Assam erosion news:কলগাছিয়াৰ কাউৰঝাহি গাৱঁত গৰাখহনীয়া প্ৰতিৰোধৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : May 25, 2023, 1:19 PM IST

corruption

কলগাছিয়াৰ কাউৰঝাহি গাৱঁত গৰাখহনীয়া প্ৰতিৰোধৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে (Corruption in anti erosion work in Barpeta) ৷ নামমাত্ৰ কাম কৰি আঁচনিৰ সমুদায় টকা বিধায়কে আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ । অতি শীঘ্ৰেই তদন্ত মৰ্মে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে তেওঁলোকে ।

গৰাখহনীয়া প্ৰতিৰোধৰ কামত ব্যাপক দুৰ্নীতি

বৰপেটা, 25 মে’ : বান নাহোতেই গৰাখহনীয়াৰ চিন্তাই শিহৰিত কৰি তুলিছে অসমৰ ৰাইজক ৷ ৰাজ্যৰ ঠায়ে ঠায়ে গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ চকুৰ পচাৰতে যেন শেষ হৈ যাব বহু অঞ্চল, স্বচক্ষে তেনে দৃশ্য দেখি ভীতিগ্ৰস্ত হৈ পৰিছে বহু ঠাইৰ বাসিন্দা ৷ বৰপেটা জিলাৰ কলগাছিয়াৰ কাউৰঝাহি গাৱঁত গৰাখহনীয়াক লৈ উদ্বিগ্ন স্থানীয় ৰাইজ ৷ বিধায়কৰ বিৰুদ্ধে সৰৱ হৈ সকলোৱে একেমুখে আনিছে অভিযোগ (Corruption in anti erosion work in Barpeta) ৷

বৰপেটা জিলাৰ জনিয়া সমষ্টিৰ অন্তৰ্গত কাউৰঝাহি গাৱঁত বিধায়ক স্থানীয় অঞ্চল উন্নয়ন (MLA LAD) আচঁনিৰ হতুৱাই গৰাখহনীয়া প্ৰতিৰোধৰ কাম হাতত লোৱা হৈছিল ৷ কিন্তু কাম শেষ যোৱাৰ অন্তত ৰাইজে কামত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ তুলিছে । উল্লেখ্য যে, কাউৰঝাহি গাঁৱত বেকী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত ২০১৯-২০ বৰ্ষত বিধায়ক স্থানীয় অঞ্চল উন্নয়ন (MLA LAD) আঁচনিৰ অধীনত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ১০ লাখ টকা আবন্টন দিয়া হৈছিল । কিন্তু ঠিকাদাৰে সমুদায় ধন আত্মসাৎ কৰি ৮০ হাজাৰৰ পৰা ১ লাখ টকাৰ নামমাত্ৰ কাম কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে সাধাৰণ জনতাই (Corruption in anti erosion work)।

গৰাখহনীয়া প্ৰতিৰোধৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে জনিয়াৰ স্থানীয় বিধায়ক হাফিজ ৰফিকুল ইছলামৰ বিৰুদ্ধেও । কামৰ ক্ষেত্ৰত স্থানীয় বিধায়কে ৰাইজৰ প্ৰতিনিধি হৈ ৰাইজৰ হকে কাম কৰা নাই বৰঞ্চ ব্যৱসায়হে আৰম্ভ কৰিছে বুলিও দোহাৰে স্থানীয় ৰাইজে । বিধায়কজনে অকল নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহি বিভিন্ন প্ৰলোভন দিয়ে আৰু লগতে কেৱল একাপ চাহ খুৱাই প্ৰতিশ্ৰুতি শেষ কৰে বুলিও অভিযোগ আনিছে তেওঁলোকে । গতিকে অহা নিৰ্বাচনত এনে দল বৰ্জন কৰিব বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় ৰাইজে ।

বৰ্তমান সময়ত বেকী নদীয়ে যি ভাবুকি কঢ়িয়াই আনিছে তাৰ ফলত কাউৰঝাহি, বলাইপথাৰ, কলগাছিয়া সম্পূৰ্ণৰূপে নদীৰ বুকুত বিলীন হ’ব বুলি শংকা ব্যক্ত কৰে স্থানীয় ৰাইজে (Assam erosion) । যাৰ বাবে বৰপেটা জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰিছে তেওঁলোকে ৷ এটি বিশেষ কমিটি গঠন কৰি এই দুৰ্নীতি আৰু অনিয়ম হোৱা কামৰ ওপৰত তদন্ত মৰ্মে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক : Majuli sprouts farming:মাজুলীৰ টিকৰাই চাপৰিত প্ৰথমবাৰৰ বাবে গ্ৰীষ্মকালীন মাটিমাহ মগুমাহৰ খেতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.