ETV Bharat / bharat

Pilgrims vehicle crashes: তীৰ্থযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ নিহত ৩ গৰাকী আহত 41 গৰাকী

author img

By

Published : Apr 2, 2023, 6:37 PM IST

তামিলনাডুত তীৰ্থযাত্ৰী ভৰ্তি বাছ দুৰ্ঘটনাগ্ৰস্ত (Pilgrims bus crashes in Tamil Nadu)। ৩ গৰাকী লোক নিহত হোৱাৰ লগতে প্ৰায় ৪১ গৰাকী লোক আহত । আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ ।

Pilgrims vehicle crashes
তামিলনাডুত তীৰ্থযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

নেশ্যনেল ডেস্ক,২ এপ্ৰিল : তামিলনাডুৰ ভেলংকানিত শোকাৱহ পথ দুৰ্ঘটনা (Tragic accident in Tamil Nadu)। দেওবাৰে পুৱতি নিশা সংঘটিত এই দুৰ্ঘটনাত ৩ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৪১ গৰাকী আহত হয় (3 death in Tamil Nadu accident)। তথ্য অনুসৰি কেৰালাৰ পৰা অহা এখন তীৰ্থযাত্ৰী ভৰ্তি বাহন দুৰ্ঘটনাত পতিত হয় । কেৰালাৰ ত্ৰিচুৰৰ পৰা ৫১ জনীয়া এটা দল বাহনখনেৰে শনিবাৰে সন্ধিয়া তামিলনাডুৰ ভেলংকানি গীৰ্জা পৰিদৰ্শন কৰিবলৈ আহিছিল (Accident in Tamil Nadu Velankanni)।

দুৰ্ঘটনাটোৰ পাচতে ওৰাথানাডু আৰু মান্নাৰগুড়িৰ অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল তৎক্ষণাত সেই স্থানত উপস্থিত হয় । উদ্ধাৰকাৰী দলটোৱে দুৰ্ঘটনাতপতিত লোকসকলক উদ্ধাৰ কৰা ব্যস্ত হৈ পৰে ।

দুৰ্ঘটনাটোত মৃত্যু হোৱাৰ লোকসকলৰ ভিতৰত এগৰাকী মহিলা আৰু এটি ৮ বছৰীয়া শিশু আছে । তথ্য অনুসৰি, ভেলংকানিৰ সমীপৰ এটা ওখ স্থানেৰে বাছখন গৈ থকা সময়তে দুৰ্ঘটনাত পতিত হয় । তীৰ্থযাত্ৰীসকলে সন্দেহ কৰা মতে বাছ চালকজনৰ টোপনি আহিছিল (Pilgrims bus crashes)। ইফালে দুৰ্ঘটনাত মৃত লোকসকলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অৰ্থানাডু চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

আহতসকলকো ততাতৈয়াকৈ থাঞ্জাভুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হৈছে । দুৰ্ঘটনাস্থলীত ওৰাথানাডুৰ ডিএছপি প্ৰসন্ন আৰু আৰক্ষী পৰিদৰ্শক অনবাজাগানৰ নেতৃত্বত এটা দলো উপস্থিত হয় ।

বিগত মাহত কেৰালাৰ নীলাক্কাল ইলাভুনকাল অঞ্চলতো অনুৰূপ দুৰ্ঘটনা সংঘটিত হৈছিল (Kerala bus accident)। তামিলনাডুৰ পৰা শবৰীমালালৈ যোৱা তীৰ্থযাত্ৰী ভৰ্তি এখন বাহন গভীৰ খাৱৈত পৰি যোৱাৰ ফলত বাছৰ চালককে ধৰি কেইবাজনো লোক আহত হৈছিল । বাছখনত প্ৰায় ৬২ গৰাকী তীৰ্থযাত্ৰী আছিল । অৱশ্যে দুৰ্ঘটনাটোৰ কাৰণ জানিব পৰা হোৱা নাছিল । এগৰাকী বিষয়াই জনোৱা মতে দুৰ্ঘটনাটোত বাছখনৰ চালকসহ কেইবাজনো তীৰ্থযাত্ৰী আহত হৈছিল । বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে দুৰ্ঘটনাটোত আহতসকলৰ ভিতৰত ৭ টা শিশু আছে ।

লগতে পঢ়ক :Violence in Bihar: বিহাৰত ভয়ংকৰ সংঘাত; নালন্দাত আহত তিনিজন; চাচাৰামতো এজন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.