ETV Bharat / state

উত্তৰ অসমৰ বান পৰিস্থিতি সামান্য উন্নত, সেনাই উদ্ধাৰ কৰিলে ৩০০ পৰিয়ালক

author img

By

Published : May 18, 2022, 9:07 PM IST

শোণিতপুৰ জিলাৰ তেজপুৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ গণেশঘাটত 64.55 চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে ৷ জীয়া ভৰলী নদী 77.45 চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে আনহাতে ডিপোতা নদী 64.05 চেণ্টিমিটাৰ ওপৰেৰে বৈছে ৷ বিহগুৰি, বেচেৰীয়া, গণক চুবুৰী, পিঠাখোৱা ,মোৱামাৰীকে ধৰি বিস্তৃত অঞ্চল সম্প্ৰতি পানীৰ তলত । খাদ্য সামগ্ৰীৰ নাটনিৰ লগতে পশুধনৰ খাদ্যৰো নাটনি ঘটিছে ।

flood-situation-in-northern-assam-improving
উত্তৰ অসমৰ বান পৰিস্থিতি সামান্য উন্নত, সেনাই উদ্ধাৰ কৰিলে ৩০০ পৰিয়ালক

তেজপুৰ, ১৮ মে' : উত্তৰ অসমৰ বান পৰিস্থিতি বিগত দুদিনৰ তুলনাত আজি বিয়লি কিছু উন্নত হৈছে (Flood situation in northern Assam improving) । লখিমপুৰ জিলাৰ চাৰিটা ৰাজহ চক্ৰৰ মুঠ ৬৫ খন গাঁও জলমগ্ন হোৱাৰ লগতে ৬,৩১৭ টা পৰিয়াল এই প্ৰথমটো বানৰ কৱলত পৰিছে । জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি এই সময়ছোৱাত ৮৮৩.২০ হেক্টৰ কৃষিভূমি বিনষ্ট হোৱাৰ লগতে ৬,৯৫৭ টা ঘৰচীয়া জীৱ-জন্তু বাঢ়নী পানীৰ বাবে ওখ ঠাইত আশ্ৰয় লবলগীয়া হৈছে ।

প্ৰতিৰক্ষা বিভাগৰ তেজপুৰৰ মুখপাত্ৰ লে.কৰ্ণেল অমেৰেন্দ্ৰ ৱালীয়াই জনায় যে ভাৰতীয় সেনাৰ তেজপুৰ গজৰাজ ক'ৰ্পছৰ মিছামাৰী গেৰিচনৰ অধীনত হোজাই জিলাত কালিৰে পৰা প্ৰায় ৩০০ বানাক্ৰান্ত লোকক আজি পুৱা ১০ বজালৈকে উদ্ধাৰ কৰাৰ লগতে চিকিৎসা সামগ্ৰী প্ৰদান কৰা হৈছে ।

flood-situation-in-northern-assam-improving
উত্তৰ অসমৰ বান পৰিস্থিতি সামান্য উন্নত, সেনাই উদ্ধাৰ কৰিলে ৩০০ পৰিয়ালক

আনহাতে লখিমপুৰ জিলাত ব্ৰহ্মপুত্ৰ নদী বিপদ সীমা ৭৯.৩০ চেণ্টিমিটাৰৰ বিপৰীতে ৭৯.২২ চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে ৷ প্ৰধান উপ-নৈ সোৱণশিৰী বিপদ সীমা ৯০.৪০ চেণ্টিমিটাৰৰ বিপৰীতে ৮৯.২৬ চেণ্টিমিটাৰ আৰু অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা ৰঙানদী বিপদ সীমা ৯৬৫.০২ চেণ্টিমিটাৰৰ বিপৰীতে ৯৩.৭৮ চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে ।

আনহাতে চুবুৰীয়া পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন হৈ ৰাজধানী ইটানগৰত এটি শিশুৰ সৈতে চাৰিজন লোকৰ মৃত্যু হোৱা হৈছে সোমবাৰে নিশা । যোৱা দুদিন ধৰি তেজপুৰ ডিপোতা নদীৰ বাঢ়নী পানীয়ে বাঁহবাৰী পঞ্চায়তৰ কেবাখনো গাঁও জলমগ্ন কৰি তোলাৰ লগতে পঞ্চায়তৰ অধীনত এটা পথৰ কিছু অংশ ছিগি পেলায় ।

flood-situation-in-northern-assam-improving
উত্তৰ অসমৰ বান পৰিস্থিতি সামান্য উন্নত, সেনাই উদ্ধাৰ কৰিলে ৩০০ পৰিয়ালক

বিহগুৰি, বেচেৰীয়া, গণক চুবুৰী, পিঠাখোৱা ,মোৱামাৰীকে ধৰি বিস্তৃত অঞ্চল সম্প্ৰতি পানীৰ তলত । খাদ্য সামগ্ৰীৰ নাটনিৰ লগতে পশুধনৰ খাদ্যৰো নাটনি ঘটিছে । জিলাখনৰ পাঁচটা ৰাজহ চক্ৰৰ বানৰ কৱলত পৰা গাঁওসমূহৰ পৰা পানী ক্ৰমান্বয়ে কমি অহা বুলি জানিব দিয়ে স্থানীয় ৰাইজে ।

জিলাখনৰ ৫ টা ৰাজহ চক্ৰৰ ভিতৰত চাৰিদুৱাৰ, ঢেকীয়াজুলি, নদুৱাৰ তেজপুৰ আৰু ঠেলামৰাত মুঠ ৩৮ খন গাঁৱৰ ৭,৪৬৫ টা পৰিয়াল বানৰ কৱলত পৰিছে আৰু মুঠ ৪৩৫.৬০ হেক্টৰ কৃষিভূমি জলমগ্ন হৈ পৰিছে ।এই পাঁচটা ৰাজহ চক্ৰৰ চাৰিদুৱাৰত ১৫ খন, ঢেকীয়াজুলিত ১২ খন, নদুৱাৰত ২ খন, তেজপুৰত ১৫ খন আৰু ঠেলামৰাত ১৯ খন গাঁও জলমগ্ন হৈছে । এই সময়ছোৱাত ২,৩২১ টা জীৱ-জন্তু বানৰ কৱলত পৰি দিশহাৰা হৈছে ।

flood-situation-in-northern-assam-improving
উত্তৰ অসমৰ বান পৰিস্থিতি সামান্য উন্নত, সেনাই উদ্ধাৰ কৰিলে ৩০০ পৰিয়ালক

জিলা প্ৰশাসনে মঙলবাৰৰ বিয়লিলৈকে ৮৩.০১ কুইন্টল চাউল আৰু ১৫.৪৭ কুইন্টল ডাইল বিতৰণ কৰিছে বানপিড়িত লোকৰ মাজত । আনহাতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অহা ২০ মে' লৈকে উত্তৰ-পূৰ্বাঞ্চলৰ অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম নাগালেণ্ড আৰু মণিপুৰত বৰষুণ অব্যাহত থাকিব ।

শোণিতপুৰ জিলাৰ তেজপুৰত ব্ৰহ্মপুত্ৰৰ জলস্তৰ গণেশঘাটত 64.55 চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে ৷ জীয়া ভৰলী নদী 77.45 চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে আনহাতে ডিপোতা নদী 64.05 চেণ্টিমিটাৰ ওপৰেৰে বৈছে ৷ গহপুৰৰ লোহিতমুখত ব্ৰহ্মপুত্ৰৰ জলস্তৰ 78.38 চেণ্টিমিটাৰ ওপৰেৰে বৈছে ।

বিগত ২৪ ঘণ্টাত তেজপুৰত বৰষুণৰ পৰিমাণ 42.40 মিলি মিটাৰ ৰেকৰ্ড কৰা হৈছে বুলি জল সম্পদ বিভাগৰ জাননীত প্ৰকাশ । আনহাতে আজি বিয়লি মঙলদৈ জিলাৰ পিপৰা চ'কত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে যান বাহনৰ চলাচল বন্ধ কৰিছে জিলা প্ৰশাসনে ৷ ভূটানৰ পৰা অহা বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথ এই অঞ্চলত বুৰাই পেলোৱাৰ বাবে প্ৰশাসনে এই ব্যৱস্থা গ্ৰহণ কৰে ।

লগতে চাওক: কিয় ধ্বংসস্তুপত পৰিণত হ'ল ডিমা হাচাওত ৰেলৱেৰ অভিলাসী প্ৰকল্প ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.