ETV Bharat / state

Illegal sand mining on banks of Beki River: বেকী নৈৰ পাৰত অবৈধ বালি খনন কাৰ্যৰ বিৰোধিতা ৰাইজৰ

author img

By

Published : Feb 9, 2023, 12:35 PM IST

Illegal sand mining by mafia in Beki river side area of Kalgachia
বন মাফিয়াৰ অবৈধ বালি খনন

কলগাছিয়াৰ সুতিৰপাথাৰ আৰু আমগুৰি গাঁৱৰ বেকী নৈৰ কাষত বন মাফিয়াৰ অবৈধ বালি খনন । অবৈধ বালি খনন বন্ধ কৰাৰ দাবীত ৰাইজৰ প্ৰতিবাদ (Protest against Illegal sand mining on banks of Beki River) । বালি খননত বাধা দিলে মৃত্যুৰ ভাবুকি বালি মাফিয়াৰ ।

বন মাফিয়াৰ অবৈধ বালি খনন

জনীয়া, 9 ফেব্ৰুৱাৰী: প্ৰতি বছৰে অহা বানৰ সমান্তৰালকৈ খহনীয়াৰ তাণ্ডৱত দিশহাৰা হৈ পৰে ৰাজ্যৰ নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলাকলা খুৱাই অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ বাৰিষা কালত নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷

বানৰ পাছত আকৌ ভূতৰ ওপৰত দানহ পৰাদি খহনীয়াই এফালৰ পৰা ঢাঁহি-মুহি নিয়ে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion in Assam) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াত শেহতীয়াকৈ বেকী নদীৰ বিধ্বংসী খহনীয়াত বহু পৰিয়ালৰ ঘৰ-বাৰী জাহ গৈছে (Erosion of Beki river) ৷ উল্লেখ্য যে এই খহনীয়াৰ অন্য এটা কাৰণ হ’ল বালিৰ অবৈধ খনন কাৰ্য ৷ হয়, বেকী নদীৰ পাৰত একাংশ বালি মাফিয়াই চলোৱা খনন কাৰ্যৰ বাবেই খহনীয়াই আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে (Illegal sand mining on banks of Beki River) ৷

এইবাৰ কলগাছিয়াৰ সুতিৰপাথাৰ আৰু আমগুৰি গাঁৱত বালি মাফিয়াই চলাই গৈছে অবাধে খনন কাৰ্য ৷ দিনটোৰ 24 ঘন্টাই বেকী নদীৰ দহ মিটাৰ নিলগত চলাই গৈছে এই বালি খনন ৷ আজি ৰাইজৰ অভিযোগত সাংবাদিকৰ এটা সঁজাতি দল উপস্থিত হয় খনন স্থলীত ৷ খনন স্থলীত সাংবাদিকক দেখা পাই সেই স্থানৰ পৰা বালি মাফিয়া ট্ৰেক্টৰ লৈ পলাই পত্ৰং দিয়ে ৷

স্থানীয় ৰাইজৰ অভিযোগ, বিগত তিনি মাহ ধৰি এনেদৰেই অবৈধভাৱে খনন চলাই গৈছে বালি মাফিয়াই ৷ এই ক্ষেত্ৰত ৰাইজে বহুবাৰ বাধা দিছে যদিও ৰাইজৰ বাধাক অৱমাননা কৰি ওলোটাই ৰাইজক খনন কাৰ্য চলাই যাব বুলিও ধমক দিয়ে বালি মাফিয়াই ৷ লগতে ৰাইজে বালি খননত বাধা দিলে মৃত্যুৰ ভাবুকি পৰ্যন্ত দিয়ে বালি মাফিয়াই । এই ক্ষেত্ৰত বন বিভাগ আৰু বৰপেটা জিলা প্ৰশাসনৰ অৱহেলাৰ বাবে এনেদৰে বালি মাফিয়াই অবৈধ খননৰ সুযোগ পোৱাৰ অভিযোগ ৰাইজৰ ৷ এই খননৰ বাবে বাৰিষাৰ পূৰ্বেই ঘৰ-বাৰী খহনীয়াত জাহ যোৱাৰ সন্দেহ কৰিছে ৰাইজে ৷

সেয়াহে উপায়বিহীন হৈ আজি অৰ্থাৎ বৃহস্পতিবাৰে ৰাইজ ওলাই আহি বালিৰ অবৈধ খনন বন্ধ কৰাৰ দাবীত সাব্যস্ত কৰে এক প্ৰতিবাদী কাৰ্যসূচী (Illegal sand mining in Kalgachia) ৷ প্ৰতিবাদকাৰীসকলে বালি খনন বন্ধ কৰক, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানিবই লাগিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

উল্লেখযোগ্য যে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সুতিৰপাথাৰ আৰু আমগুৰি গাঁৱত মহুৰ উদ্দিন, ছালাম, কবাদ আলী, ছাদুল্লা, বাতিনুল আৰু আনোৱাৰ বিগত তিনিমাহ ধৰি বেকী নৈৰ পাৰত অবৈধ বালি খনন চলাই আহিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে । কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ নিৰৱ বন বিভাগ কিম্বা বৰপেটা জিলা প্ৰশাসন ।

এই খনন কাৰ্যই কলগাছিয়া ৰাজহ চক্ৰৰ সুতিৰপাথাৰ আৰু আমগুৰি গাঁৱলৈ কঢ়িয়াই আনিছে বেকী নদীৰ খহনীয়াৰ তীব্ৰ ভাবুকি । সেয়েহে অতি শীঘ্ৰেই এই অবৈধ বালি খনন বন্ধ কৰিবলৈ দাবী জনাইছে ৰাইজে । অন্যথা বাৰিষা কালত সুতিৰপাথাৰ আৰু আমগুৰি গাঁও বেকী নৈৰ বুকুত বিলীন হ’ব বুলিও কয় ৰাইজে ৷ এতিয়া প্ৰশ্ন হয় কাৰ ছত্ৰছায়াত বালি মাফিয়াই চলাই গৈছে এই খনন কাৰ্য ? এই ক্ষেত্ৰত বন বিভাগে কিয় ব্যৱস্থা লোৱা নাই ? নে বন বিভাগৰ লগত বন মাফিয়াৰ কিবা মিতিৰালি আছে ?

লগত পঢ়ক: Erosion of Beki River continues: কলগাছিয়াত অব্যাহত বেকী নৈৰ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.