ETV Bharat / state

ছাত্ৰ-ছাত্ৰীৰ বিলৈ: গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত অংগনৱাড়ী কেন্দ্ৰ

author img

By

Published : Jun 11, 2022, 9:35 PM IST

ছাত্ৰ-ছাত্ৰীৰ বিলৈ : গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত অংগনৱাড়ী কেন্দ্ৰ
ছাত্ৰ-ছাত্ৰীৰ বিলৈ : গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত অংগনৱাড়ী কেন্দ্ৰ

অংগনৱাড়ী কৰ্মীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ (Anganwadi workers accused of corruption) ৷ অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মীয়ে শিক্ষাৰ্থীৰ নামত অহা খাদ্য সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকে ৷

জনিয়া, 11 জুন : অংগনৱাড়ী কেন্দ্ৰত ওলমিল বিয়াগোম তলা ৷ ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে গৰু-ছাগলীৰ পথাৰলৈ পৰিণত হৈছে অংগনৱাড়ী কেন্দ্ৰ (Anganwadi centre turned into grazing field) ৷ বৰপেটা জিলাৰ সাওৰাচৰা গাঁৱৰ 124 নং অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী মাজেদা খাতুনৰ বিৰুদ্ধে ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে (Anganwadi workers accused of corruption) ৷ বছৰটোৰ প্ৰায় 90 শতাংশ দিনেই বন্ধ হৈ থাকে সমাজ কল্যাণ বিভাগৰ অধীনত থকা অঙ্গনৱাড়ী কেন্দ্ৰটো ( Social Welfare Department) ৷

ছাত্ৰ-ছাত্ৰীৰ বিলৈ: গৰু ছাগলীৰ চৰণীয়া পথাৰলৈ পৰিণত অংগনৱাড়ী কেন্দ্ৰ

উল্লেখ্য যে দীৰ্ঘদিন ধৰি অংগনবাড়ী কেন্দ্ৰটোত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা নাই ৷ যাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেক দিনাই কেন্দ্ৰটোলৈ আহে যদিও ঘৰলৈ ঘূৰি যাব লগীয়া হয় ৷ ইফালে অংগনৱাড়ী কৰ্মী মাজেদা খাতুনে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে খাদ্যৰ ব্যৱস্থা কৰাটো দূৰৰেই কথা, শিক্ষাৰ্থীৰ বাবে অহা খাদ্য সামগ্ৰীসমূহো বিতৰণ নকৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকে ৷ ইয়াৰ পূৰ্বেও কেবাবাৰো সমাজ কল্যাণ বিভাগৰ উৰ্ধ্বতম কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰিছিল যদিও বিভাগটোৱে কাণসাৰ নিদিলে বুলি অভিযোগ কৰে স্থানীয় ৰাইজে ৷

অভিভাৱকসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে অংগনৱাড়ী কেন্দ্ৰটোত প্ৰত্যেক দিনাই তলা ওলমাই ৰখা হয় ৷ ফলত উপায়ন্তৰ হৈ ক্ষোভিত ৰাইজে অংগনৱাড়ী কৰ্মী মাজেদা খাতুনৰ বিৰুদ্ধে উৰ্ধ্বতন কৰ্তৃপক্ষক অচিৰেই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

লগতে চাওক : কলগাছিয়াৰ বেছিমাৰীত উল্টা খান্দা নদীত ব্যাপক গৰাখহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.