ETV Bharat / state

Book release program: লেখকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবেই পাঠকৰ সংখ্যা হ্ৰাস পাইছে: নীলিম কুমাৰ

author img

By

Published : Dec 24, 2022, 12:25 PM IST

Book release program in Barpeta
বৰপেটাত উন্মোচন কৰা হয় ধ্ৰুৱজ্য়োতি দাসৰ কাব্যগ্ৰন্থ 'টাকুৰীটো ঘুৰে বাবে'

বৰপেটাত উন্মোচন কৰা হয় ধ্ৰুৱজ্য়োতি দাসৰ কাব্যগ্ৰন্থ 'টাকুৰীটো ঘূৰে বাবে' (Book release program in Barpeta) । বিশিষ্ট কবি নিলীম কুমাৰৰ উপস্থিতিত উন্মোচন কৰা হয় কাব্যগ্ৰন্থখনি । গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিনীতা বৰা দেৱচৌধুৰী, অক্ষয় কুমাৰ মিশ্ৰ, ড৹ বিৰিঞ্চি কুমাৰ দাসকে ধৰি কেবাগৰাকীও বিশিষ্ট লেখক ।

বৰপেটাত উন্মোচন কৰা হয় ধ্ৰুৱজ্য়োতি দাসৰ কাব্যগ্ৰন্থ 'টাকুৰীটো ঘুৰে বাবে'

বৰপেটা, ২৩ ডিচেম্বৰ: কবিতা মানেই নিজক খন্দা - বৰপেটাত ধ্ৰুৱজ্য়োতি দাসৰ 'টাকুৰীটো ঘূৰে বাবে' কাব্যগ্ৰন্থ উন্মোচন কৰি এই মন্তব্য প্ৰকাশ কৰে বিশিষ্ট কবি নীলিম কুমাৰে(Noted poet Neelam Kumar) । বৰপেটাত বিনীতা বৰা দেৱচৌধুৰী, অক্ষয় কুমাৰ মিশ্ৰ, ড৹ বিৰিঞ্চি কুমাৰ দাসকে ধৰি কেবাগৰাকীও বিশিষ্ট লেখকৰ উপস্থিতিত উন্মোচন কৰা হয় ধ্ৰুৱজ্যোতি দাসৰ 'টাকুৰীটো ঘূৰে বাবে' কাব্য গ্ৰন্থখনি(Book release program in Barpeta) ।

হুইল চেয়াৰখনকে সংগী কৰি জীৱনক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি ৰাজ্যৰ নৱ-প্ৰজন্মৰ এগৰাকী সম্ভাৱনাময় লেখক হিচাপে আত্মপ্ৰকাশ কৰা ধ্ৰুৱজ্যোতি দাসৰ কাব্যগ্ৰন্থখন প্ৰকৃততে এখন কাব্যগ্ৰন্থ আৰু গ্ৰন্থখন সকলোৱে আকোৱালি ল'ব বুলি আশা ব্যক্ত কৰে কবি নীলিম কুমাৰে ৷ ইফালে ৰাজ্যত লেখকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবেই পাঠকৰ সংখ্যা হ্ৰাস পোৱা বুলি মন্তব্য নীলিম কুমাৰৰ ৷

অৱশ্যে লেখকৰ সংখ্যা বাঢ়িছে যদিও কাব্যবোধ বা সাহিত্যৰ বোধ নোহোৱাৰ বাবেই বহুতেই কি লিখিব লাগে তাকেই নাজানে বুলিও প্ৰকাশ কৰে বিশিষ্ট কবিগৰাকীয়ে ৷ এই বোধৰ জন্ম হ'লেই পাঠকৰ সংখ্যাও বৃদ্ধি পাব বুলি মন্তব্য নীলিম কুমাৰৰ ৷ সাহিত্যক সময়ৰ সাক্ষী বুলি উল্লেখ কৰি সাহিত্যৰ জৰিয়তে সময়ক ধৰি ৰাখিব লাগিব বুলিও তেওঁ মনৰ ভাব প্ৰকাশ কৰে ৷ এজন লিখকৰ লেখাত মানুহৰ সমাজ, সময় আৰু জীৱনচৰ্যা প্ৰতিফলিত হ’ব লাগিব বুলিও তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক: Asam Sahitya Sabha executive meeting : অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.