ETV Bharat / state

ডেৰ বছৰ পূৰ্বে চুৰি হোৱা মটৰ চাইকেলসহ আৰক্ষীৰ জালত চোৰ

author img

By

Published : Oct 16, 2021, 9:48 PM IST

কলগাছিয়াত চুৰি হোৱা মটৰ চাইকেল উদ্ধাৰ । মটৰ চাইকেলখন শুক্ৰেশ্বৰ মন্দিৰৰ কাছমাৰী ঘাটৰ পৰা বিগত ডেৰ বছৰ পূৰ্বে চুৰি হৈছিল । সম্প্ৰতি বাইক চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ।

কলগাছিয়াত ডেৰ বছৰ পূৰ্ৱে চুৰি হোৱা মটৰ চাইকেলসহ আৰক্ষীৰ জালত চোৰ
কলগাছিয়াত ডেৰ বছৰ পূৰ্ৱে চুৰি হোৱা মটৰ চাইকেলসহ আৰক্ষীৰ জালত চোৰ

জনীয়া, 16 অক্টোবৰ : কলগাছিয়া আৰক্ষীয়ে তীৰ, জুৱা আদিকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে । শুকুৰবাৰে কলগাছিয়া চিনেমা হ’লৰ চকত আৰক্ষীয়ে আটক কৰে এটা চোৰ ৷ কলগাছিয়া আৰক্ষীৰ সন্মুখতে নোহোৱা বাজাজ পালছাৰ এন-এছ-200 বাইক লৈ কলগাছিয়া বজাৰত অহা চোৰটোৰ গতি বিধিত সন্দেহ সৃষ্টি হোৱাত আৰক্ষীয়ে আটক কৰে ৷ চোৰটোক আটক কৰাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷

কলগাছিয়াত ডেৰ বছৰ পূৰ্ৱে চুৰি হোৱা মটৰ চাইকেলসহ আৰক্ষীৰ জালত চোৰ

উক্ত মটৰ চাইকেলখন শুক্ৰেশ্বৰ মন্দিৰৰ কাছমাৰী ঘাটৰ পৰা বিগত ডেৰ বছৰ আগতে চুৰি হৈছিল ৷ চুৰি হোৱাৰ পিছ মুহূৰ্ততে গুৱাহাটী পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল বাইকখনৰ গৰাকীয়ে । সেই ডেৰ বছৰৰ পাছত শনিবাৰে লাচাংগা গাঁৱৰ আমিৰ হামজাৰ পুত্ৰ হাফিজুৰ ৰহমানৰ পৰা বাইকখন উদ্ধাৰ হৈছে ৷

উল্লেখযোগ্য যে, আজাহাৰ আলী নামৰ চোৰটোৱে হাফিজুৰ ৰহমানৰ পৰা ১৫ হাজাৰ টকা লৈ চুৰি হোৱা মটৰ চাইকেল খন বন্ধকত থৈছিল । ইতিমধ্যে কলগাছিয়া আৰক্ষীয়ে নিজাববীয়া কৈ গোচৰ ৰুজু কৰি গোচৰ নম্বৰ ৬৮৪/২০২১ ত ৩৭৯/৪১১ IPC ধাৰাত গোচৰ ৰুজু কৰি হাফিজুৰ ৰহমানক বৰপেটা জেল হাজোত লৈ প্ৰেৰণ কৰিছে । সম্প্ৰতি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কলগাছিয়া আৰক্ষী প্ৰশাসনে বাইক চোৰৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃ ৰাজনৈতিক দলৰ পিছে পিছে ঘূৰে সদৌ অসম ছাত্ৰ সন্থা : বিমল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.