ETV Bharat / state

Assam Erosion news: গৰাখহনীয়া ৰোধৰ চেষ্টা ব্যৰ্থ চৰকাৰৰ, এসপ্তাহত জাহ গ’ল বাৰটাকৈ পৰিয়ালৰ ঘৰ-ভেঁটি

author img

By

Published : Jun 12, 2023, 2:14 PM IST

Updated : Jun 12, 2023, 2:31 PM IST

Assam erosion news
বেঁকী নদীয়ে আৰম্ভ কৰিছে তীব্ৰ গৰাখহনীয়া

কলগাছিয়াৰ আমগুৰি গাঁৱত বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়া । এটা সপ্তাহত জাহ গ’ল বাৰটাকৈ পৰিয়ালৰ ঘৰ-ভেঁটি । আন কেইবাটাও পৰিয়াললৈ সৃষ্টি হৈছে তীব্ৰ ভাবুকিৰ । নিজৰ ঘৰ দুৱাৰ লৈ নিৰাপদ স্থানলৈ ঢাপলি । গৰাখহনীয়া প্ৰতিৰোধৰ দাবী ভুক্তভোগী ৰাইজৰ ।

বেঁকী নদীয়ে আৰম্ভ কৰিছে তীব্ৰ গৰাখহনীয়া

বৰপেটা, 12 জুন : ৰাজ্যত আৰম্ভ হৈছে গৰাখহনীয়াৰ তাণ্ডৱ ৷ চৰকাৰে গৰাখহনীয়া ৰোধৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে যদিও কাৰ্যকৰী হৈ উঠা নাই ৷ জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেঁকী নদীয়ে আৰম্ভ কৰিছে তীব্ৰ গৰাখহনীয়া । চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ ফলত বেঁকী নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰি বিগত এটা সপ্তাহৰ ভিতৰত বাৰটাকৈ পৰিয়ালৰ ঘৰ-ভেঁটি উছন কৰাৰ লগতে আন কেইবাটাও পৰিয়াললৈ সৃষ্টি কৰিছে তীব্ৰ ভাবুকিৰ ।

বেঁকী নদীয়ে ঘৰৰ আপোন ভেঁটিটো খহাই নিয়াত ঘৰ-দুৱাৰ ভাঙি লৈ শেষত নিৰাপদ স্থানলৈ ঢাপলি মেলিছে ভীতিগ্ৰস্ত পৰিয়ালবোৰে ৷ যেন এক যুদ্ধত অৱতীৰ্ণ হৈছে খহনীয়াগ্ৰস্ত ৰাইজ । ইতিমধ্যে কেইবাবাৰো খহনীয়াৰ কৱলত পৰা এই সকল লোকে শেষ আশ্ৰয়স্থল নিজৰ মাটি ডৰা হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিণত হোৱাৰ লগতে অঘৰী জীৱন কটাবলগীয়া হোৱাটো নিশ্চিত হৈ পৰিছে ।

এই খৰালীৰ সময়তো গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় সাংসদ আব্দুল খালেক আৰু জনীয়াৰ তিনিবাৰৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজ । সম্প্ৰতি এই খৰালীৰ সময়ত শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে আমগুৰি, খাৰবাল্লী, সুতিৰপাথাৰ, কলগাছিয়াকে ধৰি বৃহত্তৰ অঞ্চল গৰাখহনীয়াৰ কবলত পৰাৰ আশংকা কৰি চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ ।

উল্লেখ্য যে বিগত বৰ্ষত বিধ্বংসী গৰাখহনীয়াৰ ফলত অভয়পুৰীৰ পৰা আমিনগাঁওলৈ যোৱা শওপুৰস্থিত দ্বিতীয় নং ৰাজ্যিক ঘাইপথ সম্পূৰ্ণৰূপে বেকী নদীৰ গৰাখহনীয়াৰ কৱলত পৰিছিল । ফলত শীঘ্ৰে এইবছৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক, বৰপেটা জিলা প্ৰশাসন তথা জন প্ৰতিনিধিক দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক : Assam erosion news:কলগাছিয়াৰ কাউৰঝাহি গাৱঁত গৰাখহনীয়া প্ৰতিৰোধৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

Last Updated :Jun 12, 2023, 2:31 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.