ETV Bharat / state

Minor Rape Case: নাবালিকাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ যুৱক; পাঁচ মাহৰ অন্তঃসত্বা নাবালিকাগৰাকী

author img

By

Published : Jan 29, 2023, 1:58 PM IST

গোৱালপাৰাত 5 মাহৰ পিচত পোহৰলৈ আহিছে জঘন্য ধৰ্ষণৰ ঘটনা (Rape case in Goalpara) ৷ 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি পাঁচমহীয়া অন্তঃসত্বা কৰিলে যুৱকে (Minor girl pregnant in Goalpara) ৷

Rapist arrested in Goalpara
১২ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি পাঁচ মহীয়া অন্তঃসত্বা

১২ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি পাঁচ মহীয়া অন্তঃসত্বা

গোৱালপাৰা, 29 জানুৱাৰী: অমানৱীয় ! গোৱালপাৰাত সংঘটিত হৈছে মানৱ সমাজক লজ্জাজনক কৰা এক জঘন্য ঘটনা (Rape case in Goalpara)৷ এগৰাকী ১২ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি পাঁচ মাহৰ অন্তঃসত্বা কৰিলে এজন যুৱকে (Minor girl pregnant in Goalpara) ৷ দেওবাৰে গোৱালপাৰা সদৰ আৰক্ষীয়ে কৃষ্ণাইৰ পৰা ধৰ্ষণকাৰী তাজিদুল শ্বেখক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Goalpara sadar police station arrested accused)।

ঘটনা অনুসৰি, যোৱা পাঁচ মাহ পূৰ্বে তাজিদুলে একে গাঁৱৰে এগৰাকী 12 বছৰীয়া নাবালিকাক বলপূৰ্বকভাৱে ঘৰৰ পৰা উঠাই নি ধৰ্ষণ কৰিছিল ৷ নাবালিকাগৰাকীয়ে বাৰে বাৰে এৰি দিবলৈ অনুৰোধ কৰাৰ পিচতো কু-অভিপ্ৰায় সিদ্ধি কৰে তাজিদুলে ৷ তাৰ পিচতে এই ঘটনাৰ কথা কাকো নকবলৈ নাবালিকাগৰাকীক ভাবুকি দিছিল ধৰ্ষণ অভিযুক্তটোৱে ৷ এই ঘটনা সম্পৰ্কে ঘৰৰ মানুহ বা অইন ব্যক্তিক ক’বলৈ বাধা দিয়াৰ উপৰিও ঘটনা সন্দৰ্ভত মুখ খুলিলে প্ৰাণে মৰাৰ ভাবুকিও দিছিল তাজিদুলে ।

এই ঘটনাৰ প্ৰায় পাঁচ মাহৰ পিচতে কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত ততাতৈয়াকৈ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱাত প্ৰকৃত ঘটনা পোহৰলৈ আহে । অন্তঃসত্বা নাবালিকাগৰাকীয়ে ঘৰৰ লোকৰ আগত সকলো কথা কৈ দিয়াৰ পিচতে ঘৰৰ লোক আচৰিত হয় ৷ লগে লগে নাবালিকাগৰাকীৰ অভিভাৱকে গোৱালপাৰা সদৰ আৰক্ষী থানা এখন এজাহাৰ দাখিল কৰে ।

এজাহাৰ দাখিলৰ পিচত গোৱালপাৰা চহৰ আৰক্ষীয়ে POCSO আইনৰ অধীনত ১৮/২৩ নম্বৰৰ ৩৭৬-এ.বি/৫০৬ আই পি চি ধাৰাত কেচ ৰুজু কৰে । গোৱালপাৰা সদৰ আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । এজাহাৰ দাখিলৰ প্ৰায় ১২ ঘণ্টাৰ ভিতৰতে জিলাখনৰ কৃষ্ণাইৰ পৰা ধৰ্ষণ অভিযুক্ত তাজিদুলক গোৱালপাৰা সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি গোৱালপাৰা সদৰ থানালৈ লৈ আহে (Rapist arrested in Goalpara)।

ইফালে ১২ বছৰীয়া নাবালিকাগৰাকী অন্তঃসত্বা হোৱাৰ বাবে শাৰীৰিক স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক ৷ সম্প্ৰতি আৰক্ষীয়ে অভিযুক্ত তাজিদুলক সোধ পোছ অব্যাহত ৰাখিছে ৷ ৰাজ্যত ক্ৰমাৎ বৃদ্ধি হৈছে নাৰিজনিত অপৰাধৰ ঘটনা ৷ যোৱা 26 জানুৱাৰীত মহানগৰীত বশিষ্ঠত এগৰাকী যুৱতী দহজন যুৱকৰ কামনাৰ বলি হোৱাৰ এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে (Guwahati Gang rape case) ৷

গোৰেশ্বৰৰ এখন গাঁৱৰ নিবাসী ভুক্তভোগী যুৱতীগৰাকীয়ে চাইকেল চলাই গৈ থকা অৱস্থাত প্ৰথমে যুৱকৰ দলটোৱে অপহৰণ কৰি নিচাযুক্ত টেবলেট খুৱাই মহানগৰীৰ কোনো অজ্ঞাত স্থানলৈ দলবদ্ধ ধৰ্ষণ কৰে (Gang rape in Guwahati) । ঘটনা সংঘটিত হোৱাৰ এদিন পাচত অৰ্থাৎ 27 জানুৱাৰীৰ দিনা যুৱতীগৰাকীক বশিষ্ঠৰ ইন্দিৰা নগৰৰ ৰাজপথত পেলাই থৈ যায় ৷

লগতে পঢ়ক: Gang rape at Basistha : গুৱাহাটীৰ বশিষ্ঠত দহ যুৱকৰ কামনাৰ বলি এগৰাকী যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.