ETV Bharat / state

Illegal sand mining at Kalgasia: কলগাছিয়াৰ মোৱামাৰীত বেকী নৈত অবাধ খনন

author img

By

Published : Nov 15, 2022, 3:08 PM IST

Illegal sand mining at Kalgasia
কলগাছিয়াৰ মোৱামাৰীত বেকী নৈত অবাধ খনন

কলগাছিয়াৰ মোৱামাৰীত বেকী নৈৰ পাৰত চলিছে অবৈধ খনন (Illegal Sand mining in Mowamari at Kalgaia) । শ শ ট্ৰেক্টৰেৰে খনন কৰিছে বেকী নদীৰ গৰা । ফলত গৰাখহনীয়াই বিধ্বংসী ৰূপ লোৱাৰ আশংকা কৰিছে ৰাইজে । ইয়াৰ পিছতো চকুমুদা কুলিৰ ভাও ধৰিছে বন বিভাগে ।

জনীয়া, ১৫ নৱেম্বৰ: ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে বালিৰ অবৈধ খনন (Illegal Sand mining in Assam) ৷ বালি খননৰ বিষয়ে বিভিন্ন সংবাদ মাধ্যমত সঘনাই প্ৰচাৰ হৈ আহিছে যদিও কাণসাৰ নাই চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ ৷ নিৰ্লিপ্ত ভূমিকাত অৱতীৰ্ণ হৈছে আৰক্ষী তথা বন বিভাগ ৷ ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে কলগাছিয়াতো বেকী নৈৰ পাৰত চলিছে অবৈধ খনন (Illegal mining on banks of Beki River in Kalgasia)। ফলত বিধ্বংসী ৰূপ লৈছে (Devastating Erosion at Kalgasia)খহনীয়াই ।

উল্লেখ্য় যে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বেকী নদীৰ বিধ্বংসী খহনীয়াই কালৰূপ ধাৰণ কৰি নৈপৰীয়া ৰাইজৰ ঘৰ-ভেটি উচন কৰিছে । অসাধু লোকে মেচিন আৰু ট্ৰেক্টৰেৰে খনন চলাই থকাত খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । বেকী নদীৰ বিধ্বংসী গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি কলগাছিয়া, বলাইপাথাৰ, খাৰবাল্লী, আমগুৰি আদি গাঁৱলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । বিশেষ কৈ কলগাছিয়াৰ মোৱামাৰীত বেকী নৈৰ পাৰত অবাধ খনন চলাত ৰাইজ শংকিত হৈছে ।

কলগাছিয়াৰ মোৱামাৰীত বেকী নৈত অবাধ খনন

এইদৰে দৈনিক ট্ৰেক্টৰেৰে মাটি খনন কৰাৰ ফলত বেকী নৈৰ গৰাখহনীয়াই বিধ্বংসী ৰূপ লোৱাৰ পিছতো বৰপেটাৰোড বন সংমণ্ডলে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই (Allegation against Barpeta Road Forest Division)। ফলত স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে । সেয়ে শীঘ্ৰে মাটি খনন বন্ধ কৰাৰ লগতে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ ভূক্তভোগী ৰাইজে চৰকাৰক আহ্বান জনাইছে ।

ইপিনে, আমিনগাঁৱৰ পৰা জনীয়া হৈ অভয়াপুৰীলৈ যোৱা ২নং বিকল্প ৰাজ্যিক ঘাইপথ আৰু শওপুৰত আদৰ্শ বিদ্যালয়ৰ পৰা ক্ৰমে ৫০ মিটাৰ আৰু ১০০ মিটাৰ নিলগৰ স্থানৰ পৰা বালি মাফিয়াই দিনে নিশাই ট্ৰেক্টৰ আৰু ডাম্পাৰেৰে চলাই গৈছে বালিৰ সৰবৰাহ । ফলত কোটি কোটি টকা চৰকাৰী ধন ব্যয় কৰি নিৰ্মাণ কৰা ৰাজ্যিক ঘাইপথ, বেকী নৈৰ দলং আৰু আদৰ্শ বিদ্যালয়ৰ প্ৰতি তীব্ৰ ভাবুকি আহিছে ।

লগতে পঢ়ক:Government School amalgamation: অস্তিত্ব হেৰুওৱাৰ দিশে ১৯৬৪ চনতে স্থাপন হোৱা পুৰণিগুদামৰ এখন শিক্ষানুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.