ETV Bharat / state

Ex-husband kills wife: পূৰ্বৰ স্বামীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পত্নীক !

author img

By

Published : Jan 30, 2023, 2:17 PM IST

Ex husband killed wife at Kalgachia
প্ৰাক্তন স্বামীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পত্নীক

কলগাছিয়াত এটা নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Murder case at Kalgachia)৷ পত্নীয়ে দ্বিতীয় বিবাহ কৰাৰ প্ৰতিশোধ লবলৈ প্ৰাক্তন স্বামীয়ে কুঠাৰে ঘপিয়াই হত্যা কৰিলে এগৰাকী মহিলাক (Ex husband murdered wife) ৷

প্ৰাক্তন স্বামীয়ে কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে পত্নীক

জনীয়া, 30 জানুৱাৰী: ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ এইবাৰ বৰপেটা জিলাৰ কলগাছিয়াৰ বলাইপাথাৰত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে (Murder case at Kalgachia) ৷ পৰকীয়া প্ৰেমৰ পৰিণতিত এই ঘটনা সংঘটিত হৈছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে (Extra marital affair case) ৷

ঘটনাৰ বিৱৰণী অনুসৰি ডালিমন নেচা নামৰ (৩৫) বছৰীয়া মহিলাগৰাকীয়ে সামাজিক ৰীত-নীতি অনুসৰি ময়দান আলী নামৰ এজন ব্যক্তিৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল (Ex husband murdered wife)। দুয়োৰে তিনিটাকৈ সন্তানো আছিল ৷ তিনি সন্তানৰ সৈতে আগবঢ়া এখন সুখৰ সংসাৰত হঠাৎ লাগিল কেনা ৷

ডালিমনৰ আতোৱাৰ ৰহমান নামৰ এজন ব্যক্তিৰ লগত পৰিচয় হয় ৷ দুয়োৰে মাজত প্ৰথমে বন্ধুত্ব হয় ৷ লাহে লাহে এই বন্ধুত্বই প্ৰেমলৈ ৰূপান্তৰিত হয় ৷ দুয়োৰে প্ৰেমৰ কথা প্ৰথমে ডালিমনৰ স্বামীয়ে গম পোৱা নাছিল ৷ কিন্তু দিন বাগৰি যোৱাৰ লগে লগে ডালিমন আৰু আতোৱাৰ প্ৰেমৰ সম্পৰ্ক গাঢ় হৈ উঠিল ৷ দুয়োৱে নিজৰ সম্পৰ্কটোক সামাজিক স্বীকৃতি দিবলৈ বিচাৰিছিল ৷ দুয়ো পৰিকল্পনা কৰি প্ৰথমে ডালিমনৰ স্বামীক আতোৱাৰৰ লগত থকা সম্পৰ্কৰ কথা কৈ আতোৱাৰৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ মনস্থ কৰাৰ কথা জনায় ৷

কথামতেই কাম ৷ ডালিমনে ময়দানৰ গৃহ ত্যাগ কৰি আতোৱাৰৰ লগত বিবাহপাশত আৱদ্ধ হৈ আতোৱাৰৰ ঘৰলৈ গুচি আহে ৷ ইফালে ময়দানে এইদৰে পত্নীয়ে তেওঁৰ অন্য পুৰুষৰ লগত সংসাৰ কৰাৰ কথা সহ্য কৰিব পৰা নাছিল ৷ প্ৰতিশোধৰ জুইত জ্বলি থকা ময়দানে প্ৰতিটো খোজতে ডালিমনক নীৰিক্ষণ কৰিবলৈ আৰম্ভ কৰিলে ৷ দেওবাৰে ডালিমনৰ নতুন স্বামী আতোৱাৰ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি ময়দানে ডালিমনৰ বাসগৃহত প্ৰৱেশ কৰি প্ৰাক্তন পত্নীক কুঠাৰেৰে ঘপিয়াই হত্যা কৰে (Ex husband kills wife) ৷

ঘৰৰ লোকে ময়াদনক তেজেৰে লুটুৰি পুটুৰি অৱস্থাত পৰি থকা দেখি লগালে চিঞৰ বাখৰ ৷ লগে লগে স্থানীয় লোকে সেই স্থানত উপস্থিত হোৱাৰ লগতে কলগাছিয়া আৰক্ষী থানাত খবৰ দিয়ে ৷

খবৰ অনুসৰি কলগাছিয়া আৰক্ষী (Kalgachia police rescued body) উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ ও হাস্পতাললৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । এই ঘটনা সংঘটিত কৰি ময়দান বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ মৃত মহিলাগৰাকীৰ পৰিয়ালে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে (Case filed against ex husband)৷ ইফালে আৰক্ষীয়ে ময়দানৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ হত্যাকাণ্ডৰ এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক: Minor Rape Case: নাবালিকাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ যুৱক; পাঁচ মাহৰ অন্তঃসত্বা নাবালিকাগৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.