ETV Bharat / state

পথ নে পুখুৰী, জলা কলা খাইছে সাধাৰণ জনতাই

author img

By

Published : Jul 11, 2019, 3:35 PM IST

পথ নে পুখুৰী, জলা কলা খাইছে সাধাৰণ জনতাই

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ভাতকুছি গাঁওলৈ যোৱা পথৰ দুৰাৱস্থাই জলা কলা খুৱাইছে সাধাৰণ জনতাক, অতি শীঘ্ৰে পকীকৰণৰ দাবী

বৰপেটা, 11 জুলাইঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ভাতকুছি গাঁওলৈ যোৱা পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক । এজাক বৰষুণতে একাঠু পৰ্যন্ত পানী হোৱা এই পথৰেই পাঁচখনমান গাওঁৰ ৰাইজে দৈনিক বৰপেটা চহৰলৈ অহা যোৱা কৰে । উল্লেখযোগ্য যে, জনীয়াৰ স্থানীয় বিধায়ক আব্দুল খালেকে 2016 চনত এনৰেগা আঁচনিৰ অধীনত 4 লাখ টকা ব্যয় সাপেক্ষে পথটো নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছিল । কিন্তু বিধায়কৰ ঘনিষ্ঠ কেইজনমান ঠিকাদাৰে কেই ট্ৰাকমান মাটি পেলায়েই নিজৰ দায়িত্ব সামৰে বুলি অভিযোগ উঠিছে । সেয়ে উক্ত পথটোৰে অহা যোৱা কৰা ৰাইজে পথটো অতি শীঘ্ৰে পকীকৰণ কৰিবলৈ গড়কাপ্তানী মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ।

পথ নে পুখুৰী, জলা কলা খাইছে সাধাৰণ জনতাই
Intro:বৰপেটা, ১১ জুলাইঃ ৰাজ্যখনৰ গাও অঞ্চলৰ বাট-পথসমুহৰ উন্নয়নৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ লগতে গড়কাপ্তানি বিভাগেও বিশেষ গুৰুত্ব প্ৰদান কৰিছে যদিও বৰপেটা জিলাৰ বহু বাট পথৰ অৱস্থা অতি জৰাজীৰ্ণ ৷ Body:এয়া বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ভাতকুছি গাওলৈ যোৱা একমাত্ৰ পথ ৷ পথটোৰ অৱস্থা চাওক ৷ কিদৰে একাঠু পৰ্যন্ত পানীত ডুব গৈ আছে পথটো ৷ পথটো দেখিলে, পথ নে পুখুৰী একো মনিবই নোৱাৰা অৱস্থা ৷ এই পথটোৰেই পাঁচখনমান গাওৰ গঞাই দৈনিক বৰপেটা চহৰলৈ অহা যোৱা কৰিব লাগে ৷ অথচ পথটোৰ মেৰামতি বা পকীকৰনৰ ক্ষেত্ৰত কাণসাৰ নাই জনীয়াৰ স্থানীয় বিধায়ক অথবা চৰকাৰৰ ৷ ইপিনে জনীয়াৰ বিধায়ক আব্দুল খালেকে ২০১৬ চনত এমজিএনৰেগা আঁচনিৰ অধীনত ৪ লাখ টকা ব্যয় সাপেক্ষে পথটো নিৰ্মানৰ আচনি গ্ৰহন কৰিছিল ৷ কিন্তু বিধায়কৰ আশীষপুষ্ট ঠিকাদাৰে কেইট্ৰাকমান মাটি পেলায়েই চাৰি লাখ টকা আত্মসাৎ কৰে ৷ পথটোৰে যাতায়াতৰ ক্ষেত্ৰত দূৰ্ভোগ ভূগি অহা ৰাইজে পথটো পকীকৰন কৰিবলৈ গড়কাপ্তানী মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ৷
Conclusion:
বাইটঃ দুজন স্থানীয় লোক ৷
--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.