ETV Bharat / state

কলগাছিয়া ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ত মাইক্ৰ'ফাইনেন্স উদ্গনি আৰু ৰেহাই আঁচনি' ২০২১ৰ চেক বিতৰণ

author img

By

Published : Mar 13, 2022, 10:27 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণামৰ্মে ৰাজ্যত অব্য়াহত মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ পক্ৰিয়া । সমগ্ৰ ৰাজ্যৰ লগতে দেওবাৰে কলগাছিয়াটো ইতিমধ্যে ঋণৰ কিস্তি পৰিশোধ কৰা হিতাধিকাৰীক চেক প্ৰদান কৰে ।

kalgachia microfinance cheque distribution
মাইক্ৰ'ফাইনেন্স উদ্গনি আৰু ৰেহাই আঁচনি' ২০২১ৰ চেক বিতৰণ

জনীয়া, ১৩ মাৰ্চ: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ সময়ত মাইক্ৰ' ফাইনেন্সৰ পৰা ঋণ লোৱা ব্যক্তি সকলক ঋণ মাফ কৰি দিয়াৰ প্ৰতিশ্ৰতি ঘোষণা কৰিছিল(Assam Micro Finance Incentive and Relief Scheme) । সেইমৰ্মে বৰপেটা জিলাৰ প্ৰায় ৩৮০০০ হিতাধিকাৰি যিসকল হিতাাধিকাৰীয়ে ইতিমধ্যেই লোণৰ কিস্তি পৰিশোধ কৰিছিল তেওঁলোকলৈ চেক প্ৰদানৰ ব্যৱস্থা কৰে ।

কলগাছিয়া ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ত মাইক্ৰ'ফাইনেন্স উদ্গনি আৰু ৰেহাই আঁচনি' ২০২১ৰ চেক বিতৰণ

দেওবাৰে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ৰূপসী উন্নয়ন খণ্ডৰ কাৰ্যালয় কলগাচিয়াত ৩১৭৮ গৰাকী হিতাধিকাৰিক উদ্গনিমূলক সাহায্যৰ চেক প্ৰদান কৰা হয় ৷ ৰাজিবুল ইছলামে আঁত ধৰা অনুষ্ঠিতটিত উদ্দেশ্যে বাখ্যা কৰে গ্ৰাম সেৱক ৰাতুল কুমাৰ দাসে ।

খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে আদৰণি ভাষণ দিয়া অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে বৰপেটা জিলাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালে । লগতে অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকে বৰপেটা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ হাসমত আলী, বৰপেটা জিলা পৰিষদ উপ সভাপতি সামচুল হক, শিক্ষা বিষয়া প্ৰদীপ দাস অতিথি হিচাপে উপস্থিত থাকে ।

উল্লেখ্য যে, দেওবাৰৰ অনুষ্ঠানত বন্ধন বেংকসহ প্ৰায় ৮ টা বিভিন্ন স্মল ফাইনেন্সৰ অধীনত ঋণ লৈ নিয়মিতভাৱে কিস্তি পৰিশোধ কৰি থকা মহিলাক চেক প্ৰদান কৰা হয়‌ । চেক হাতত লৈ সুখী হোৱাৰ লগতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে হিতাধিকাৰীসকলে ।

লগতে পঢ়ক: খেলি থাকোতেই গ্ৰেণেড ফুটি আহত শিশু

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.