ETV Bharat / state

Drugs seized from two places: কলগাছিয়াত ব্ৰাউন ছুগাৰসহ দুই সৰবৰাহকাৰীক আটক

author img

By

Published : Apr 2, 2023, 10:28 PM IST

Brown Sugar along with two peddlers detained at Kalgachia
কলগাছিয়াত ব্ৰাউন ছুগাৰসহ দুটা সৰবৰাহকাৰী আটক

কলগাছিয়া আৰক্ষীৰ বৃহৎ সফলতা ৷ সাংবাদিক আৰু স্থানীয় ৰাইজৰ সহযোগত কলগাছিয়া আৰক্ষীয়ে একেদিনাই দুঠাইত নিচাযুক্ত সামগ্ৰীসহ দুটা সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ কিন্তু ইয়াৰে এটা সৰবৰাহকাৰী ৰাইজৰ হাতৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়(Drugs seized from two places) ৷

কলগাছিয়াত ব্ৰাউন ছুগাৰসহ দুই সৰবৰাহকাৰী আটক

জনীয়া, 2 এপ্ৰিল : নিচাযুক্ত সামগ্ৰীৰ ঘাটিলৈ পৰিণত হৈছে বৰপেটা জিলাৰ কলগাছিয়া (Anti Drugs mission at Kalgachia) ৷ কলগাছিয়াত একেদিনাই দুঠাইৰ পৰা নিচাযুক্ত সামগ্ৰী জব্দ কৰে কলগাছিয়া আৰক্ষীয়ে (Drugs seized from two places)৷

প্ৰথমটো ঘটনা অনুসৰি দেওবাৰে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া বজাৰৰ মাজমজিয়াত ৰাইজৰ সহযোগত সাংবাদিকে দুটাকৈ ব্ৰাউন ছুগাৰ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ যদিও তাৰে এটা সৰবাৰহাকাৰী পলায় যাবলৈ সক্ষম হয় (Brown Sugar seized at Kalgachia ) ৷ ধৃত সৰবৰাহকাৰী দুটা জাহাংগীৰ আলম আৰু ইকবাল হুছেইন বুলি জানিব পৰা গৈছে (Two peddlers detained at Kalgachia) ৷ লগে লগে ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ সৰবৰাকাৰীটোৰ পৰা ১৭ টাকৈ ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰে ৷

উল্লেখ্য যে, ধৃত ইকবাল হুছেইনে বিগত তিনি মাহ ধৰি ড্ৰাগছ সেৱন কৰি আহিছিল ৷ ইকবালৰ পৰা জব্দকৃত ড্ৰাগছখিনি পূব কলগাছিয়াৰ জাহাংগীৰ আলম পৰা ৫,০০০ টকাৰে কিনি লৈছে বুলি স্বীকাৰোক্তি দিয়ে ৷

ইকবাল হুছেইন আৰু জাহাংগীৰ আলমক একেলগে থকা অৱস্থাত ইকবালক ৰাইজে আটক কৰে যদিও ৰাইজৰ হাতৰ পৰা জাহাংগীৰ পলাই যাবলৈ সক্ষম হয় ৷ কলগাছিয়া আৰক্ষীয়ে ইকবাল হুছেইনক কলগাছিয়া আৰক্ষী থানালৈ সোধা-পোছাৰ বাবে লৈ যায় ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

দ্বিতীয়টো ঘটনাত বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পূব কলগাছিয়াৰ জিৰুবাৰী চেগুন গছৰ বাগিচাত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতেই আৰক্ষী তথা সাংবাদিক উপস্থিত হয় (Drugs seized at Kalgachia) ৷ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষীসহ সাংবাদিকৰ দল উপস্থিত হয় ৷ ইফালে সাংবাদিকৰ কেমেৰা দেখি ড্ৰাগছ সেৱনকাৰী কেইটাই যধে মধে পলাই পত্ৰং দিয়ে ৷

আৰক্ষীয়ে ড্ৰাগছ আসক্তকাৰীকেইটাৰ পিচে পিচে খেদি যায় যদিও ধৰিবলৈ সক্ষম নহয় ৷ উল্লেখ্য যে, আৰক্ষীয়ে এই অঞ্চলকেইটাত ড্ৰাগছ সেৱনকাৰীৰ বিৰুদ্ধে সঘনাই অভিযান চলোৱাৰ পিচতো বন্ধ হোৱা নাই ড্ৰাগছৰ বেহা ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অঞ্চলটোৰ নাবালকেও ড্ৰাগছ সেৱন কৰিবলৈ আৰম্ভ কৰিছে ৷

ঘটনাস্থলীৰ পৰা কলগাছিয়া আৰক্ষীয়ে দুটা ড্ৰাগছৰ কণ্টেইনাৰ, ড্ৰাগছ সেৱন কৰা সামগ্ৰী, এটা টকাৰ বেগ, দুযোৰ চেণ্ডেলসহ আন আন সামগ্ৰী জব্দ কৰি কলগাছিয়া আৰক্ষী থানালৈ লৈ যায় ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে প্ৰত্যেকদিনাই এই চেগুন গছৰ বাগিচাত উদণ্ড যুৱকৰ দলে ড্ৰাগছ সেৱন কৰিবলৈ আহে ৷ সেয়েহে আৰক্ষী প্ৰশাসনক এই অবৈধ ড্ৰাগছ সেৱনকাৰীক আটক কৰি ড্ৰাগছৰ ব্যৱসায় বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক: Pilgrims vehicle crashes: তীৰ্থযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত ৩ গৰাকী আহত 41 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.