ETV Bharat / state

Mother Kills Girl Child in Barpeta: মাতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল তিনি বছৰীয়া শিশুৰ

author img

By

Published : Jan 26, 2022, 8:23 PM IST

Murder by Mother at Barpeta
মাতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল তিনি বছৰীয়া শিশুৰ

এক অবিশ্বাস্য ঘটনা সংঘটিত হ’ল এইখন ৰাজ্যতে ৷ জন্মদাত্ৰীৰ দাৰ ঘাপত চিৰবিদায় মাগিলে এটি তিনিবছৰীয়া সন্তানে (Mother Kills Girl Child in Barpeta) ৷

বৰপেটা, ২৬ জানুৱাৰী: সন্তানৰ বাবে সকলোতকৈ সুৰক্ষিত স্থান মাতৃৰ বুকু ৷ মাতৃৰ বাবে সন্তানেই সৰ্বস্ব ৷ কিন্তু এইখন অসমতে এনে এক ঘটনা সংঘটিত হ’ল যি ঘটনা শুনিলে হয়টো আপুনি বিশ্বাস নকৰিব, বিশ্বাস কৰিলেই বুকু বিষাই যাব আপোনাৰ ৷

মাতৃৰ মমতাক মলিয়ন কৰা এই ঘটনা সংঘটিত হ’ল বৰপেটাৰ সৰ্থেবাৰীত ৷ জন্মদাত্ৰীৰ দাৰ ঘাপত প্ৰাণ গ’ল তিনি বছৰীয়া কন্যাৰ (Mother Kills Girl Child in Barpeta) ৷ সৰ্থেবাৰীৰ বামুনপাকাৰ নৰেশ মণ্ডলৰ পত্নী জয়া মণ্ডলে সংঘটিত কৰা এই ঘটনাই স্বাভাৱিকতেই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ৷

এই পৰ্যন্ত অজ্ঞাত হৈ থকা কাৰণত প্ৰাণ হেৰুৱা কন্যা সন্তানটিৰ নাম ৰূপা মণ্ডল । ঘটনা সংঘটিত হোৱাৰ পিছতে হত্যাকাৰী পত্নীৰ বিৰুদ্ধে স্বামী নৰেশ মণ্ডলে এজাহাৰ দাখিল কৰে স্থানীয় আৰক্ষীৰ ওচৰত ৷ স্বামীৰ এজাহাৰৰ ভিত্তিত সন্তানহন্তা জয়া মণ্ডলক সৰ্থেবাৰী আৰক্ষীয়ে আটক কৰে । সন্তান ৰূপাৰ তেজৰ ৰঙেৰে ৰাঙলী হৈ ৰঙাঘৰলৈ যোৱা জয়াক জেৰা চলাই আছে সৰ্থেবাৰী আৰক্ষীয়ে ৷

লগতে পঢ়ক: Allegation against AMC: অক্সিজেনৰ অভাৱত মৃত্যু হোৱা শিশুৰ মৃতদেহ দিলে অন্য অভিভাৱকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.