ETV Bharat / bharat

World Health Day 2023: জানক কিয় আজিৰ দিনটোতে পালন কৰা হয় বিশ্ব স্বাস্থ্য দিৱস

author img

By

Published : Apr 7, 2023, 3:02 AM IST

প্ৰতি বছৰৰ দৰে এইবাৰো ৭ এপ্ৰিলত সমগ্ৰ বিশ্বতে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হ’ব । এই দিৱস কিয় পালন কৰা হয় আৰু ইয়াৰ ইতিহাস কি জানো আহক ।

World Health Day 2023: Health for All
জানক কিয় আজিৰ দিনটোত পালন কৰা হয় বিশ্ব স্বাস্থ্য দিৱস

প্ৰতি বছৰে WHOএ ৭ এপ্ৰিল দিনটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰে(World Health Day 2023)। WHOৰ মতে স্বাস্থ্য মানে কেৱল স্বাস্থ্যসন্মত খাদ্য খোৱাই নহয়, সমগ্ৰ বিশ্ববাসীয়ে একত্ৰিত হৈ সকলোকে দীৰ্ঘ তথা সুস্থ জীৱন যাপন কৰাত প্ৰতি আগ্ৰহী কৰি তোলাটোও নিশ্চিত কৰা (World Health Day 2023 quotes)। চিকিৎসা বিজ্ঞান, নতুন ঔষধ আৰু নতুন ভেকচিনৰ ক্ষেত্ৰত নতুন আৱিষ্কাৰ কৰাৰ সমান্তৰালভাৱে স্বাস্থ্যজনিত বিষয়ৰ প্ৰতি মানুহৰ মাজত সজাগতা বৃদ্ধি কৰাটোও বিশ্ব স্বাস্থ্য সংস্থাৰ লক্ষ্য(World Health Day 2023 time)। সেয়ে এই বিশেষ দিনটোত জানি লওক ইয়াৰ ইতিহাস তথা গুৰুত্ব-

বিশ্ব স্বাস্থ্য দিৱসৰ ইতিহাস জানি লওক

বিশ্ব স্বাস্থ্য দিৱস WHOৰ প্ৰতিষ্ঠাৰ সময়ৰ পৰা আৰম্ভ কৰা হৈছিল(World Health Day History)। ১৯৪৮ চনত বিশ্বৰ দেশসমূহ একত্ৰিত হৈ স্বাস্থ্যৰ প্ৰসাৰৰ বাবে, বিশ্বক সুৰক্ষিত কৰি ৰখা আৰু দুৰ্বল লোকসকলক সেৱা আগবঢ়াবলৈ WHO প্ৰতিষ্ঠা কৰে, যাতে সকলোতে সকলোৱে সুস্থ হৈ থাকিব পাৰে আৰু উচ্চ পৰ্যায়ৰ চিকিৎসা লাভ কৰিব পাৰে(World Health organization)। ইয়াৰ দুবছৰৰ পাছত ১৯৫০ চনত ৭ এপ্ৰিলত প্ৰথম বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হয় আৰু তাৰ পিছৰে পৰা প্ৰতি বছৰে আজিৰ দিনটোতে এই দিৱস পালন কৰা হয়(World Health Day 2023 date)।

বিশ্ব স্বাস্থ্য দিৱসৰ এই বছৰৰ থিম

প্ৰতি বছৰে এক অনন্য বিষয়বস্তুৰ সৈতে বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰা হয় । WHOয়ে এই বছৰ "সকলোৰে বাবে স্বাস্থ্য"(Health for all) শীৰ্ষক বিষয়বস্তুৰে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে(What is the slogan for World Health Day 2023?)। এইবাৰৰ বিষয়বস্তুত এই চিন্তা প্ৰতিফলিত হৈছে যে স্বাস্থ্য হৈছে এক মৌলিক মানৱ অধিকাৰ আৰু প্ৰতিজন ব্যক্তিয়ে যেতিয়া আৰু য’ত প্ৰয়োজন হয়, কোনো ধৰণৰ আৰ্থিক বাধা নোহোৱাকৈয়ে যাতে স্বাস্থ্য সেৱাৰ সুবিধা লাভ কৰিব পাৰে(World Health Day 2023 theme)।

এই বছৰটোও WHOৰ ৭৫ বছৰীয়া জয়ন্তী, গতিকে এই দিনটোক বিশেষ কৰি তুলিবলৈ WHOই বিগত সাতটা দশকত জীৱনৰ মানদণ্ড উন্নত কৰা জনস্বাস্থ্যৰ অগ্ৰগতিৰ ওপৰতো চকু ৰাখিব(world health day speech)।

WHOৰ মতে বিশ্বৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা ?

  1. দুই বিলিয়ন লোক এতিয়াও স্বাস্থ্য সুবিধাৰ পৰা বঞ্চিত, কাৰণ তেওঁলোকৰ হাতত নিজৰ স্বাস্থ্যৰ বাবে খৰচ কৰিবলৈ ধন অভাৱ(What is the theme of World Health Day 2023)।
  2. বিশ্বৰ প্ৰায় ৯৩ কোটি লোকে ঘৰৰ বাজেটৰ ১০ শতাংশ বা তাতকৈ অধিক স্বাস্থ্যৰ বাবে ব্যয় কৰিবলগীয়া হয়, যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা আৰু বেয়া হৈ পৰে ।
  3. বিশ্বৰ ৩০ শতাংশ জনসংখ্যাই আজিলৈকে প্ৰয়োজনীয় স্বাস্থ্য সেৱা লাভ কৰিবলৈ সক্ষম হোৱা নাই(World Health Day 2023 significance)।

লগতে পঢ়ক: Skin Care Tips: প্ৰাকৃতিকভাৱে উজ্বল ছাল পাব বিচাৰে নেকি ? তেন্তে এইদৰে মুখত লগাওক অলিভ অইল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.