ETV Bharat / state

Government School amalgamation: অস্তিত্ব হেৰুওৱাৰ দিশে ১৯৬৪ চনতে স্থাপন হোৱা পুৰণিগুদামৰ এখন শিক্ষানুষ্ঠান

author img

By

Published : Nov 15, 2022, 10:43 AM IST

CBSE school will be establish instead of government school at Puranigudam
Government School amalgamation: চৰকাৰী বিদ্যালয়ৰ উঠাই চিবিএছচি পাঠ্যক্ৰমৰ বিদ্যালয় স্থাপনৰ যো-জা পুৰণিগুদামত

পুৰণিগুদামৰ ১৯৬৪ চনতে স্থাপন হোৱা অন্যতম শিক্ষানুষ্ঠান আউনীআটি উচ্চ মাধ্যমিক বিদ্যালয়খন প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ পুৰণিগুদাম আৰ.কে.বি. উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।এই খবৰ শুনাৰ পিছতে এতিয়া চৰম বিবুদ্ধিত পৰিছে বিদ্যালয়খনত অধ্যয়নৰত প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল (Parents complaint against School amalgamation) ৷

পুৰণিগুদাম, 15 নৱেম্বৰ: "আমাৰ ইমান টকা নাই, আমি যেনেতেনে কাম কৰি খাই আছো ৷ আমি ল’ৰা-ছোৱালীক ব্যক্তিগত বিদ্যালয়ত পঢ়াব নোৱাৰো ৷ শিক্ষামন্ত্ৰী ডাঙৰীয়া, বিদ্যালয়খন উঠাই লৈ নাযাব ৷ নহ’লে আমাৰ ল’ৰা ছোৱালীৰ ভৱিষ্যৎ অন্ধকাৰ ৷ আমাৰ শিক্ষাৰ মানদণ্ড বেয়া নহয় ৷ চৰকাৰে পাৰে যদি বিদ্যালয়খন উন্নত কৰক ৷ চৰকাৰক অনুৰোধ কৰিছো আমাৰ নিচিনা মানুহখিনিৰ মুখলৈ চাই বিদ্যালয়খন থাকিবলৈ দিয়ক ৷" শিক্ষা বিভাগৰ অবিবেচক কাণ্ডৰ বাবে এতিয়া নিজ সন্তানৰ অনিশ্চিত শৈক্ষিক ভৱিষ্যতকলৈ শংকিত হৈছে একাংশ অভিভাৱক (Parents complaint against School amalgamation) ৷ অৱশেষত সংবাদমাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰে অভিভাৱকে ৷

অস্তিত্ব হেৰুওৱাৰ দিশে ১৯৬৪ চনতে স্থাপন হোৱা পুৰণিগুদামৰ আউনীআটি উচ্চ মাধ্যমিক বিদ্যালয়

শেহতীয়াকৈ শিক্ষা সংস্কাৰৰ গইনা লৈ ৰাজ্যৰ প্ৰায় আঢ়ৈ হাজাৰ শিক্ষানুষ্ঠান চিৰদিনৰ বাবে বন্ধ কৰাৰ প্ৰস্তুতি চলাইছে বুলি ঘোষণা কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে(Government schools will be closed in Assam)৷ ইতিমধ্যে মেট্ৰিক পৰীক্ষাত শূন্য ফলাফল আৰু কম ছাত্ৰ-ছাত্ৰী থকা শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত চূড়ান্ত কৰাৰ কথা সদৰী কৰিছিল শিক্ষা বিভাগে (Poor result school to close)। নলবাৰী জিলাতে ৯১খন হাইস্কুল, বৰপেটাত ৬৭ খন, লখিমপুৰত ৪০ খন, ধুবুৰীত ৩৮ খন, কামৰূপত ২৪ খন, যোৰহাটত ১৪ খন, মৰিগাঁৱত ১০ খন আৰু নগাঁৱত ৭ খন হাইস্কুল বন্ধ কৰা হ’ব ।

এই ঘোষণা কৰা বিদ্যালয়সমূহৰ ভিতৰত নাম অন্তৰ্ভুক্ত হৈছে পুৰণিগুদামৰ ১৯৬৪ চনতে স্থাপন হোৱা আউনীআটি উচ্চ মাধ্যমিক বিদ্যালয়খন ৷ অঞ্চলটোৰ ভিতৰতে পুৰণি অন্যতম শিক্ষানুষ্ঠান আউনীআটি উচ্চ মাধ্যমিক বিদ্যালয়খন প্ৰায় পাঁচ কিলোমিটাৰ নিলগৰ পুৰণিগুদাম আৰ.কে.বি. উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই খবৰ শুনাৰ পিছতে এতিয়া চৰম বিবুদ্ধিত পৰিছে বিদ্যালয়খনত অধ্যয়নৰত প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল ৷

যেনে-তেনে পেটে ভাতে খাই থকা লোকসকলে সদায় গাড়ীৰ ভাড়া দি শিশুসকলক বিদ্যালয়লৈ পঠিয়াব নোৱাৰে বুলি ক্ষোভ উজাৰিছে ৷ ইফালে লক্ষণীয় কথাটো হ'ল যে বৃহত্তৰ অঞ্চলটোত চি.বি.এছ.চি. পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ তুলনামূলকভাৱে কম ৷ তেনেক্ষেত্ৰত কি কাৰণত বিদ্যালয়খন আৰ.কে.বি. উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগত একত্ৰিত কৰি তাৰ স্থানত নতুনকৈ এখন চি.বি.এছ.চি. পাঠ্যক্ৰমৰ বিদ্যালয় কিয় খুলিবলৈ লৈছে সেই কথা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷

লগতে আউনীআটি হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰতিবছৰে ভাল হৈ অহাৰ পিছতো শিক্ষা বিভাগৰ এনে কাণ্ডই এতিয়া চৰম অস্বস্তিত পেলাইছে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলক ৷ ইয়াৰ পিছতে মঙলবাৰে বাবে মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী গৰাকীয়ে বিষয়টো দৃষ্টিগোচৰ কৰি পুনৰ বিবেচনা কৰিবৰ বাবে আহ্বান জনাইছে স্থানীয় লোকসকলে ৷ প্ৰয়োজন হ’লে অঞ্চলটোৰ প্ৰতিনিধিয়ে মুখ্যমন্ত্ৰীকে ধৰি শিক্ষামন্ত্ৰীক লগ কৰি এই সন্দৰ্ভত আলোচনা কৰিব বুলিও সদৰী কৰে ৷

লগতে পঢ়ক: নোহোৱা হ’ব ৰাজ্যৰ আঢ়ৈ হাজাৰ চৰকাৰী খণ্ডৰ বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.