ETV Bharat / state

Erosion of Beki River continues: কলগাছিয়াত অব্যাহত বেকী নৈৰ খহনীয়া

author img

By

Published : Jan 30, 2023, 10:40 AM IST

Erosion in Kalgachia
বেকী নৈৰ খহনীয়াৰ তাণ্ডৱ

কলগাছিয়াৰ মইনবৰীত বেকী নৈৰ খহনীয়াৰ তাণ্ডৱ (Erosion in Kalgachia) ৷ কুৰিটা পৰিয়ালৰ ভেটি-মাটি, শ শ বিঘা কৃষি ভূমি জাহ গ’ল নৈৰ বুকুত ৷ খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ ৷ সেয়েহে স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে খহনীয়াগ্ৰস্ত পৰিয়ালৰ তীব্ৰ ক্ষোভ প্ৰকাশ ৷ মুখ্যমন্ত্ৰীলৈ সহায়ৰ প্ৰাৰ্থনাৰে খহনীয়াগ্ৰস্ত লোকৰ কাতৰ আহ্বান ৷

বেকী নৈৰ খহনীয়াৰ তাণ্ডৱ

জনীয়া, 30 জানুৱাৰী: ৰাজ্যত এতিয়াও অব্যাহত আছে খহনীয়াৰ কালৰূপ ৷ প্ৰতি বছৰে অহা বানৰ সমান্তৰালকৈ খহনীয়াৰ তাণ্ডৱত দিশহাৰা হৈ পৰে নৈপৰীয়া ৰাইজ ৷ বান আৰু খহনীয়াই প্ৰতি বছৰে জলাকলা খুৱাই অসমৰ নৈপৰীয়া লোকসকলক (Natural disaster in Assam) ৷ বাৰিষা নৈৰ বুকু উফন্দি উঠিলেই প্লাৱিত হয় নৈৰ দুয়োপাৰৰ বিস্তীৰ্ণ অঞ্চল ৷ বানে ঘৰ-বাৰী, খেতি পথাৰ বুৰাই ব্যাপক ক্ষতি সাধন কৰে ৰাইজৰ (Flood in Assam) ৷

বানৰ পাছত আকৌ ভূতৰ ওপৰত দানৱ পৰাদি খহনীয়াই এফালৰ পৰা ঢাঁহি-মুহি নিয়ে খেতি পথাৰ তথা নৈৰ পাৰত বসতি স্থাপন কৰা লোকসকলৰ বাসগৃহ (Erosion in Assam) ৷ এনেদৰেই নৈৰ বুকুত লীন হৈ যায় বহুলোকৰ সপোন ৷ নৈৰ বুকুত ঘৰ-বাৰী খহনীয়াত জাহ যোৱাত দিশহাৰ হৈ পৰে একাংশ দৰিদ্ৰ পৰিয়াল ৷ ফলত তেওঁলোকৰ ভৱিষ্যত জীৱনৰ প্ৰতি নামি আহিছে চৰম ভাবুকি ৷

উল্লেখ্য যে বৰপেটা জিলাৰ কলগাছিয়াৰ পশ্চিম মইনবৰীত বেকী নদীৰ বিধ্বংসী খহনীয়া বৰ্তমানো অব্যাহত আছে (Erosion of Beki River continues)। শেহতীয়াকৈ খহনীয়াত জাহ গৈছে বহুলোকৰ ভেটি-মাটিসহ সপোনৰ ঘৰখন ৷ ঘৰ-বাৰী খহনীয়াৰ কৱলত জাহ যোৱাত এক প্ৰকাৰে গৃহহীন হৈ পৰিছে নৈ পৰীয়াৰ বিস্তীৰ্ণ অঞ্চল ৷ যাৰ ফলত ৰাইজৰ মাজত সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ (Many Families homeless due to flood and erosion) ৷

উল্লেখযোগ্য যে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত মইনবৰীত বিগত কেইবা বছৰ ধৰি অব্যাহত আছে বিধ্বংসী খহনীয়া (Devastating erosion continues for several years) । মইনবৰী বৃহৎ অঞ্চল বেকী নদীৰ খহনীয়াৰ কৱলত পৰি প্ৰায় নিচিহ্ন হৈ পৰিছে । য’ত এসময়ত বসবাস কৰিছিল গাঁওখনৰ বহু ৰাইজ ৷ সেই ঠাই এতিয়া খহনীয়াৰ কৱলত পৰি সম্পূৰ্ণ ৰূপে নিচিহ্ন হৈ পৰিছে ৷ কেৱল ভেটি মাটিয়েই নহয়, শ শ কৃষি ভূমিও জাহ গৈছে বেকী নদীত । মূৰৰ ঘাম মাটিত পেলাই কৃষকে কৰিছিল বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি ৷

শ শ বিঘাত জলকীয়া, মাকৈ আদি বিভিন্ন খেতিৰে সপোন ৰচিছিল কৃষকে ৷ কিন্তু খহনীয়াই এফালৰ পৰা খহাই নিলে সকলো কৃষি ভূমি ৷ ফলত খহনীয়াৰ লগতেই বিলীন হৈ গ’ল কৃষৰ সপোন ৷ অতি কষ্টৰে কৰা খেতি নিমিষতে খহাই নিলে খহনীয়াই ৷ এইসকল কৃষকৰ বিননি এতিয়া কোনে শুনিব ?

কাৰণ খহনীয়াগ্ৰস্ত লোকৰ খবৰ ল’বলৈ আহৰি নাই জিলা প্ৰশাসন কিম্বা জনপ্ৰতিনিধিৰ । নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধি আহে আৰু বিভিন্ন প্ৰতিশ্ৰুতিও দিয়ে ৷ কিন্তু এফালে নিৰ্বাচন যায় আৰু আনফালে তেওঁলোকৰ প্ৰতিশ্ৰুতিও ফুটুকাৰ ফেনত পৰিণত হয় ৷ জনপ্ৰতিনিধিসকলে এই দৰিদ্ৰ লোকসকলক যে ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আহিছে, সেই কথা কিন্তু নুই কৰিব নোৱাৰি ৷

স্থানীয় ৰাইজৰ অভিযোগ অতি শীঘ্ৰেই যদি খহনীয়া ৰোধৰ কোনো ব্যৱস্থা নকৰে, তেন্তে যি সামান্য কৃষি মাটি আছে, সেইখিনিও অতি শীঘ্ৰেই খহনীয়াৰ কৱলত পৰিব ৷ সমাগত বাৰিষাত অঞ্চলটোত বান আৰু খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলিও আশংকা প্ৰকাশ কৰিছে গাঁওখনৰ ৰাইজে ৷ সেয়েহে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ খহনীয়াগ্ৰস্ত লোকৰ আহ্বান, খহনীয়া ৰোধ কৰি আমাক জীয়াই থকাৰ পথটো প্ৰশস্ত কৰি দিয়ক ৷

এতিয়া প্ৰশ্ন হয় বিজেপি নেতৃত্বাধীন চৰকাৰখনে সভাই সমিতিয়ে সদায় উন্নয়নৰ কথা কৈ আহিছে ৷ কিন্তু এয়াই নেকি বিজেপি চৰকাৰৰ উন্নয়ন ? এইসকল কৃষকৰ বিননি বিজেপি চৰকাৰখনৰ কানত পৰা নাই নেকি ? নে দেখিও নেদেখা কুলিৰ ভাও ধৰিছে চৰকাৰখনে ?

লগতে পঢ়ক: Erosion in Kalgachia: খাৰবাল্লীত বেকী নদীৰ ভয়ংকৰ খহনীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.