ETV Bharat / state

Illegal sand mining : কাৰ সাহসত তাণ্ডৱ চলাইছে বালি মাফিয়াই ?

author img

By

Published : Nov 27, 2021, 8:34 PM IST

Illegal sand mining in kalgasia : forest department remained silent
Illegal sand mining : কাৰ সাহসত তাণ্ডৱ চলাইছে বালি মাফিয়াই ?

কলগাছিয়াত অব্যাহত আছে বালিৰ অবৈধ খনন কাৰ্য ( illegal sand mining in Kalgasia ) । কিন্তু কাৰ ছত্ৰছায়াত বালি মাফিয়া( illegal sand mafia)ই অবাধে চলাইছে খনন ? চকুমুদা কুলিৰ ভাও লৈছে নেকি বন বিভাগে ? সবিশেষ জানো আহক ৷

কলগাছিয়া, 27 নৱেম্বৰ : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়াৰ মোৱামাৰীত চলি আছে বালি মাফিয়াৰ ত্ৰাস ( illegal sand mining in Kalgasia)। অবৈধ বালি খননেৰে এই বালি মাফিয়াই চলাইছে ৰমৰমীয়া ব্যবসায় । কিন্তু, ৰহস্যজনক ভাৱে এই সমগ্ৰ প্ৰক্ৰিয়াত নীৰৱ দৰ্শকৰ ভুমিকা পালন কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে জিলা প্ৰশাসন তথা বন বিভাগৰ বিৰুদ্ধে । জনীয়া সমষ্টিৰ অন্তৰ্গত মুৱামাৰী গাঁৱৰ বেকী নদীৰ নিচেই ওচৰত ফৰুক আৰু ছলেমান নামৰ লোকদুজনে চৰকাৰৰ অনুজ্ঞাপত্ৰ অবিহনে অবৈধ ভাবে বালিৰ খনন কাৰ্য চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে ।

Illegal sand mining : কাৰ সাহসত তাণ্ডৱ চলাইছে বালি মাফিয়াই ?

উল্লেখযোগ্য যে, বেকী নদীৰ গৰা-খহনীয়াৰ কবলত পৰি একাংশ মানুহৰ মাটি-ভেটি নাইকিয়া হোৱাৰ পিছতো একাংশ বালি মাফিয়াই এনেধৰণৰ কাম চলাই থকাক লৈ আশ্চৰ্য প্ৰকাশ কৰিছে সচেতন মহলে । ইফালে, গৰাখহনীয়াই এনে ৰূপ লোৱাৰ পিছতো বৰপেটা জিলা প্ৰশাসন তথা ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ (Assam forest minister Parimal Suklabaidya) বন বিভাগৰ বৰপেটা ৰোড সংমণ্ডলে কোনো ধৰণে গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ।

এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কাৰ সাহসত এইদৰে অবৈধ বালি মাফিয়াই এনেদৰে মুক্ত খন অব্যাহত ৰাখিব পাৰিছে ? নদীৰ নিচেই ওচৰত বসবাস কৰা দুখীয়া ৰাইজ(river erosion affected people of Kalgasia)ৰ বাবে চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব তাক লৈয়ো চিন্তিত হৈছে অঞ্চলটোৰ সচেতন মহল ।

লগতে পঢ়ক : Assam Rifles raid against drugs : মণিপুৰত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.