ETV Bharat / state

পুনৰ খহনীয়াৰ কবলত কলগাছিয়াৰ বৃহত্তৰ অঞ্চল

author img

By

Published : Oct 21, 2021, 9:53 AM IST

flood Situation of kalgachia
কলগাছিয়াত নিশাটোৰ ভিতৰতে জাহ গ’ল 10 টাকৈ ঘৰ

কলগাছিয়াৰ খাৰবাল্লী আৰু সুঁতিৰপথাৰ গাঁৱৰ বৃহত্তৰ এলেকাত বেকী নদীৰ ভয়ংকৰ গৰাখহনীয়া । নিশাৰ ভিতৰতে নদীৰ বুকুত জাহ গ’ল দহটাকৈ পৰিয়ালৰ বাসগৃহ ৷ খহনীয়াত জাহ যোৱাৰ উপক্ৰম ২নং বিকল্প ৰাজ্যিক ঘাইপথ ।

জনীয়া, 21 অক্টোবৰ : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ মাজেদি বৈ যোৱা বেকী নদীৰ কাতিমহীয়া বাঢ়নী পানীয়ে অশনি সংকেত কঢ়িয়াই আনিছে খাৰবাল্লী আৰু সুতিৰপথাৰ গাঁৱলৈ ৷ অঞ্চল দুটাত তীব্ৰ খহনীয়াৰ ফলত বিনিদ্ৰ ৰজনী পাৰ কৰিছে গাঁৱবাসীয়ে ৷

মঙলবাৰে নিশা হঠাতে নদীৰ জলস্তৰ বৃদ্ধি পোৱাত আতংকৰ সৃষ্টি হয় ৷ চকুৰ পলকতে চপৰা-চপৰে বেকী নৈৰ সোঁতে খহাই নিয়ে খাৰবাল্লী গাঁৱৰ কেইবাজনো লোকৰ ঘৰ-বাৰী । খহনীয়াত সকলো হেৰুওৱাৰ পিছত মুকলি আকাশৰ তলত নৈশ যাপন কৰিবলগীয়া হৈছে পৰিয়ালসমূহে ।

কলগাছিয়াত খহনীয়াৰ তাণ্ডৱ অব্য়াহত

ইপিনে সুঁতিৰপথাৰতো একেধৰণে আৰম্ভ হৈছে বেকী নদীৰ খহনীয়া । খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে খাৰবাল্লী প্ৰাথমিক বিদ্যালয় আৰু চৰ আমগুৰি এল পি স্কুল ৷ ইয়াৰ বিপৰীতে মডাৰ্ণ বজাৰৰ একাংশ ইতিমধ্যে নদীৰ বুকুত জাহ গৈছে ।

তদুপৰি শওপুৰস্থিত ২নং বিকল্প ৰাজ্যিক ঘাইপথলৈও ভাবুকি কঢ়িয়াই আনিছে বেকীৰ খহনীয়াই । কিছুদিন পূৰ্বে হোৱা ভয়ংকৰ খহনীয়াৰ বাবে লোক নিৰ্মাণ বিভাগে জিঅ’ বেগেৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু সেয়া অসাৰত পৰিণত হয় ৷

নৈৰ জলস্তৰ বৃদ্ধি হৈ বিপদসীমাৰ ওপৰেদি বৈ যোৱাত বুধবাৰে নিশাৰ ভাগত লোকনিৰ্মাণ বিভাগে যুদ্ধকালীন তৎপৰতাৰে পথটো মেৰামতি কৰিবলৈ চেষ্টা চলায় ৷ খহনীয়াৰ পৰিমাণ বৃদ্ধি পালে অভয়াপুৰীৰ পৰা আমিনগাঁৱলৈ যোৱা বিকল্প ৰাজ্যিক ঘাইপথটো নৈৰ বুকুত বিলীন হৈ যাব বুলি আশংকা কৰা হৈছে । স্থানীয় ৰাইজে এইসকল লোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক : আই আৰু নাঙলভাঙা নৈৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি; যোগাযোগ ব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.