ETV Bharat / state

Majuli police in Moran: মৰাণৰ হোটেলত মাজুলী আৰক্ষীৰ অভিযান

author img

By

Published : Aug 9, 2022, 8:03 AM IST

সোমবাৰে মৰাণত উপস্থিত হয় মাজুলী আৰক্ষীৰ এটা দল(Majuli police in Moran) । আৰক্ষীৰ দলটো উপস্থিত হৈ মৰাণৰ এখন হোটেলত চলালে তদন্ত । এগৰাকী যুৱতীয়ে দিয়া নিৰ্যাতনৰ অভিযোগৰ ভিত্তিত মাজুলী আৰক্ষীয়ে তদন্ত চলাই হোটেলখনত ।

majuli police investigation at moran hotel
মৰাণৰ হোটেলত মাজুলী আৰক্ষীৰ অভিযান

মৰাণ,৯ আগষ্ট: সোমবাৰে মৰাণত উপস্থিত হয় মাজুলী আৰক্ষীৰ এটা দল(Majuli police in Moran) । মৰাণত উপস্থিত হৈ মাজুলী আৰক্ষীৰ দলটোৱে অভিযান চলাই মৰাণৰ পেচিফিক ইন হোটেলত(Majuli police probe into Moran hotel) । মাজুলীৰ ডিএছপিৰ নেতৃত্বত আৰক্ষীৰ এটা দলে যুৱতী নিৰ্যাতনৰ ঘটনাৰ তদন্ত কৰিবলৈ চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত তিখৰাই তিনি আলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত উক্ত হোটেলখনলৈ আহিছিল ।

মৰাণৰ হোটেলত মাজুলী আৰক্ষীৰ অভিযান

সূত্ৰ অনুসৰি, প্ৰায় তিনি মাহ পূৰ্বে এজন যুৱকে হোটেলৰ কোঠালৈ যুৱতী গৰাকীক আনি নিৰ্যাতন কৰাৰ কথা পোহৰলৈ আহিছিল আৰু তাৰ তদন্ত কৰিবলৈ মৰাণত উপস্থিত হয় মাজুলী আৰক্ষী । যুৱতীগৰাকীয়ে মাজুলী থানাত গোচৰ ৰুজু কৰাৰ পিছত মাজুলী থানাৰ আৰক্ষীৰ লগতে যুৱতীগৰাকী আৰু তেওঁৰ অভিভাৱকসহ তদন্তৰ বাবে মৰাণহাটত উপস্থিত হয় ।

হোটেলখনখনত বহু সময় ধৰি আৰক্ষীৰ দলটোৱে অভিযান চলায় । পৰৱৰ্তী সময়ত মাজুলী আৰক্ষীয়ে গোচৰটোৰ তদন্তৰ বাবে প্ৰয়োজনীয় কাগজ-পত্ৰ আদি লৈ উভতি যায় । হোটেলখনৰ গৰাকীয়ে কয় য়ে হোটেলৰ নিয়ম অনুসৰি তেওঁলোকে পৰিচয় পত্ৰ লৈ গ্ৰাহকক কোঠাটো প্ৰদান কৰিছিল । ইফালে তদন্ত প্ৰক্ৰিয়াত উপস্থিত থকা মৰাণ আৰক্ষীৰ চক্ৰ পৰিদৰ্শক সিদ্ধেশ্বৰ বড়োৱে কয় যে মাজুলীত পঞ্জীয়ন কৰা গোচৰটোৰ তদন্ত মাজুলী আৰক্ষীয়ে কৰি আছে আৰু তদন্ত অব্যাহত থাকিব ।

লগতে পঢ়ক: Rangia freedom fighter passed away: ৰঙিয়াৰ প্ৰবীণ মুক্তি যুঁজাৰু কৃষ্ণকান্ত লহকৰৰ ইহলীলা সম্বৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.