ETV Bharat / state

বানাক্ৰান্ত শিবিৰত জনীয়াৰ বিধায়ক

author img

By

Published : Jul 7, 2020, 11:16 AM IST

Jania MLA Visits Flood relief Camp
বানাক্ৰান্ত শিবিৰত জনীয়াৰ বিধায়ক

শিবিৰত গৰু, ম'হ, হাঁহ-কুকুৰা আদি পশুধনক লৈও বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে বানাক্ৰান্ত ৰাইজ ।

বৰপেটা, 7 জুলাই : বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড0 হাফিজ ৰফিকুল ইছলামে সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে সমষ্টিৰ অন্তৰ্গত বিভিন্ন বানাক্ৰান্ত এলেকা আৰু শিবিৰ পৰিভ্ৰমণ কৰে । জনীয়াৰ সুতিৰ পাথাৰত থকা এটা শিবিৰত উপস্থিত হৈ বিধায়কগৰাকীয়ে বানাক্ৰান্তৰ অভাৱ-অভিযোগৰ বুজ লয় ৷

বানাক্ৰান্ত শিবিৰত জনীয়াৰ বিধায়ক

প্ৰায় অৰ্ধশতাধিক পৰিয়ালে আশ্ৰয় লৈ থকা শিবিৰটোত বিশুদ্ধ খোৱাপানী, খাদ্য, শৌচাগাৰ একোৱেই সুবিধা নথকাত মৰ্মাহত হয় বিধায়কগৰাকীয়ে । শিবিৰত গৰু, ম'হ, হাঁহ-কুকুৰা আদি পশুধনক লৈও বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে বানাক্ৰান্ত ৰাইজ । বিধায়কগৰাকীয়ে সুতিৰ পাথাৰৰ অস্থায়ী শিবিৰত দুটাকৈ টিউবেল যোগান ধৰাৰ লগতে যাৱতীয় সুবিধাৰ বাবে বৰপেটা জিলা প্ৰশাসনৰ লগত আলোচনা কৰাৰ আশ্বাস দিয়ে শিবিৰত থকা লোকসকলক ।

লগতে পঢ়ক: ৰঙাপৰাত বন্যহস্তীৰ উপদ্ৰৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.