰীস্থিত তিতাপানী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় কিন্তু যুৱকজনৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে অৱশেষত যুৱকজনক মৃত্যু বুলি ঘোষণা কৰে ।

জানিব পৰা মতে, মৃত যুৱকজনে পত্নীসহ দুটি পুত্ৰ সন্তান এৰি থৈ যায় । কলগাছিয়া ৰাজহ চক্ৰ তথা কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লাংলা গাঁৱত বৃহস্পতিবাৰে বজ্ৰপাতত যুৱকজনে এনেদৰে মৃত্যুক সাৱটি লোৱাত সম্প্ৰতি অঞ্চলজুৰি এক শোকৰ ছাঁ পেলাইছে ।

লগতে পঢ়ক : উত্তৰ অসমৰ বান পৰিস্থিতি সামান্য উন্নত, সেনাই উদ্ধাৰ কৰিলে ৩০০ পৰিয়ালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.