Allegation against AMC: অক্সিজেনৰ অভাৱত মৃত্যু হোৱা শিশুৰ মৃতদেহ দিলে অন্য অভিভাৱকক

author img

By

Published : Jan 25, 2022, 8:16 PM IST

Allegation against AMC

কেনেদৰে চলিছে অসম চিকিৎসা মহাবিদ্যালয়ত ৰোগীৰ চিকিৎসা (Allegation against AMC) ? ক’ভিডত আক্ৰান্ত এটি তিনিমহীয়া কণমানিক চিকিৎসা মহাবিদ্যালয়খনত ভৰ্তি কৰোৱাৰ পিছতে পোহৰলৈ আহিছে দুখলগা ছবিখন ৷ চিকিৎসা লাভ কৰাটো দূৰৈৰ কথা, মৃতদেহো হয় সাল-সলনি ৷

শিৱসাগৰ, 25 জানুৱাৰী: চিকিৎসক, নাৰ্চে নাচায় ৰোগীক ৷ চিকিৎসালয় কৰ্তৃপক্ষই ৰোগীৰ স্বাস্থ্যৰ বুজ লয় ৰোগীৰ লগত থকা আত্মীয়ৰ পৰা ৷ চিকিৎসাহীনতাত ভূগি চিকিৎসালয়ৰ বিচনাত চটফটাই থকা ৰোগীৰ ভিডিঅ’ কৰি দেখুৱাবলগীয়া হয় চিকিৎসালয় কৰ্তৃপক্ষক ৷ সেই ৰোগীৰ মৃত্যুৰ হ’লে আন এটা মৃতদেহ চমজাই দিয়া হয় পৰিয়ালক ৷ এয়া অসম চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰৰ প্ৰকৃত ছবিখন ৷

অসম চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাৰ বাবে থকা এটি সদ্যোজাতৰ মৃত্যুৰ পিছতেই পোহৰলৈ আহিছে ৰাজ্যৰ চিকিৎসা ব্যৱস্থাৰ দুখলগা ছবিখন (Allegation against AMC) ৷ বয়স্ক ক’ভিড ৰোগীটো বাদেই, শিশুৰ ক’ভিড চিকিৎসাৰ ক্ষেত্ৰতো চৰম দ্বায়িত্বজ্ঞানহীনতা পৰিলক্ষিত হৈছে চিকিৎসা মহাবিদ্যালয়খনত ৷

অসম চিকিৎসা মহাবিদ্যালয়ত অৰাজকতা

এটা ভিডিঅ’ই ফাদিল কৰিলে ক’ভিড আক্ৰান্ত শিশুক কিদৰে কৰা হয় চিকিৎসা । ৰোগীৰ আত্মীয়ই কৰা ভিডিঅ’টো যোৱা ২৩ জানুৱাৰী তাৰিখৰ । শিৱসাগৰৰ দীপজ্যোতি দাস বৰা নামৰ মাতৃগৰাকীয়ে নিজৰ চাৰে তিনিমহীয়া সন্তানটি ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাইছিল । চিকিৎসাধীন শিশুটিৰ স্বাস্থ্যৰ কিছু জটিলতা অহাত কৰ্মৰত চিকিৎসক-নাৰ্চক বিষয়টো জ্ঞাত কৰোৱাত কলে যে, এটা ভিডিঅ’ কৰি আনক । মাতৃ দীপজ্যোতিয়ে তেওঁৰ সন্তানটিয়ে উশাহ লোৱাত অসুবিধা হোৱা বুলি ভিডিঅ’ কৰি দিয়াৰ পাছত কৰ্মৰত নাৰ্চৰ মন্তব্য- "একো হোৱা নাই, মাত্ৰ তাই জিকাৰ খাইছে"। এইদৰেই জিকাৰ খাই খাই অক্সিজেনৰ অভাৱত মাত্ৰ চাৰে তিনি মহীয়া কণমাণিটিয়ে মৃত্যুক সাৱটি ল’লে ।

কেৱল ইমানেই নহয় ৷ শিশুটিৰ মৃত্যুৰ পিছতে মৃতদেহ সলনি কৰাৰ দৰে এক ভয়ংকৰ অভিযোগো উত্থাপিত হৈছে (Body exchange at Assam Medical College) ৷ পিতৃ-মাতৃৰ হাতত নিজ কণ্যা সন্তানটিৰ পৰিৱৰ্তে প্ৰদান কৰা হ’ল আন এটি অপৰিচিত ল’ৰা সন্তানৰ মৃতদেহ।

সলনি হোৱা শিৱসাগৰৰ মৃতদেহটো ইতিমধ্যে চৰাইদেও জিলাৰ মৰাণ খুমটাইৰ এক মুছলমান পৰিয়ালে জানাজা সম্পন্ন কৰিলে । অৱশেষত দণ্ডাধীশৰ উপস্থিতিত কন্যাসন্তানটিৰ মৃতদেহ খান্দি পুনৰ শিৱসাগৰৰ পৰিয়ালটোক প্ৰদান কৰা হ'ল । বিনা চিকিৎসাই মৃত্যুক সাৱটি লোৱা কন্যা সন্তানটিক যেন অসম চিকিৎসা মহাবিদ্যালয়ে হত্যা কৰিলে দুবাৰকৈ ৷

মৃতদেহ সলনি কাণ্ডৰ ঘটনাক লৈ এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই অসম চিকিৎসা মহাবিদ্যালয়ে ৷ বিষয়টোক লৈ এষাৰো মাত মতা নাই সততে প্ৰতিটো বিষয়তে মাত মাতি অহা স্থানীয় বিধায়ক অখিল গগৈয়েও ৷

লগতে পঢ়ক: Nagaon police encounter: আঁঠুৰ তলত বুলেট দিলে কংস মামাই !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.