ETV Bharat / state

Nutrition Rehabelitation Centre: বৰপেটাৰ হাউলীৰ পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰই আনিছে আশাৰ বতৰা

author img

By

Published : Apr 7, 2023, 12:52 PM IST

Nutrition Rehabilitation Centre in Barpeta
পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰই আনিছে আশাৰ বতৰা

বৰপেটাৰ হাউলীৰ পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰই আনিছে আশাৰ বতৰা ৷ ২০১৪ চনত স্থাপন কৰা হাউলীৰ এই পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰত বৰ্তমানলৈকে পুষ্টিহীনতাত ভোগা প্ৰায় ৬ শতাধিক শিশুক কেন্দ্ৰটোত ভৰ্তি কৰি প্ৰয়োজনীয় চিকিৎসা আৰু পৰিপুষ্টি প্ৰদান কৰি সুস্থ কৰি তোলা হৈছে (Nutrition Rehabilitation Centre in Barpeta) ৷

বৰপেটাৰ হাউলীৰ পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰই আনিছে আশাৰ বতৰা

বৰপেটা, ৭ এপ্ৰিলঃ শিশুৰ পুষ্টিহীনতা সুস্থ-সবল ভাৰতৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হিচাবে চিহ্নিত হৈ আহিছে ৷ শিশুৰ পুষ্টিহীনতা ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰি আহিছে প্ৰয়োজনীয় ব্যৱস্থা ৷ দেশৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জৰিয়তে দেশৰ প্ৰতিখন জিলাতে পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপনৰ জৰিয়তে শিশুৰ পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজ দি আহিছে চৰকাৰে ৷

সমগ্ৰ দেশৰ লগতে বৰপেটা জিলাৰ হাউলীত স্থাপন কৰা পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰইয়ো পুষ্টিহীনতাত ভোগা শিশুৰ চিকিৎসা প্ৰদান কৰি আহিছে ৷ ২০১৪ চনত স্থাপন কৰা 10 খন বিছনা যুক্ত হাউলীৰ এই পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰত বৰ্তমানলৈকে পুষ্টিহীনতাত ভোগা প্ৰায় ৬ শতাধিক শিশুক কেন্দ্ৰটোত ভৰ্তি কৰি প্ৰয়োজনীয় চিকিৎসা আৰু পৰিপুষ্টি প্ৰদান কৰি সুস্থ কৰি তোলা হৈছে (NRC Centre in Barpeta) ৷

ইয়াৰ উপৰিও কেন্দ্ৰটোলৈ অহা হাজাৰোধিক শিশুৰ পুষ্টিহীনতাৰ চিকিসাৎ প্ৰদান কৰাৰ লগতে মাতৃসকলকো প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰা হৈছে (Nutrition Rehabilitation Centre) ৷ 10খন বিছনা যুক্ত হাউলীৰ এই পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰত বৰ্তমান 5 গৰাকী শিশুক চিকিৎসা আৰু পৰিপুষ্টি প্ৰদান কৰি থকা হৈছে (National Health Mission) ৷

কেন্দ্ৰত ভৰ্তি কৰা শিশুসকলক বিনামূলীয়া পুষ্টিকৰ খাদ্য, প্ৰয়োজনীয় ঔষধ যোগান ধৰাৰ লগতে সুস্বাস্থ্যৰ বাবে যোগ, খেলাধূলা আদিও শিকোৱা হয়৷ কেন্দ্ৰটোত কৰ্মৰত এগৰাকী স্বাস্থ্যকৰ্মীয়ে জনোৱামতে, পুষ্টিহীনতাত ভোগা ৫ বছৰ বয়সৰ তলৰ শিশুসকলক কেন্দ্ৰটোত ভৰ্তি কৰাৰ সমান্তৰালভাৱে শিশুটোৰ সৈতে মাতৃকো কেন্দ্ৰটোত ৰখা হয় ৷

সম্পূৰ্ণ বিনামূলীয়া খাদ্য যোগানৰ লগতে শিশুটিৰ মাতৃক প্ৰতিদিনে দুশ টকাৰ হাত খৰচো প্ৰদান কৰা হয় এই পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰত (Nutrition Rehabilitation Centre in Barpeta) ৷ তদুপৰি এই কেন্দ্ৰত পুষ্টিহীনতাত ভোগা শিশুক চিকিৎসা আৰু পৰিপুষ্টি প্ৰদান কৰাৰ উপৰিও শিশুটিৰ বয়স অনুযায়ী বিকাশ হৈছে নে নাই সেই বিষয়েও বিশেষভাৱে দৃষ্টি ৰখা হয় (Nutrition Rehabilitation Brought Hope in Barpeta) ৷

লগতে পঢ়ক: World Health Day 2023: জানক কিয় আজিৰ দিনটোতে পালন কৰা হয় বিশ্ব স্বাস্থ্য দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.