ETV Bharat / state

Drugs Peddler Arrested : তাৰাবাৰী আৰক্ষীৰ জালত নিচাজাতীয় টেবলেটসহ সৰবৰাহকাৰী

author img

By

Published : Aug 9, 2022, 9:35 AM IST

Updated : Aug 9, 2022, 10:25 AM IST

Drugs Peddler Arrested
Drugs Peddler Arrested

বৰপেটাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Police raid against drugs in Barpeta) । সোমবাৰে নিশা তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ছাটাগাঁৱত অভিযান চলায় । অভিযানত নিচাজাতীয় টেবলেটসহ এজন যুৱকক আটক ।

বৰপেটা, ৯ আগষ্ট : বৰপেটা জিলাত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান (Police raid against drugs in Barpeta) । সোমবাৰে নিশা বিশেষ খবৰৰ ভিত্তিত তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ছাটাগাঁৱত অভিযান চলাই নিচাজাতীয় টেবলেটসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় (Arrest youth with drugs tablets in Barpeta) ।

তাৰাবাৰী আৰক্ষীৰ জালত নিচাজাতীয় টেবলেটসহ সৰবৰাহকাৰী

ধৃত যুৱকজন বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত ৰৌমাৰী পাথাৰ গাঁৱৰ চুৰমান আলীৰ ১৯ বছৰীয়া পুত্ৰ মমৰেজ আলী বুলি জানিব পৰা গৈছে । ধৃত যুৱকজনৰ পৰা নিচাজাতীয় টেবলেট জব্দ কৰাৰ লগতে এটা মোবাইল ফোন আৰু নগদ ২২ হাজাৰ টকাও জব্দ কৰে আৰক্ষীয়ে (Police seized mobile phone and intoxicating tablets) ।

ধৃত মমৰেজ আলীৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগে । উল্লেখ্য যে দীৰ্ঘদিন ধৰি মমৰেজ আলীয়ে ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে (Drugs peddler arrested in Tarabari of Barpeta) ।

উল্লেখ্য, অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসন নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময়তো ৰাজ্যৰ বিভিন্ন স্থানত এতিয়াও চলি আছে ইয়াৰ সৰবৰাহ (Assam Government strict against Drugs smuggling) । বিগত সময়ছোৱাত অসম আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা বিপুল পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে যথেষ্ট সংখ্যক সৰবৰাহকাৰী । লগতে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী । তাৰ পিছতো কিন্তু ৰাজ্যত এতিয়াও কমা নাই ড্ৰাগছ সৰবৰাহ তথা নিচাযুক্ত দ্ৰব্যৰ চোৰাং বেহা ।

লগতে পঢ়ক :Majuli police in Moran: মৰাণৰ হোটেলত মাজুলী আৰক্ষীৰ অভিযান

Last Updated :Aug 9, 2022, 10:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.