ETV Bharat / state

ফণীধৰ তালুকদাৰক বিজয়ী কৰিবলৈ উঠি পৰি লাগিছে বিজেপি-অগপ

author img

By

Published : Oct 17, 2021, 8:17 PM IST

ফণীধৰ তালুকদাৰক বিজয়ী কৰিবলৈ উঠিপৰি লাগিছে বিজেপি অগপ
ফণীধৰ তালুকদাৰক বিজয়ী কৰিবলৈ উঠিপৰি লাগিছে বিজেপি অগপ

৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ৷ প্ৰতিটো দলৰ প্ৰাৰ্থীয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷ ফণীধৰ তালুকদাৰক জয়ী কৰাবলৈ সন্মিলীতভাৱে যুঁঁজত নামিছে অগপ-বিজেপি ৷

পাঠশালা, 17 অক্টোবৰ : ৪১ নং ভবানীপুৰ বিধানসভা সমষ্টিত এতিয়া নিৰ্বাচনৰ বতাহ বলিছে । ৩০ অক্টোবৰত হ’ব লগীয়া উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ জয়লাভৰ বাবে ঘনে ঘনে বহিছে অগপ-বিজেপিৰ বৈঠক ।

দেওবাৰে ভবানীপুৰৰ অগপ কাৰ্যালয়ত ভবানীপুৰ সমষ্টি সমিতিৰ সভাপতি ড৹ মনোৰঞ্জন দাসৰ সভাপতিত্বত হোৱা বৈঠকত অগপৰ জেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে বিজেপিক জয়ী কৰোৱাৰ বাবে কৰ্মীসকলক দেহেকেহে লাগিবৰ বাবে নিৰ্দেশ দিয়ে ।

ফণীধৰ তালুকদাৰক বিজয়ী কৰিবলৈ উঠিপৰি লাগিছে বিজেপি অগপ

লগতে তেওঁ কয় যে, জালুকবাৰৰীৰ পৰা ধুবুৰীলৈ তেওঁ একমাত্ৰ অগপ বিধায়ক হৈ আছে যদিও অগপৰ স্থিতি নামনি অসমত শক্তিশালী । আনহাতে নামনি অসমৰ মানুহে চেলেং, ৰিহা আদিৰ বিষয়ে নাজানে বুলি কোৱা কথাটো এচামে অনাহকত বিতৰ্ক কৰা বুলি কয় ফণীভূষণ চৌধুৰীয়ে ।

আনহাতে বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাই বৈঠকত উপস্থিত থাকি কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । অগপ বিজেপি ভাই ভাই বুলিও কয় তেওঁ । ফণীধৰ তালুকদাৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে, ফণীধৰ তালুকদাৰৰ নিজা ভোট থকাৰ বাবে সমষ্টটোত বিজেপিয়ে ৯০ হাজাৰ ভোট পাব ।

ফণীধৰ তালুকদাৰক বিজয়ী কৰিবলৈ উঠি পৰি লাগিছে বিজেপি-অগপ

লগতে পঢ়কঃ আলফাৰে শান্তি আলোচনা : পৰেশ বৰুৱাৰ অপেক্ষাত আৰু কিমান দিন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.